পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা বাবে তাৰ গাত আঁচোৰ এটাও পৰা নাছিল হেনো। সিদিনাৰ সেই ল’ৰাটো অৰ্থাৎ আমাৰ পতুদাক (ৰোহিনী পাটগিৰী) বহু বছৰৰ মূৰত লগ পাই অতীতৰ স্মৃতি ৰোমন্থন কৰিছিলো।

 কুৰি শতিকাৰ আগভাগত কলকাতাত শিক্ষিত গোৱালপাৰাৰ দুই-এঘৰ অভিজাত পৰিয়ালত বিশুদ্ধ বাংলা ভাষাৰ প্ৰচলন আছিল। তাৰে এঘৰ আছিল মাৰ কাজিন উল্লিখিত সৰসী জেঠীৰ পৰিয়ালটো। ডিব্ৰুগড়ত বাস কৰিও তেওঁলোকৰ ল’ৰা-ছোৱালীসকলে কলিকতীয়া বাংলা কৈছিল। জেঠা-জেঠীৰ নাতি-নাতিনীসকলৰ জমানাত বাংলা ভাষা বৰ্তমানে অন্তৰ্হিত হৈ তাৰ ঠাই লৈছে বিশুদ্ধ অসমীয়া ভাষাই। আন এটা পৰিয়াল আছিল হাকিম উত্তম দাসৰ পৰিয়ালটো। তেওঁৰো নাতি-নাতিনীসকলে বৰ্তমানে অসমীয়া ভাষা কয়। পিছে বিশুদ্ধ বাংলা সলসলীয়াকৈ ক’ব পাৰে। এইটো পৰিয়ালৰ লগতো মাহঁতৰ আত্মীয়তা আছিল। উত্তম দাসৰ আটাইকেইগৰাকী পুত্ৰ সুযোগ্য। তেওঁৰ পৌত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নিলয় দাস আৰু দৌহিত্ৰ ৰণেন বৰুৱা মোৰ সহপাঠী বন্ধু।

 টুলুৰ কথালৈ উভতি যাওঁ। বাইদেউ আৰু টুলু দুয়োৰে শহুৰেকৰ ঘৰ গোৱালপাৰা চহৰৰ বিপৰীত দিশত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে পাচনীয়া নামৰ উন্নত গাঁওখনত। বহু যুগ আগৰে পৰা এইখন গাঁৱত বহু শিক্ষিত আৰু প্ৰতিভাশালী ব্যক্তিৰ সমাবেশ ঘটা বাবে অনেকে পাচনীয়াক ৰত্নগৰ্ভা ঠাই বুলি কয়। টুলুৰ তিনিগৰাকী মামা শহুৰৰ নাম আমি সৰুৰে পৰা শুনিছো। এওঁলোক হ’ল পৰমানন্দ, ধৰ্মেশ্বৰ আৰু সৰ্বেশ্বৰ দাস। জ্যেষ্ঠ পৰমানন্দই (১৮৮৯-১৯৭৩) কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এণ্ট্ৰেন্স পৰীক্ষাত তৃতীয় স্থান অধিকাৰ কৰিছিল। আইনৰ ডিগ্ৰীধাৰী আছিল যদিও তেওঁ কেতিয়াও ওকালতি নকৰি ভাৰতৰ স্বাধীনতা যুদ্ধত নিজকে সপি দিছিল। গোৱালপাৰা লোকেল বোৰ্ডৰ চেয়াৰমেন হিচাপে মনোনীত হোৱাৰ পাছত একেখন চহৰৰে মিউনিচিপেলিটিৰ প্ৰথমগৰাকী চেয়াৰমেন হিচাপে নিৰ্বাচিত হয় তেওঁ। চন-তাৰিখ সঠিককৈ নাজানো, এবাৰ তেওঁ অভয়াপুৰী সৃজনগ্ৰামৰ পৰা এম এল চি (এম এল এ) হিচাপেও নিৰ্বাচিত হৈছিল। দেশৰ কামত জড়িত মানুহগৰাকীয়ে বিয়া-বাৰু নকৰালে। দ্বিতীয়গৰাকী ভায়েক ধৰ্মেশ্বৰ দাসে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম এত প্ৰথম স্থান অধিকাৰ কৰি দেশ আৰু সমাজৰ কামত আগভাগ লৈছিল। তেওঁ ডবল এম এ আছিল বুলি শুনিছিলো যদিও আনটো বিষয় কি আছিল সঠিককৈ নাজানো। শিক্ষা বিস্তাৰ কৰাটোৱে আছিল তেওঁৰ জীৱনৰ মূল লক্ষ্য। সমাজখনেই আছিল তেওঁৰ ঘৰ। এইখন ঘৰতে লাগি থকা বাবে ককায়েকৰ দৰে তেৱোঁ নিজাববীয়াকৈ সংসাৰ পাতিবলৈ সময় উলিয়াব নোৱাৰিলে। ককায়েকৰ দৰেই দীৰ্ঘজীৱী ধৰ্মেশ্বৰ দাসৰ ১৯৭৩ চনত ৮১ বছৰ বয়সত মৃত্যু হয়। কনিষ্ঠ দাসভাতৃ সৰ্বেশ্বৰ দাস আছিল অসমৰ তৃতীয়গৰাকী বি ই, গোৱালপাৰাৰ প্ৰথম। চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অবৈতনিক অধ্যাপক হিচাপে যোগ দিয়ে। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানটোৰ তেৱেঁ প্ৰতিষ্ঠাতা। ৰিহাবাৰীৰ নিজা ঘৰতে এই প্ৰতিষ্ঠানটোৰ পাতনি মেলিছিল।

হোষ্টেলটোও আছিল নিজৰ ঘৰত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঘৰ-দুৱাৰবোৰৰ নক্সা আদিৰ

১৩৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি