পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ১৯৭৩ ৰ পৰা ১৯৯১ চনলৈ আমাৰ কলিকতাবাসৰ সময়ত ঘৰৰ কাষত জীয়েকৰ সৈতে আছিল বিদ্যুৎলতা নামৰ এগৰাকী কবি। হয়তো তেঁৱেই আছিল অসমকেশৰীৰ প্ৰাণত প্ৰেমৰ জোঁৱাৰ তোলা সেই নাৰী। সুধিবলৈ সাহ নহ'ল।


দুটা উল্লেখযোগ্য ঘটনা

আমি কটন কলেজ ইউনিয়ন ছ'চাইটিৰ সদস্য হৈ থকা কাৰ্যকালত দুটা অবিস্মৰণীয় ঘটনা ঘটিছিল। ১৯৫০ চনৰ ১৫ আগষ্টৰ দিনা সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা কঁপাই হৈছিল এক বিধ্বংসী ভূঁইকঁপ। যাৰ ফলত অসমৰ বহু ভৌগোলিক পৰিবৰ্তন হয়। প্ৰথম প্ৰধান খুন্দাটোৰ পাছত দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে যিবোৰ কঁপনি উঠিছিল তাৰ প্ৰতিটোৱে আছিল হৃদপিণ্ড স্তব্ধকাৰী। ভূঁইকঁপ ভীতি মোৰ মনত এনেকৈ শিপালে যে আজিও ৰাতি মই শুবলৈ যোৱাৰ আগতে বিছনাৰ পৰা দুৱাৰলৈকে যোৱা বাটটো মুকলি কৰি থওঁ যাতে কঁপনি উঠিলেই বিছনাৰ পৰা জাঁপ মাৰি নামি বাহিৰলৈ ওলাই যাব পাৰো।

 দ্বিতীয় ডাঙৰ ঘটনাটো আছিল ছাত্ৰ আন্দোলন। আমাৰ গৰমৰ বন্ধৰ ভিতৰত অসম চৰকাৰে কেইটামান সিদ্ধান্ত লৈছিল। (১) কলেজৰ মাচুল বৃদ্ধি, (২) ছাত্ৰাবাসবোৰতো মাহিলী দিবলগীয়া মাচুলৰ হাৰ বৃদ্ধি, (৩) কলা আৰু বিজ্ঞান দুয়োটা শাখাত আসনৰ সংখ্যা হ্ৰাস। আমাৰ মানত এই সিদ্ধান্ত আছিল অগণতান্ত্ৰিক আৰু শিক্ষা বিস্তাৰ নীতিৰ পৰিপন্থী। গতিকে ইয়াৰ বিৰোধিতা কৰাৰ প্ৰয়োজনবোধ কৰা হ’ল। মহেন্দ্ৰ বৰাৰ নেতৃত্বত এটা সঁজাতী দল তেতিয়াৰ ৰাজধানী শ্বিলঙলৈ গ’ল যদিও চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি নাপালো। ছাত্ৰ সমাজৰ একাংশই প্ৰস্তাৱ দাঙি ধৰিলে যে এই অন্যায় সিদ্ধান্ত তুলি নল’লে কটন কলেজৰ কাম-কাজ অচল কৰি দিয়া হ’ব। এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ গঠন কৰা হ’ল এখন সংগ্ৰাম পৰিষদ।

 ধৰ্মঘট আৰু শ্ৰেণীবৰ্জন কৰা হ’ল। প্ৰভাৱশালী ব্যক্তিসকলৰ হস্তক্ষেপ বিচাৰি আগবঢ়া হ’ল যদিও লাভ নহ’ল একো। চৰকাৰেও আন্দোলন দমাবলৈ হেঁচা প্ৰয়োগ কৰিলে৷ আমাৰ প্ৰতিযোগিতামূলক বৃত্তিবোৰ বন্ধ কৰিলে, ছাত্ৰাবাসবোৰৰ মেছ বন্ধ কৰিলে ইত্যাদি। তাৰ পিছত কলেজ বন্ধ কৰি দিলে অনিৰ্দিষ্ট কাললৈ। সংগ্ৰাম পৰিষদেও অনিৰ্দিষ্ট কাললৈ অনশন-ধৰ্মঘট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

 সেইমতে এদিন ত্ৰিশ-একত্ৰিশজনীয়া ছাত্ৰৰ দল এটাই কলেজৰ প্ৰশাসনীয় ভৱনৰ (বৰ্তমানে ঐতিহ্যপূৰ্ণ ভৱনটো ভাঙি সেই স্থানত কংক্ৰীটৰ বিল্ডিং সাজিছে) আগফালৰ বাৰাণ্ডাখনত আৰম্ভ কৰিলে অনশন ধৰ্মঘট। দলপতি মহেন্দ্ৰ বৰাৰ উপৰি অনশনকাৰীসকলৰ মাজত দুলাল খাওণ্ড, অৰুণ তামুলী, সদা শ‍ইকীয়া, চৈয়দ মেৰাজ হুছেইন, ৰোহিনী কাকতি আৰু ৰণেন বৰুৱাক মনত পৰিছে। ৰণেনক দেখি আমি হতভম্ব। তেওঁ আছিল ৰঙিয়াল স্বভাৱৰ। ব’টানী প্ৰেকটিকেল ক্লাছত ছাৰে আমাক কাম কৰিবলৈ দি ওলাই যোৱাৰ পিছত ৰণেনে ফুচুৰি কথা কৈ আৰু জনপ্ৰিয় হিন্দী গানবোৰ নিভাঁজ অসমীয়া আৰু কামৰূপীয়া

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১১১