পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোৱা নাই। সৰুজনী টুলুৱেহে পঢ়িছিল স্কুলত। বুৰীদি আৰু বুলুই ঘৰতে অলপ পঢ়া-শুনা কৰিছিল, কিন্তু গৃহকৰ্মত আছিল সুনিপুণা। বুৰীদি বৰ ৰসিকো আছিল। আমাৰ ঘৰলৈ আহিলে অসূৰ্যস্পৰ্শা বাই-ভনী দুজনীয়ে কিন্তু পৰ্দাৰ ফাঁকেৰে গেৰেজত কাম কৰি থকা কলিকতীয়া ডেকাজনলৈ চাইছিল। বুৰীদিয়ে প্ৰেমপত্ৰখন পঢ়ি এটা উত্তৰ লিখিছিল। নাজানো তেওঁ নিজে লিখা নে ক'ৰবাৰ পৰা তুলি দিয়া। সেই উত্তৰ অৱশ্যে আমি কেতিয়াও পঠোৱা নাছিলো। বুৰীদিয়ে লিখাখন আছিল এনেধৰণৰ — ‘হাঁসিটুকু, কথাটুকু, নয়নেৰ দৃষ্টিটুকু যাহা পাস তাই ভাল, সমগ্ৰ মানুষ তুই পেতে চাস, এ কি দুঃসাহস তোৰ।’

 প্ৰায় চৈধ্য-পোন্ধৰ বছৰ পিছত মঞ্জুৰ লগত কলকাতাত মোৰ দেখা হৈছিল। তাই ক'লে, ধুনীয়া দুষ্ট সেই ল'ৰাজনে বিলাতৰ পৰা আহি তাইৰে কোনোবা আত্মীয়ক বিয়া কৰাইছে। মঞ্জুক হেনো আমাৰ সকলোৰে খা-খবৰ সুধিছিল, কলিযুগৰ কৃষ্ণ হ’ব খোজা ল’ৰাজনে যে বিলাতৰ পৰা মেম লৈ অহা নাই এইটোৱে আচৰিত।

 যাওক বাৰু এইবোৰ কথা। যোৰহাটত মই দুবছৰ আছিলো। কিন্তু এই কম সময়ৰ ভিতৰত দেৱেশ্বৰ শৰ্মা, দৰ্প শৰ্মা, গুঞ্জানন বৰুৱা প্ৰমুখ্যে কেইবাগৰাকী স্বনামধন্য ব্যক্তিক ওচৰৰ পৰা পাইছিলো। গুঞ্জানন বৰুৱাৰ কন্যা জ্যোৎস্না আমাৰ এক শ্ৰেণী তলত পঢ়িছিল। তেওঁলোকৰ ঘৰত প্ৰথম লগ পাইছিলো হৰেশ্বৰ গোস্বামীক। তেওঁ বৰুৱা পৰিয়ালৰ বৰজোঁৱাই। কৃষ্ণকান্ত সন্দিকৈৰ ডাঙৰ জীয়ৰী প্ৰমীলা বাইদেউ আছিল মোৰ ছিনিয়ৰ আৰু অহল্যা জুনিয়ৰ। তেওঁলোকৰ ঘৰলৈ মাজে মাজে গৈছিলো যদিও কৃষ্ণকান্ত সন্দিকৈৰ ওচৰলৈ যোৱাৰ সাহ নাছিল। বিজয়কৃষ্ণ সন্দিকৈ আছিল তেতিয়া স্কুলৰ তল শ্ৰেণীৰ ছাত্ৰ। তেওঁলোকৰ মাক আছিল বৰ সাদৰী আৰু সুন্দৰীও। মাক-জীয়েক তিনিওৰে গাৰ বৰণ ‘দুধে-আলতা’। কুলধৰ চলিহাৰ ঘৰলৈ মাজে-সময়ে গৈছিলো। তেওঁলোকৰ ডাঙৰ জীয়ৰী আৰতি বাইদেৱে এতিয়াও মোক যথেষ্ট মৰম কৰে। আমাৰ ঘৰৰ কাষতে আছিল খ্যাতনামা কবিৰাজ জগদীশ ভট্টাচাৰ্য। তেওঁ ধুবুৰীৰ প্ৰমথ নাথ চক্ৰৱৰ্তীৰ জীয়েকক বিয়া কৰোৱা বাবেই হ’বলা আমাৰ অতি ঘনিষ্ঠ হৈ পৰিছিল। প্ৰাক্তন শিক্ষামন্ত্ৰী, সমাজসেৱী তথা অধ্যাপিকা কমলকুমাৰী বৰুৱা বাইদেউ আমাৰ চুবুৰীয়া আছিল। তেওঁৰ ভনী দেৱীকাৰ সৈতে আমাৰ বন্ধুত্ব থকা হেতুকে তেওঁলোকৰ ঘৰলৈ প্ৰায়ে গৈছিলো। কমলকুমাৰী বাইদেউ তেতিয়া আছিল জে বি কলেজৰ অধ্যাপিকা। নৱম-দশম শ্ৰেণীত পঢ়া আমিসকলে তেওঁৰ কাষ চাপিবলৈ ভয় কৰিছিলো। আজিও অশীতিপৰ বাইদেউ দেখাত ধুনীয়া হৈ আছে, তেওঁ গাভৰু কালত কি যে সুন্দৰী আছিল! প্ৰতিভা আৰু সৌন্দৰ্যৰ মহামিলন ঘটিছে বাইদেউৰ মাজত।

 আমাৰ ঘৰৰ আগফালে ঘাইপথৰ সিটো পাৰে দাস কোম্পানীৰ মালিকহঁতৰ ঘৰলৈ মাজে মাজে বুৰীদিহঁতৰ লগত গৈছিলো। তেওঁলোকৰ ঘৰৰ মানুহবোৰৰ ঘৰত মতা নামবোৰ আছিল হাঁহি উঠা। চাৰিজন ভাই-ককাইৰ নাম ডাঙৰৰ পৰা সৰুলৈ যথাক্ৰমে দুষ্ট, পাজি, দুৰো, চঞ্চল। বায়েক-ভনীয়েকৰ নাম ভুতুনী-চুতুনী ধৰণৰ কিবা আছিল। দেউতাকৰ নাম আছিল বোধকৰো হাবা।

 স্কুলতে নহয় বাহিৰা মঞ্চতো আমি গান গাইছিলো, নাটক কৰিছিলো। ‘আলিবাবা আৰু

৯৬/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি