পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাচি বাচিহে পাচলি খাইছিল। পেহী আমাৰ ঘৰলৈ আহিলে আমাক যি দিয়ে তাকে খোৱা দেখি জীয়েকক মাৰ তত্ত্বাৱধানত থৈ গৈছিল কিছুদিনৰ বাবে, যেন সকলো খাদ্য খাবলৈ শিকে। হেজাৰ হওঁক কন্যা সন্তান, বিয়াৰ পিছত শহুৰেকৰ ঘৰত আবদাৰ নচলিব।

 এই পাৰুল বাইদেউৰ এদিন বিয়া হ'ল বৰপেটা নিবাসী হৰেকৃষ্ণ দাসৰ লগত। ভিনিহি আছিল শিক্ষক। বিয়াৰ পিছত কইনা মাকৰ ঘৰলৈ আহোতে ৰে'লত বৰপেটাৰ পৰা আহি কোকৰাঝাৰত নামিছিল। আমাৰ পদুলিমুখ পাই বাক চিঞৰি চিঞৰি কন্দা দেখি মোমায়েক অৰ্থাৎ আমাৰ দেউতাৰ হেনো বুকু কঁপি উঠিছিল। শহুৰেকৰ ঘৰখন পছন্দ নোহোৱা বুলি ভাবি। তাইৰ গায়ে-মূৰে হাত বুলাই কন্দাৰ কাৰণ কি সুধিছিল মৰমেৰে। মৰমৰ পৰশ পাই বাৰ কান্দোন দুগুণে চৰিল। পিছত জানিব পৰা গ'ল যে বৰপেটীয়া মানুহে ৰন্ধা আঞ্জা তেওঁৰ ভাল লগা নাছিল। ডাঙৰ ডাঙৰ কাৱৈ মাছবোৰেৰে ঘৰত ৰন্ধাৰ দৰে তেল-কাৱৈ নাৰান্ধি জুতিহীনকৈ ৰান্ধে। তাইৰ কন্দাৰ কাৰণ শুনি সকলোৱে সিদিনা গিৰ্জনি মাৰি হাঁহিলে। নিশ্চিন্তও হ’ল। ভিনিহি বৰ ভাল মানুহ আছিল। তেওঁৰ অকাল মৃত্যুৱে এমাডিমা চাৰিটা সন্তানেৰে স’তে পাৰুলবাক নিঠৰুৱা কৰি গলেও বাৰ ল’ৰা-ছোৱালী নাতি-নাতিনীবোৰে পৰৱৰ্তী জীৱনত তেওঁক সুখৰ মুখ দেখুৱাইছে।


মজাৰ ঘটনা

তেতিয়াৰ যুগত আজিৰ দৰে ঊল সহজলভ্য নাছিল। বিলাতৰ ঊল কোকৰাঝাৰৰ দৰে সৰু ঠাইত পোৱা নগৈছিল বাবে দেউতাই সমগ্ৰ চুবুৰীটোৰ বাবে কলকাতাৰ পৰা অৰ্ডাৰ দি অনাইছিল। সেই সময়ত আমাৰ ঘৰত থাকি স্কুলত পঢ়িছিল দেউতাৰ সম্পৰ্কীয় ভাই অজয় খুৰা। খুৰা মাৰে নহয় চুবুৰীটোৰে দেওৰ যেন আছিল। ঊলৰ পাৰ্চেল আহিলে মহিলাসকলৰ মাজত তেঁৱো উপস্থিত থাকি কাৰ কোনবিধ ঊল বাছি উলিয়াইছিল। এবাৰ এগৰাকী মহিলাই ঊলৰ লগত অহা ইংৰাজীত লিখা কাগজ এখন টানমাৰি পঢ়িবলৈ ধৰিলে, তাকো ওলোটাকৈ। খুৰাই এই দৃশ্য দেখি বৰ আমোদ পাই সুধিলে— ‘বৌ, কি পঢ়িছে?’ বৌয়ে উত্তৰ দিলে— ‘ঊলৰ বিষয়ে লিখিছে আক।’

 দুদিনমান পিছত খুৰাই তেওঁৰ ইংৰাজী কিতাপখন লৈ বৌহঁতৰ ঘৰ পালে। বৌৱে তেতিয়া ভাত ৰান্ধি আছিল।

 — বৌ, মোক এই লেছনটো অলপ বুজাই দিয়ক না। আমাৰ বৌৱে ইংৰাজী নজনা বাবে আপোনাৰ ওচৰলৈকে আহিলো। চুবুৰীটোত আপোনাৰ বাহিৰে ইংৰাজী জনা মহিলা নায়েই।

 —যা যা, এতিয়া যা, মোক বিৰক্ত নকৰিবি। ভাত ৰান্ধি আছো দেখা নাই? সিদিনা গ’ল যদিও প্ৰতিদিনে খুৰাই তেওঁক বিব্ৰত কৰিবলৈ গৈছিল। যাতনা সহিব নোৱাৰি কিছুদিনৰ বাবে তেওঁ বেমাৰ হোৱাৰ চেলু লৈ মাকৰ ঘৰলৈ গৈছিল। খুৰাৰ ইচ্ছা আছিল উভতি অহাৰ পিছত আকৌ যাব, পিছে মায়ে হাক দিলে।

৭৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি