পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 উল্লেখ কৰিছোৱেই, পুতলা খেলিবলৈ বৰ ভাল পাইছিলো। তেতিয়াৰ দিনত সকলো ছোৱালীয়ে পুতলা খেলিছিল। ফটা কানিৰে তৈয়াৰ কৰা পুতলাৰ সংসাৰখন আছিল ডাঙৰ। স্বামী-স্ত্ৰী, ল’ৰা-ছোৱালী, আতা-আবু, খুৰা-খুৰী আৰু বহুতো। ডাঙৰ ডাঙৰ কাগজৰ বাকচ আৰু পুৰণি চুটকেচত পুতলাসকলে ঘৰ-গৃহস্থালী চম্ভালিছিল। ইংলেণ্ডত তৈয়াৰী ধুনীয়া ধুনীয়া পুতলাও আমাৰ আছিল, পিছে সেইবোৰক আমি কাঁচৰ আলমাৰীত সজাই থৈছিলো। চাহাবী পুতলা বাবে সিহঁতক কোৱা হৈছিল ডল পুতলা। ফটা কানিৰ পুতলাবোৰক কেন্দ্ৰ কৰিয়ে আমাৰ জীৱন অতিবাহিত হৈছিল। আমাৰ পুতলাবোৰৰ অলংকাৰ গঢ়ি দিছিল কোহিনুৰ মাহীয়ে, কাপোৰো চিলাই দিছিল তেওঁ, দিয়াচলাইৰে সাজি দিছিল ফাৰ্নিচাৰ।

 পুতলাৰ বিয়াও হৈছিল ধুমধামকৈ। এবাৰ বাইদেউৰ পুতলা দৰাৰ স’তে বিয়া হ'ল পেহীদেউৰ জীয়েক পাৰুল বাইদেউৰ পুতলা জীয়েকৰ। সেই কেইদিন কোহিনুৰ মাহীৰ উশাহ পেলাবৰ সময় নাই। কইনাৰ বাবে চুমকি খটোৱা কাপোৰ, মণিৰ অলংকাৰ, দিয়াচলাই আৰু কাগজৰ বাকচৰে সজা ফাৰ্নিচাৰ আৰু ক’ত কি যে মাহীয়ে তৈয়াৰ কৰিছিল। দৰাই কইনা ঘৰলৈ যাব পৰাকৈ সাহায্যকাৰী ল’ৰাকেইটাই ঘৰৰ কাঠৰ বাকচ এটাত কাঠৰ চকা লগাই ধুনীয়া গাড়ী এখন সাজিছিল।

 আমাৰ এজনী সম্পৰ্কীয় বাইদেউৰ চৈধ্য বছৰতে বিয়া হৈ কোকৰাঝাৰলৈ আহিছিল। পুতলাখেলৰ নিচা তেওঁৰো আছিল। পিছে বয়স যিমানেই কম নহওঁক বিয়া হোৱা তিৰোতা। বাইদেউ, পাৰুল বাইদেউৰ পুতলা জীয়েকৰ বিয়াত অংশগ্ৰহণ কৰাৰ ইচ্ছা ইমানে প্ৰবল হ’ল যে তেওঁ প্ৰস্তাৱ দিলে ভিনিহিয়ে ভাতপানী খাই অফিচলৈ গ'লে বিয়াখন তাতেই পাতিব। সেইমতে পাৰুলবায়ে তেওঁৰ জীয়েক আৰু সকলো সা-সামগ্ৰী লৈ সিগৰাকী বাৰ ঘৰলৈ গ'ল। আমাৰ বান্ধৱীসকলৰ ভিতৰৰ আধা হ’ল কন্যাপক্ষৰ আধা দৰাপক্ষৰ।

 সুসজ্জিত গাড়ীখনত দৰাক তুলি দি আমি বাজনা বজাই গ'লো কইনাঘৰলৈ। বায়ে কলপুলি পুতি থৈছিল। দৰা আদৰাৰ পিছত বিয়া হ’ল। বাৰ চুবুৰীয়া এগৰাকী কমবয়সীয়া তিৰোতাই বিয়াত পৌৰোহিত্য কৰিলে। তেওঁলোকে লুচি, ভাজি, চুজি বনাই থৈছিল। বিয়াৰ পিছত আমি খোৱা-বোৱা কৰিলো। কইনা যাবৰ হ’ল। কন্দা—কটা লাগিল। কোহিনুৰ মাহীয়ে সাজি দিয়া সকলো ফাৰ্নিচাৰ দৰাৰ মাকে হস্তগত কৰা দেখি কইনাৰ মাক পাৰুল বায়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। অৱশেষত তেওঁ থাপমাৰি পুতলাহেন বাকচটো গাড়ীৰ পৰা নমালে। দৰাৰ মাক আৰু কইনাৰ মাকৰ মাজত বাকচটো লৈ টনা-আজেৰা লাগিল। কইনাৰ মাকে গাৰ জোৰেৰে বাকচটো খামোচ মাৰি ধৰি ক’বলৈ ধৰিলে—‘বাকচটো নো কিয় দিম?’ বৰ্তমানে আশীৰ ওচৰা উচৰি পাৰুলবাক লগ পালে আমি কওঁ, ‘বাকচটো নো কিয় দিম?'

 পাৰুলবা পেহীৰ বৰজীয়ৰী, যৌথ পৰিয়ালটোৰ প্ৰথম নাতিনী। কেইবাজনো ককা-আইতা, খুৰা-খুৰীৰ কোলাৰ পৰা ননমা পাৰুল বা আছিল তেওঁলোকৰ বুকুৰ আমঠু। জাকৰুৱা ঘৰত ব্যঞ্জন সদায় জুতি-পুতি লগাকৈ ৰান্ধিব নোৱাৰি। খাদ্যৰসিক পেহা আৰু পাৰুলবাৰ বাবে বেলেগে অন্ততঃ দুখনমান আঞ্জা তেল চপচপীয়াকৈ ৰন্ধা হৈছিল। পাৰুলবায়ে

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৭৭