পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৈছিলো পৰীক্ষা দিবলৈ। তেতিয়া এইবোৰ পিছে কষ্ট যেন নালাগিছিল। গেষ্ট হাউছত প্ৰতিসাজ আহাৰৰ লগত দিয়া বিৰাট আকাৰৰ মাছৰ টুকুৰাবোৰৰ কথা এতিয়াও মনত আছে। পৰীক্ষাৰ বাবে নাছিল কোনো টেনশ্যন বা ভীতি। পেট ভৰাই মাছৰ আঞ্জা-ভাত খাই ৰোকাখাতাৰ পৰা আকৌ চাইকেলত সদলবলে গৈছিলো বিলাসীপাৰাৰ পৰীক্ষাকেন্দ্ৰলৈ।

 পৰীক্ষা শেষ হোৱাৰ পিছত কোকৰাঝাৰলৈ উভতি আহি গম পালো আমাৰ একমাত্ৰ ছমহীয়া ভাইটিটো অসুস্থ হোৱা বাবে মোক দেউতাই ৰোকাখাতাত খুৱাই-শুৱাই ৰাতি পোন্ধৰ-ষোল্ল মাইল চাইকেলেৰে আহি কোকৰাঝাৰ পাইছিল। মোৰ লগত থৈ আহিছিল মাষ্টাৰবাবুক। সেই ৰাতিয়েই ভাইটিৰ চিকিৎসাৰ ব্যৱস্থা কৰি বেলি উঠাৰ আগতে দেউতা আহি উপস্থিত হৈছিল ৰোকাখাতাত। মোক চিন্তাত নেপেলাবলৈ এই ব্যৱস্থা কৰা হৈছিল। এইবোৰ কথা মনত পৰিলে হৃদয় আলোড়িত হয়, চকু হয় অশ্ৰুসিক্ত। পিতৃ-মাতৃৰ সমান মংগলাকাংক্ষী আপোনজন পৃথিৱীত নাই।

 এম ই পৰীক্ষাত অসম চৰকাৰৰ পাঁচটকীয়া বৃত্তি এটা পাইছিলো। এবছৰৰ ষাঠি টকাৰে বঙাইগাঁৱৰ চাপাগুৰি অঞ্চলত মাটি এডোখৰ কিনি দিছিল দেউতাই মোৰ নামত। সেই মাটিত এতিয়া নাৰ্ছিং হোম সাজিছে ডাক্তৰ এজনে। মাটি চোৱাচিতা কৰাৰ কোনো নথকা বাবে দেউতাৰ মৃত্যুৰ পিছত সেই মাটি বেচি দিয়া হৈছিল।

 ১৯৪২ চনত এম ই পাছ কৰাৰ পিছত মোৰ পঢ়া-শুনাক কেন্দ্ৰ কৰি আকৌ লাগিল হাহাকাৰ। দেশৰ পৰিস্থিতি অত্যন্ত জটিল। ইফালে বিশ্বযুদ্ধই চৰমসীমা পাইছে, পৃথিৱী ধ্বংসৰ মুখত। ভাৰতত বিয়াল্লিছৰ ভাৰত ছাড়ো আন্দোলনো তুংগত। এনে স্থলত মই যাও ক’লৈ? পঢ়ো ক’ত? দেউতাই সকলো আশা ধুলিস্যাৎ হোৱা যেন পালে। বাইদেউক ইতিমধ্যে স্কুল এৰুৱাই আনিবলৈ বাধ্য হৈছিল। দেউতাক চিন্তা কৰা দেখি দুই-একে কৈছিল ছোৱালী মানুহৰ বাবে ইমান দুশ্চিন্তা কিয়? বিয়া দিলেই লেঠা শেষ। দেউতাই হেনো কৈছিল তেওঁৰ দেউতাকে ঊনৈশ শতিকাতো পঢ়িবলৈ গৈছিল কলকাতালৈ আৰু তেওঁৰ ছোৱালীয়ে কুৰি শতিকাত ঘৰতে বহি ভাত ৰান্ধিবলৈ শিকিব নে? উপায় উলিয়াব লাগিব।

 উপায় ওলাল। Where there is a will there is a way. মোক কোকৰাঝাৰ ল’ৰাৰ হাইস্কুলত সপ্তম শ্ৰেণীত নাম লগাই দিলে। ডাঃ বজলুৰ ৰহমানৰ জীয়ৰী মোৰ সহপাঠী বান্ধৱী বদৰুন্নিছাও তাত ভৰ্তি হ’ল। ইয়াৰ আগতে কোনো ছোৱালীয়ে ল’ৰাৰ স্কুলত পঢ়া নাছিল। দেউতাই সেই যুগতে ইতিহাস ৰচিলে। প্ৰথম কেইদিনমান আমি দুয়ো ইমানবোৰ ল’ৰাৰ মাজত অস্বস্তিবোধ কৰিছিলো, যেন, হংসমধ্যে বক যথা। তদুপৰি শিক্ষকসকলো আছিল পুৰুষ।

 এইখন স্কুললৈ আহি পঢ়া-শুনাত মোৰ কিছু অধঃপতন ঘটিছিল। আবুৱে গধুলি আমাক সাধুকথা শুনাইছিল বুলি কৈছো। প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীটো শুনাৰ পিছত ময়ো প্ৰহ্লাদৰ দৰে ঈশ্বৰ বন্দনাত সময়বোৰ অতিবাহিত কৰিছিলো। কিতাপৰ ফালে চাই চাই ভগৱানৰ

নাম জপ কৰিছিলো আৰু মাজে মাজে মূৰটো দাঙি চাইছিলো নৃসিংহৰূপী ঈশ্বৰৰ আবিৰ্ভাৱ ঘটাৰ আশাত। তেৰাক দেখা নাপাই ভাবিছিলো মোৰ আৰাধনাত কিবা ত্ৰুটি হৈছে। গতিকে

৬২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি