পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগত হায়ৈ-বিয়ৈ নকৰি নিজৰ দুখ নিজৰ মাজতে আৱদ্ধ ৰাখিছিল। তেতিয়াই শুনিছিলো অধ্যাপক গাদগিলৰ দেউতাকৰ মৃত্যুৰ পাছত শ্মশানৰ পৰা উভতি আহি যথাৰীতি তেওঁ কামলৈ গৈছিল ঠিক দহ বজাত, আন দিনবোৰৰ দৰে।

 পৰিসংখ্যাবিদ সুখাত্মে (উপাধি মনত আছে নামটো মনত পেলাব পৰা নাই) আমাৰ কাষৰটো বিল্ডিঙত আছিল, বোধকৰো ইউনাইটেড নেচনছৰ কামৰ ম্যাদ শেষ হোৱাৰ পাছত। এদিন স্থানীয় বাতৰি কাকতত তেওঁৰ মাতৃৰ মৃত্যু সংবাদটো পঢ়ি সুখাত্মেৰ প্ৰতিবেশী বিদ্যা পিত্ৰেৰ মাক স্তম্ভিত। দাঁতিৰ ঘৰটোত এটা মৃত্যু ঘটিল অথচ তেওঁলোকে ঘুণাক্ষৰে গম নাপালে। গম পালে পিছদিনা বাতৰি কাকত পঢ়ি। এনেকুৱা ‘হৃদয়হীন’ পৰিবেশত বিদ্যাৰ মাকৰ হেনো উশাহ চুটি হৈ আহে। তেওঁলোকৰ বিজাপুৰৰ মানুহৰ হৃদয়ত হেনো প্ৰাণ আছে। পুনেৰ মানুহৰ দৰে হৃদয়হীন, অনুভূতিহীন ৰবট নহয়। ময়ো আচৰিত নোহোৱা নহয়। মানুহগৰাকী ঢুকাল, কন্দা-কটা বাদেই, শটো যে কেতিয়া নিলে গম নাপালো। এওঁলোকে বোধকৰো ব্যক্তিগত লাভ-ক্ষতি ৰাজহুৱা নকৰে।

 এইবাৰ আহো অৰ্থনীতিবিদ প্ৰফেছাৰ ভি এম দাণ্ডেকাৰৰ পুতেকৰ বিয়াৰ প্ৰসংগলৈ। আমি পুনেলৈ যোৱা তেতিয়া কেইমাহমান হৈছে। এদিন দাণ্ডেকাৰে আমাক তেওঁলোকৰ ঘৰলৈ মাতিলে, পিছে সেইটো সপ্তাহত নহয়, পিছৰটোত। সেইটো সপ্তাহত পুতেকৰ বিয়া। ভাবিলো পিছৰটো সপ্তাহত প্ৰীতিভোজ। নিমন্ত্ৰণ পত্ৰৰ আশা কৰি কৰি ভাবিলো পাহৰি গৈছে দিবলৈ। মিচেছ দাণ্ডেকাৰ খ্যাতনামা পৰিসংখ্যাবিদ, ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউটত পি চি মহলানবিচৰ ছাত্ৰী আছিল। স্বামী-স্ত্ৰী দুয়ো নিজ নিজ কামত ব্যস্ত থকা বাবে নিমন্ত্ৰণী চিঠি বিলোৱাত বোধকৰো খেলি-মেলি লাগিছে, মনতে ভাবিলো। দুয়োটা পুতেকেই চোকা, আমেৰিকাৰ বিশ্ববিদ্যালয়ত এজনে চাকৰি কৰে, এজনে পঢ়ে। তেওঁলোকৰ ঘৰটো আমাৰ ৰান্ধনী ঘৰৰ পৰা দেখি থকা দূৰত্বত। মাজে মাজে সিফালে চাও বিয়াৰ ব্যস্ততাৰ উমান ল’বলৈ। নাই, কোনো ব্যস্ততা নাই। ৰভা নাইবা কলপুলি নাই, মানুহৰ সমাগম নাই। দৰাৰ মাক-দেউতাক দুয়োকে সময়মতে কামলৈ যোৱা দেখি নিশ্চিত হ’লো বিয়াখন ভাগিল। পিছৰটো সপ্তাহত দাণ্ডেকাৰে এওঁক মনত পেলাই দিলে তেওঁলোকৰ ঘৰলৈ যোৱাৰ কথা।

 বিয়াখন কিয় ভাগিল ক’ব বুলি আশা কৰি বহি আছিলো তেওঁলোকৰ ঘৰত। পিছে বিয়া হৈ যোৱা বুলি শুনি বাকৰুদ্ধ হৈ দুয়োলৈ চাই থাকিলো। প্ৰখৰ বুদ্ধিমান দাণ্ডেকাৰে মোৰ মনত উদয় হোৱা প্ৰশ্নসমূহৰ উমান পাই নিজে উত্তৰ দিলে। তেওঁলোকৰ মতে পৰম্পৰাগত বিয়াবোৰত যৌতুকৰ পৰা আৰম্ভ কৰি খোৱা-বোৱা আৰু আনুসংগিক অন্যান্য কাম-কাজত ইমান খৰচ হয় যে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালবোৰক জীয়েকক বিয়া দি সৰ্বস্বান্ত হোৱা দেখা যায়। এই পৰম্পৰা ভাঙিবলৈ হ'লে সমাজৰ আগশাৰীৰ ব্যক্তিয়ে উদাহৰণ দাঙি ধৰিব লাগিব। দ্বিতীয়তে নিষেধ কৰিলেও নিমন্ত্ৰিতসকল বিয়ালৈ আহে হাতত উপহাৰৰ টোপোলা এটা লৈ। তেওঁ যদি একাধিক বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া হয় তেনেহ’লে তেওঁৰ বাজেটতো টান পৰে।

 অধ্যাপক দাণ্ডেকাৰে স্বীকাৰ কৰিছে পৰম্পৰা ভঙাটো এটা দুৰূহ কাম। সেইবুলি বহি

১৯৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি