পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সময়ত কোল্ড ক্ৰীমৰ কথা মনত পেলাই খিলখিলকৈ হাঁহিছিলো। এদিন হাঁহি ৰখাবলৈ যাওঁতে মায়াৰ মুখৰ পৰা ফোৱাৰাৰ দৰে ড্ৰিংক ছিটিকি আহি মেনেজাৰৰ টেবুলৰ ফাইল, কাগজ-পত্ৰ তিয়াই পেলোৱাত মেনেজাৰজনে নাকী সুৰত কৈছিল— ‘তোঁমালোকৰ ব্যৱহাৰ পাতি সঁকলো ভাল, কেৱল পাঁনী খাবৰ সময়ত হাহাঁ।’ তেওঁতো গম নাপালে যে অঁকৰাই বাৰে বাৰে হাঁহে নিজৰ অঁকৰামিলৈ মনত পেলাই।


অভিজ্ঞতা বুটলিলো

আন এটা মজাৰ কথা কোৱা যাওক। হঠাতে এদিন শুনিলো মুছলিম ছাত্ৰাবাসৰ ল’ৰা এজনক পৰীয়ে টানি লৈ গ’ল। পৰীসকল সুন্দৰী, ল’ৰাজনো সুন্দৰ। তাই আহিলে ‘নিলে নিলে’ বুলি ল’ৰাজনে পৰিত্ৰাহি চিঞৰ মাৰে। নোযোৱাকৈ থাকিবও নোৱাৰে। কলেজত হুলস্থুলীয়া পৰিবেশ। তেওঁৰ ৰুমমেটজন ভয়তে আন এটা কোঠালৈ যোৱাৰ পাছত পাৱাল সাহসী ল’ৰা এজন সেই কোঠাটোলৈ আহিল। পৰীজনীক নিজ চকুৰে চোৱাৰ মন তেওঁৰ। পিছে গাৰুত মূৰটো থোৱাৰ লগে লগে নাক বজাই দুৰ্ঘোৰ টোপনিত লালকাল হয় এওঁ। সিফালে পৰীয়ে আনজনক টানি লৈ যায়। মৌলবীয়ে পৰীক্ষা কৰি ক’লে ল’ৰাজনক জিনে লম্ভিছে। জৰা-ফুকাও কৰিলে। বহু বছৰৰ মূৰত শুনিলো পৰীৰ দেশ স্কটলেণ্ড পালেগৈ তেওঁ। পৰীজনীয়ে তালৈ লৈ গ’ল হ’বলা।

 কলেজ জীৱনৰ প্ৰথম দুবছৰ আমি ছাত্ৰীসকলে ছাৰ নহালৈকে শ্ৰেণী কোঠাৰ দুৱাৰমুখত থিয় হৈ থাকিছিলো আৰু ক্লাছ শেষ হোৱাৰ পাছত আমি ওলাই যোৱাৰ পিছতহে ছাৰ গৈছিল। ল’ৰাৰ লগত পঢ়িলেও ল’ৰাৰ লগত কথা কোৱা নিয়ম নাছিল। বহিছিলো আছুতীয়াকৈ ৰখা বেঞ্চত। ফিজিক্স, কেমেষ্ট্ৰি ক্লাছৰ গেলেৰীৰ প্ৰথম শাৰীটো আছিল ছাত্ৰীসকলৰ বাবে ৰিজাৰ্ভ কৰা। সৌ সিদিনা সম্পৰ্কীয় নাতিনী এজনীয়ে মোৰ এই কথাবোৰ শুনি হাঁহি মৰিছে। এতিয়া হেনো সিহঁতে একেলগে বহে, কথা পাতে, আড্ডা মাৰে। আচুতীয়াকৰণ নীতি নাই।

 সচৰাচৰ ভবা বা কোৱাৰ দৰে Old is gold বাক্যশাৰীত মই বিশ্বাসী নহওঁ। আগৰ ৰক্ষণশীল সমাজখনৰ অনেকৰ মনবোৰ আছিল অত্যন্ত ঠেক। এওঁলোক স্ত্ৰী-পুৰুষৰ মাজৰ এটা মাথোঁ সম্পৰ্কৰ বিষয়েহে অৱগত আছিল। আজিৰ মানুহৰ মনবোৰ তুলনামূলকভাৱে বহল হৈছে, যুক্তিবাদী হৈছে। ছাত্ৰ জীৱনত এই বিষয়ে বহু তিতা-কেঁহা অভিজ্ঞতা বুটলিছো। কথা এষাৰ আছে— ‘তিলকে তাল কৰা’ নাইবা বাংলাভাষাত ‘যা ৰটে তাৰ কিছুটা বটে’ অৰ্থাৎ ৰটনাৰ কেন্দ্ৰ বিন্দুত অলপ হ’লেও সত্যতা থাকি যায়। এই দুয়োটা প্ৰবাদ বাক্য যে ভিত্তিহীন হ’ব পাৰে, বৌদ্ধিক দিশৰ পৰা অসমৰ প্ৰাণকেন্দ্ৰ কটন কলেজত সোমোৱাৰ পাছত মৰ্মে মৰ্মে উপলব্ধি কৰিছিলো। ছাত্ৰীৰ সান্নিধ্য বিচাৰি বঞ্চিত হোৱা কিছুমান ছাত্ৰ ইমানে বিকৃতমনা আৰু প্ৰতিহিংসা পৰায়ণ আছিল যে অন্যায়ভাৱে তেওঁলোকৰ নামত মিছা অপবাদ ৰটনা কৰি চৰিত্ৰ হনন কৰাই নহয়, ওপৰ মহলত সেইসকল ছাত্ৰীৰ বিৰুদ্ধে

১১৬/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি