পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পিন্ধা আৰু বিধবা হলে সেন্দূৰ মছা নিয়মটো মোৰ মনঃপুত নোহোৱা বাবে শুনিছো কিছুমানে মোক নিন্দা কৰে। নিন্দাৰ ভয়ত মোৰ মনৰ কথা প্ৰকাশ্যে ক’বলৈ ভয় কৰা বিধৰ মানুহ মই নহওঁ। সধবাৰ চিন এটাৰ প্ৰয়োজন হ’ল কিয়? মানুহে কয় যে মহিলাগৰাকী বিবাহিতা নে অবিবাহিতা জানিব পৰা যাব কেনেকৈ? জানিবৰ কিবা প্ৰয়োজন আছে নে? পুৰুষ এজনৰ Marital Status যদি জনাৰ প্ৰয়োজন নাই, তেন্তে এগৰাকী মহিলাৰ বাবে সেই Status জনাৰ প্ৰয়োজন কিয়? পৃথিৱীৰ আগশাৰীৰ দেশবোৰত এই চিনবোৰ নথকা বাবে কাৰোবাৰ কিবা অসুবিধা হৈছে নে? সেইবোৰ দেশক অনুকৰণ কৰি আমাৰ দীৰ্ঘদিনীয়া পৰম্পৰা বিসৰ্জন দিবলৈ কাকো কোৱা নাই যদিও সেন্দূৰৰ বিৰুদ্ধে থকা ধাৰণাটো মোৰ বহুদিনীয়া। আমাৰ আবু (পিতামহী) বিধবা হোৱা বাবে সেন্দূৰ নিপিন্ধিছিল, অথচ আতা (মাৰ পিতা) বিপত্নীক হোৱা সত্ত্বেও স্বাভাৱিক জীৱন-যাপন কৰা ব্যৱস্থাটোৱে বাল্যকালতে মোৰ মনক বিদ্ৰোহী কৰিছিল। তাৰ বহু বছৰ পাছত মোৰ গাভৰুকালত চৌচল্লিশ বছৰীয়া আমাৰ মাৰ বগা কপালখনত জিলিকি থকা সেন্দূৰৰ ফোটটো আৰু কিচকিচিয়া ক’লা চুলিৰ মাজত সেওঁতাত আঁকি থোৱা সেন্দূৰৰ ৰেখাডাল যিদিনা মচ খালে সিদিনাও মনত এটা জোকাৰণি অনুভৱ কৰিছিলো। তাৰ পিছত নিজৰ পৰিয়ালত, আত্মীয়-স্বজনৰ আৰু বন্ধু-বান্ধৱৰ পৰিয়ালৰ মাজত শিৰৰ সেন্দূৰ মচিবলগা অনেকক দেখিলো। সম্প্ৰতি মোৰ তেনেই গাভৰু ভাগিনীজনীৰ এই অৱস্থাই মোক ঘোৰতৰভাৱে সেন্দূৰ-বিদ্ৰোহী কৰি তুলিছে। নিজৰ পৰম্পৰা ৰক্ষা কৰা ভাল। পিছে যি পৰম্পৰাই লাভ নকৰি ক্ষতিহে কৰে সেইবোৰ, মই ভাবো বৰ্জনীয়। কিন্তু কোনোবাই ভাল পালে তেওঁলোকৰ সমালোচনাও নকৰো। নিজৰ বিবেকৰ কথাহে প্ৰকাশ কৰিলো।

 দাস পৰিয়ালত প্ৰজাপতিৰ গুণগুণনিৰ কথা লিখিছো। অগাপিছাকৈ হোৱা চাৰিজনী ছোৱালীৰ বিয়াৰ পাছত সৰু খুৰা-খুৰীৰ বৰজীয়ৰী বেবী (মঞ্জু)ৰ ফুলকুমলীয়া বয়সত বিয়া হৈছিল এজন ব্ৰাহ্মণ ল’ৰাৰ লগত। আমাৰ সেইগৰাকী ভনীজোঁৱাই ড° মনোজ চক্ৰৱৰ্তী আছিল গোৱালপাৰা কলেজৰ ইতিহাসৰ অধ্যাপক। কম বয়সতে স্বামীক হেৰুৱাই মনোজৰ মাক কিৰণবালা চক্ৰৱৰ্তীয়ে কঠোৰ বৈধব্য পালন কৰা আমি দেখিছো। তেৱোঁ যে ঊষাদিৰ দৰে মানসিক দিশৰ পৰা অতি আধুনিক আৰু প্ৰগতিশীল আছিল তাক জানিবলৈ সুযোগ পাইছিলো বেবীৰ বিয়াৰ সময়ত। ব্ৰাহ্মণ পুত্ৰই কলিতাৰ ছোৱালী বিয়া কৰাব খোজা কথাষাৰ সম্ভৱতঃ আজিও অনেক মাকে অন্তৰৰ পৰা মানি ল’ব নোৱাৰে। কিন্তু বায়ে (মনোজৰ মাকক আমি বাই বুলি মাতিছিলো) পঞ্চাশ বছৰ আগতেই দেখুৱাইছিল তেওঁৰ উদাৰতা, মনৰ প্ৰসাৰতা আৰু প্ৰগতিশীলতা। বেবীৰ বিয়াত তেওঁৰ উপস্থিতিয়ে তেওঁৰ প্ৰতি আমাক শ্ৰদ্ধাশীল কৰি তুলিছিল। তেওঁ মোক কৈছিল ঈশ্বৰৰ সৃষ্টি সকলো মানুহ একেই তেজ-মঙহৰ। মানুহৰ মাজত শ্ৰেণী বিভাগ কৰিছে মানুহে। ঈশ্বৰে নহয়। তেওঁৰ ছোৱালী এজনীৰো বিয়া হৈছে আমাৰ একে বংশৰ অমূল্য দাস খুৰাৰ লগত।

 জনসাধাৰণৰ বিশ্বাস তিৰোতা মানুহৰ মাজত অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু ৰক্ষণশীলতাৰ অধিক্য বেছি। পিতৃতান্ত্ৰিক সমাজৰ ৰীতি-নীতিৰ হেঁচাতে হয়তো তেওঁলোকৰ এই অৱস্থা।

১৪২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি