সমললৈ যাওক

পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘৰৰ কামতো শূন্য, পূজা-পাতলো নকৰে। অৱশ্যে ধুবুৰীত আমাৰ প্ৰতিবেশী ভূপেন দত্ত, উপেন দত্তৰ দৰে প্ৰগতিশীল বঙালী পৰিয়ালৰ সৈতেও মাৰ সৌহাৰ্দ্য আছিল। আন এটা প্ৰধান কাৰণ আছিল একে সম্প্ৰদায়ভুক্ত নোহোৱাটো। সেই সময়ত শুচিব্ৰতা ৰায়চৌধুৰী বাইদেউ ধুবুৰীত মেজিষ্ট্ৰেট হৈ আছিল। তেও মাক ক’লে অমলেন্দু গুহ বঙালী পৰিয়ালত উপজিলেও তেওঁ অসমীয়া। ইফালে লক্ষীমপুৰত ভিনিহিদেউৰ এগৰাকী সাহিত্যিক বন্ধুৱে অমলেন্দু সম্পৰ্কে দিলে এখন দীঘলীয়া চাৰ্টিফিকেট। মাৰ মনটো অলপ কুমলিল যদিও পাত্ৰগৰাকীৰ জাতটো বা কি? বানেশ্বৰ জেঠাই বঙালী সমাজখনৰ বিষয়ে ভালদৰে জানে। তেওঁ মাৰ মনৰ খু-দুৱনিৰ বতৰা পাই জনালে যে ঘোষ-বোস-গুহ-মিত্ৰ এই চাৰি শ্ৰেণী হ’ল কুলীন অৰ্থাৎ উত্তম কুলীয়া কায়স্থ। ইয়াৰ পাছত কোনোবাই ৰিপোৰ্ট দিলে যে অমলেন্দু গুহ ঘোৰ নাস্তিক, গতিকে গোসাইঘৰত দিনটো পৰি থাকিব নালাগে। তদুপৰি তেওঁলোকৰ বোৱাৰীসকলে দিনে-নিশাই ৰান্ধনী ঘৰত কাম কৰি নাথাকে। যথেষ্ট মডাৰ্ন।

 অৱশেষত মাৰ পৰা গ্ৰীন চিগনেল পোৱা গ’ল। স্কুলত এদিন মনুদিয়ে কৈছিল— ‘বাছা, বিয়া যেতিয়া কৰাবলৈ ওলাইছা, ৰান্ধনী ঘৰত সোমাবই লাগিব। বেঙেনাৰ দৰে পাচলিয়ে তুমি সিজাব নোৱাৰা, গতিকে তোমাৰ কপালত আছে অশেষ দুখ।’ মনুদি ৰন্ধন পটিয়সী। এদিন তেওঁৰ ঘৰত লুচিৰ সৈতে বেঙেনাৰ অতি সু-স্বাদু এবিধ আঞ্জা খাই ৰেছিপিটো লিখি ঘৰত ৰান্ধিছিলো। সু-স্বাদু দূৰৈৰ কথা বেঙেনা নিসিজিল। গতিকে মনুদিৰ চিন্তা হোৱা স্বাভাৱিক।

 বিয়াৰ আগে আগে ঘৰে ঘৰে নিমন্ত্ৰণ খাই ফুৰিছিলো। এদিন মাতিলে শ্যেলীদিয়ে। সহকৰ্মী বান্ধৱী সুৰমা নাৰায়ণৰো বিয়াৰ ঠিক হৈছিল, তেৱোঁ ৰন্ধা-বঢ়া বৰকৈ নাজানিছিল। শ্যেলীদিৰ স্বামী বলাই বাবু ভোজন ৰসিকেই নহয়, উৎকৃষ্ট ৰন্ধনতো সমানে পাৰদৰ্শী। সুৰমাকে মোকে খোৱা-cum-ৰন্ধন প্ৰশিক্ষণৰ বাবে মাতিলে এদিন। আমি দুয়ো ৰাতিপুৱাতে গ’লো তেওঁলোকৰ পাকঘৰলৈ। বলাই বাবু প্ৰধান শিক্ষক, শ্যেলীদি সহকাৰী। বাপ্‌ৰে, কি আয়োজন! কি কঠোৰ প্ৰশিক্ষণ। তেতিয়াৰ দিনত খৰিৰ চৌকাত ৰন্ধা-বঢ়া কৰিব লাগিছিল। ৰন্ধনত বলাই বাবুৰ দক্ষতা দেখি অবাক হৈছিলো। প্ৰতিখন আঞ্জা মনোযোগ দি ৰান্ধিছিল। তেওঁ শিকোৱা এটা কথা আজিও মোৰ ৰান্ধোতে মনত পৰে। পিহি লোৱা মছলাখিনি ভালকৈ ভজাৰ পাছতহে পাচলিখিনি ভালদৰে সেই মছলাত ভাজি লৈ তাৰ পিছত পানী দি ঢাকোন মাৰি থ’ব লাগে। মছলা ভজাৰো কি কায়দা! অলপপৰ ভজাৰ পাছত যেতিয়া মছলাখিনি শুকান হৈ আহিবলৈ ধৰে তেতিয়া হাতত অলপ পানী লৈ মছলাত মাৰি পঠাব লাগে। পানীখিনি মছলাত মাৰি পঠাবৰ সময়ত বলাই বাবুই চিঞৰি চিঞৰি কৈছিল— ‘এইবাৰ মাৰো জলেৰ ঝাপ্‌টা’। অৰ্থাৎ বেছিকৈ নহয় ‘ঝাপ্‌টা’ (জোৰে ছটিওৱা) মাৰা অলপ পানীৰ। বলাই বাবুৰ পৰা পোৱা সকলো শিক্ষা পাহৰিলেও ‘মাৰো জলেৰ ঝাপটা’ পাহৰা নাই।

 সেয়েহে ভাবো একে ধৰণেৰে ৰান্ধিলেও সকলোৰে আঞ্জাত একে জুতি পোৱা নাযায় কিয়? ৰন্ধনো এক মহৎ শিল্প। হাতৰ লাচতে সুদক্ষ গৃহিণীয়ে সাধাৰণ পাচলিৰে অসাধাৰণ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৪৫