পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহিছিলো। ড° মেহৰা আৰু নৰেন্দ্ৰ কুমাৰ নামৰ ছাৰ দুগৰাকীক ক্লাছত ভয় আৰু সমীহ দুয়োটাই কৰিছিলো যদিও ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ আহি তেওঁলোকক বন্ধু যেন লগা হ’ল। তেওঁলোকো আমাৰ আড্ডাৰ অংশীদাৰ হৈছিল। এদিন বহিল গানৰ আসৰ। ড° মেহৰাই গান গাব জানে বুলি শুনিছিলো। আমাৰ হেঁচাত গান গাবলৈ বাধ্য হ’ল। আমাৰ সহপাঠী ছোৱালী এজনী আছিল অসম্ভৱ ধুনীয়া। তাইলৈ চালে আমিয়ে চকু আঁতৰাব নোৱাৰো, পুৰুষে যে নোৱাৰিব তাত আচৰিত হ’বলগীয়া একো নাই। ছাৰে ছোৱালীজনীৰ মুখমণ্ডলত দৃষ্টি নিবদ্ধ কৰি সুৰীয়া মাতেৰে গাবলৈ আৰম্ভ কৰিছিল— তেৰি প্যাৰী প্যাৰী সুৰত কো কিচিকি নজৰ না লাগে...। ছোৱালীজনীয়ে অস্বস্তিবোধ কৰি মূৰ তল কৰি আছিল আৰু আমি বাকীসকলে দুয়োলৈ চাই চাই আমোদ পাইছিলো। মেহৰা ছাৰৰ পাছত আমি হেঁচি ধৰিলো নৰেন্দ্ৰ কুমাৰ ছাৰক। এইগৰাকী ছাৰৰ চেহেৰা আছিল লোদোৰ-পোদোৰ শিশু এটাৰ দৰে, আমি নাম দিছিলো গ্লেক্সো বেবি। বেবিয়ে বোধকৰো ভজন এটা গাইছিল।

 কামৰ মাজত এটা দেওবাৰ পাইছিলো। ছাৰহঁতে ক’লে— হেঁচা দি তেওঁলোকৰ গান শুনিলো, গতিকে বন্ধৰ দিনা আমি যেন লুচি আৰু আলুৰ দম ৰান্ধি খুৱাও। ক্ষেত্ৰ অধ্যয়নলৈ গ’লে প্ৰয়োজনীয় সকলো বস্তু লগত নিব লাগে। ষ্টোভ, কেৰাচিন, বাচন-বৰ্তন লগত আছিল। ল’ৰাকেইজন ওলাল আলু, ময়দা আদি আনিবলৈ। যাবৰ সময়ত সুভাষিনীয়ে কৈ দিলে ময়দা নহয়, ৰঙা আটা যেন আনে। তাইৰ দেউতাক স্বাস্থ্য বিভাগৰ ওপৰৱালা। ঘৰত ময়দাৰ প্ৰৱেশ নিষেধ, কাৰণ বস্তুটোত ফুড ভেল্যু নাই। অদৃষ্টৰ নিষ্ঠুৰ পৰিহাস, স্বাস্থ্য সচেতন সুভাষিনীৰ দেউতাকৰ অৱসৰ গ্ৰহণৰ কেইবাবছৰো আগতে হৃদপিণ্ড স্তব্ধ হৈছিল চিৰদিনলৈ। যি কি নহওক সিদিনা আমি আটা আৰু ময়দা মিহলাই লুচি বনালো। সকলোৰে ধাৰণা আছিল মই বিবাহিতা গতিকে ৰন্ধনপটিয়সী। পিছে তেওঁলোকৰ ধাৰণা যে ভুল আলুৰ দম খাই বুজি পাইছিল নিশ্চয়।

 আলমোৰাৰ পৰা বাছেৰে আহি ৰানীক্ষেতৰ হোটেলৰ পিছ বাৰাণ্ডাত থিয় হৈ লৰচৰ কৰিব পৰা নাছিলো। চকুৰ আগত এয়া কি দেখিছো? পূবৰ পৰা পশ্চিমলৈ প্ৰসাৰিত নয়নাভিৰাম এই চিত্ৰখন কোন শিল্পীয়ে বাৰু আঁকিছে? ৰূপোৱালী বৰফৰ কিৰীটিৰ আচ্ছাদন শিৰত লৈ ৰাজসিক ভংগীত থিয় দি আছে গিৰিৰাজ হিমালয়ৰ এলানি শৃংগ! মনৰ কেমেৰাত বন্দী কৰি অনা এই চিত্ৰখন আজিও অমলিন হৈ আছে। এই আকৰ্ষণেই বোধকৰো দেৱেন্দ্ৰ নাথ ঠাকুৰক দীৰ্ঘদিন ধৰি ইয়াত বান্ধি ৰাখিছিল। পিছে আমি এটা ঘণ্টাও কটাব নোৱাৰিলো। নিৰস কামত ওলাবলগীয়া হ’লো।

 আমাৰ ক্ষেত্ৰ অধ্যয়নৰ শেষ ঠাইখন আছিল নৈনিতাল। ডাঙৰ চহৰ, পৰ্যটকো বেছি। আলমোৰা বা ৰাণীক্ষেতৰ দৰে নৈনিতালৰ পাহাৰ ধ্যানমগ্ন যোগী নহয়। ইয়াত আমাৰ কৰিবলগীয়া বেছি কাম নাছিল। পৰ্যটকৰ দৃষ্টিৰে ঠাইখন চালো, বিৰাট সৰোবৰটোত বোটিং কৰিলো। আমি আলমোৰাত থাকোতেই বাতৰি আহিছিল ড° মেহৰা ৰীডাৰৰ পদলৈ উন্নীত হৈছে। ডিনাৰ খুৱাব লাগিব বুলি আবদাৰ ধৰাত তেওঁ মান্তি হ'ল। গধুলি চিনেমা এখন চাবলৈ সোমালো হলত। সুভাষিণী মোৰ কাষতে বহিছিল। বৰ কথকী তাই। চিনেমা

১৬৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি