পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰাজয়ৰ পাছত যুক্তি দেখুওৱা হয় যে হিমালয়ৰ দুৰ্গম অঞ্চললৈ গধুৰ কামান নিয়া সম্ভৱ নহয়। প্ৰত্যুত্তৰত সমৰ বিশেষজ্ঞ নীৰদ চৌধুৰীয়ে কয় প্ৰথম মহাযুদ্ধৰ সময়ত জাৰ্মানসকলে গধুৰ কামান আল্পছ পৰ্বতৰ ওপৰেদি পাৰ কৰি নিছিল। তাৰো এশ বছৰ আগতে নেপোলিয়নে একে কাম কৰিছিল। হানিবলে হাতীত উঠি পাৰ হৈছিল আল্পছ। যুদ্ধত ভৌগোলিক বাধা দূৰতিক্ৰম্য হ’লেও অনতিক্ৰম্য নহয়, নীৰদ চৌধুৰীৰ মতে।

 ১৯৬৩ চনত চীন-ভাৰত বিৰোধক লৈ বাৰ্ট্ৰাণ্ড ৰাছেলে লিখা Unarmed Victory নামৰ গ্ৰন্থখনৰ ওপৰত ভাৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল। বহু বছৰৰ মূৰত সেইখন কিতাপ পঢ়িও যুদ্ধৰ আঁৰত থকা বহু নজনা কথা জানিলো। শান্তিৰ দূত, যোৱা শতিকাৰ শ্ৰেষ্ঠ দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেল আছিল শান্তিকামী ভাৰতৰ এগৰাকী প্ৰকৃত বন্ধু। কমিউনিষ্ট চীনৰ বহু নীতিৰ সৈতে তেওঁ একমত নাছিল। যুদ্ধ বন্ধ কৰিবলৈ তেওঁ নেহৰু আৰু চীনৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী চৌ-এন-লাইলৈ লিখা চিঠিবোৰ, চীন-ভাৰত বিৰোধ নিষ্পত্তি কৰিবলৈ বিশ্বৰ শান্তিকামী নেতাসকললৈ আবেদন কৰা চিঠিবোৰ কিতাপখনত সন্নিৱিষ্ট কৰা হৈছে। প্ৰকৃত তথ্যৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ ৰাছেলে জনোৱা আহ্বান ছপাবলৈ অনিচ্ছুক কমিউনিষ্টবিৰোধী ব্ৰিটিছ প্ৰেছৰ ওপৰত বিৰক্ত হৈ তেওঁ ৱেলছৰ প্ৰেছলৈ এটা বিবৃতি পঠায়। তাত ছপা হোৱা বিবৃতিটোৰ কিয়দংশ তলত অনুবাদ কৰি দিয়া হ’ল— ‘...যেতিয়া চীন-ভাৰত সীমাবিৰোধৰ সূত্ৰপাত হয় ভাবিছিলো ভাৰতৰ কথা ঠিক, চীনহে আক্ৰমণকাৰী। যুদ্ধবিৰতিৰ বাবে নেহৰু আৰু চৌ-এন-লাইলৈ তাঁৰবাৰ্তা পঠালো। দুয়োপক্ষই নিজ নিজ মতামত জনাবলৈ নথি-পত্ৰৰে সৈতে মোৰ ওচৰলৈ আহে। সকলো চালিজাৰি চাই ধাৰণা হ’ল চীনৰ বক্তব্য অধিক যুক্তিপূৰ্ণ। চীনেই প্ৰথম আক্ৰমণকাৰী হয় নে নহয় মোৰ সন্দেহ উপজিবলৈ ধৰিলে। যুদ্ধবিৰতিৰ বাবে চেষ্টা চলাই থাকিলো। নেহৰুই প্ৰত্যাখ্যান কৰিলে, চৌ-এন-লায়ে মই বিচৰাতকৈ বেছিহে কৰিলে। ...যদি ভাৰতে যুদ্ধ চলাই যাব খোজে তেন্তে তাৰ একমাত্ৰ কাৰণ হ’ব ইজ্জত আৰু জাতীয় দম্ভ ৰক্ষা কৰা। যদি এই কাৰণেই যুদ্ধ চলাই যাব খোজে, তেন্তে ভাৰতে সকলো শান্তিকামী আৰু নিৰপেক্ষ মানুহৰ সন্মান হেৰুৱাব।

 অপ্ৰত্যাশিতভাৱে বিজয়ী চীনে যুদ্ধবিৰতি ঘোষণা কৰাত মুগ্ধ হৈ ৰাছেলে কৈছে— 'The Chinese had reached the southern slopes of the mountains and had Assam at their mercy. The difficult fighting in the passes was finished, and no powerful military obstacle existed to prevent a Chinese occupation of the Indian plains. I cannot think of any other instance in which a victorious army has halted in this way by its own government.' (Unarmed Victory, P-84)।

 অসমবাসীক ৰক্ষা কৰাৰ আঁৰত ৰাছেলৰ যে অৱদান আছিল জানি এইগৰাকী মনীষীৰ প্ৰতি শ্ৰদ্ধা বহুগুণে বাঢ়ি গৈছে। পিছে যুদ্ধং দেহি মনোবৃত্তিৰ বহু ভাৰতীয়ই তেওঁলৈ গৰিহণা দি চিঠি লিখিছিল। তাৰ পৰাও নমুনা হিচাপে চিঠি এখন তেওঁ কিতাপখনত

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৮৯