পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ মাৰ ওচৰলৈ। শুনি মা স্তম্ভিত। কেইদিনমান আগতে ইহঁতে দেউতাৰ গালি খাইছিল, তাৰ পিছত এই কাণ্ড ঘটালে। খুৰাক বুজাই কোৱা হ'ল যে গাঁৱৰ পৰা তেওঁক ইয়ালৈ অনা হৈছে পঢ়া-শুনা কৰিবলৈ, পৰিয়ালৰ নাম ডুবাবলৈ নহয়। যি কি নহওঁক, ফৰেষ্টাৰ বাবুৰ ওচৰলৈ গৈ ক্ষমা খোজোৱা হ'ল। কথাষাৰ দেউতাক মায়ে নজনালে।

 দেউতা আছিল সংস্কৃতিবান। অশালীন, অশ্লীল কথা-বতৰা কোৱাৰ বা অভদ্ৰ ব্যৱহাৰ কৰাৰ সাহস কাৰো নাছিল। এবাৰ আহিছিল দেউতাৰ সম্পৰ্কীয় ভাই নে ভতিজা এজন গাঁৱৰ পৰা পঢ়িবলৈ। তেওঁৰ মুখত ‘চালা’ শব্দটো শুনি দেউতাই তেওঁক বহী আৰু পেঞ্চিল এডাল দি এশবাৰ লিখিবলৈ কৈছিল অশ্লীল এই শব্দটো আৰু যেন কেতিয়াও উচ্চাৰণ নকৰে। বাধ্য হৈ তেওঁ লিখিলে যদিও আমাৰ ঘৰত বেছি দিন নাথাকিল। বহু বছৰ পিছত তেওঁ অনুতপ্ত হৈ হেনো কৈছিল যে নিজৰ ভুলৰ বাবে তেওঁৰ জীৱনত পঢ়া-শুনা নহ'ল। খেতি-বাতি কৰি গাঁৱতে থাকিল পৰিয়ালটো।


উৎসৱমুখৰ কোকৰাঝাৰ

শাল বননিৰ মাজত কোকৰাঝাৰ আছিল যেন এজনী ৰূপৱতী অপেশ্বৰী। উত্তৰলৈ গৰুভাসা, উল্টাপানী, হলটুগাঁৱলৈ বা ভূটান সীমান্তৰ ফালে গ’লে বাটৰ দুয়োকাষে থকা অটব্য অৰণ্যত গছে গছে জঁপিয়াই ফুৰা সোণালী বান্দৰৰ জাকবোৰ দেখিলে সিহঁতৰ লগত উমলিবলৈ মন গৈছিল। কি যে ধুনীয়া সিহঁত!

 উল্টাপানী নৈৰ স্বচ্ছ পানীত নিজৰ প্ৰতিবিম্ব দেখি অবাক হৈছিলো। ঠাইডোখৰৰ গছবোৰৰ উচ্চতাও আকাশচুম্বী। সেইবোৰ ঠাইলৈ ৰাতি আগমন ঘটিছিল হাতীৰ দলৰ। উল্টাপানী নৈৰ পাৰত থকা বন বিভাগৰ ওখ চাং বঙলাত নিঃশব্দে বহি থাকি অনেকে জোনাক নিশা হাতীৰ দলৰ উপস্থিতি উপভোগ কৰে। সিহঁতক আকৰ্ষণ কৰিবলৈ তলত ৰাখে লোণৰ বস্তা। আমেৰিকাৰ গ্ৰেণ্ড কেনিয়ন চাবলৈ গৈ মোৰ মনত পৰিছিল সৰুতে দেখা কোকৰাঝাৰৰ উত্তৰাঞ্চলৰ কথা। তাত অৱশ্যে হাতী নাই। বৰ্তমানে গছ-বন কাটি তহিলং কৰা বাবে কোকৰাঝাৰৰ উত্তৰ ভাগত আগৰ সৌন্দৰ্য, আগৰ সেই গাম্ভীৰ্য, এনেকি সোণালী বান্দৰবোৰকো বিচাৰি নেপাও। শুনিবলৈ নেপাও অটব্য অৰণ্যৰ নিজস্ব সংগীত। মন বিষাদেৰে উপচি পৰে। প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট হ’বলৈ ধৰা এইখন কোকৰাঝাৰকতো আমি নিবিচাৰো। কোনোবাই যদি পুৰণি কোকৰাঝাৰক আকৌ আনি দিলেহেঁতেন!

 এনেয়েই কোকৰাঝাৰ আছিল প্ৰাণোচ্ছল, কালীপূজা, দুৰ্গা পূজাৰ বতৰত যেন যৌৱনৰ পৰশ পাই কোকৰাঝাৰৰ উচ্ছলতা ওফন্দি উঠিছিল। চাৰিওফালে যেন আনন্দৰ নিজৰা নামি আহিছিল ধাৰাসাৰে। সেই সময়ত কলকাতা আৰু নামনি অসমৰ পৰা আহিছিল যাত্ৰাপাৰ্টিৰ দল। চীনদেশৰ চাৰ্কাচৰ দল আৰু স্থানীয় কুশান গানৰ দল। আৰু বহিছিল মেলা। মেলা বহিছিল ফাঁকুৱাৰ সময়তো। আমাৰ বালিকা কালত নাছিল ৰেডিঅ’, নাছিল চিনেমা, নাছিল আজিৰ যুগৰ ল'ৰা-ছোৱালীৰ দৰে বাহিৰা আকৰ্ষণ। গতিকে পূজাৰ সময়ছোৱাই আছিল

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৮১