পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলেজলৈ আহি হোষ্টেল নামৰ বন্দীশালত দুটা বছৰ কটোৱাৰ পিছত তৃতীয় বৰ্ষত পাখি গজিল। প্ৰেকটিকেল ক্লাছ কৰাসকলৰ এটা সুবিধা-আবেলিলৈকে ক্লাছ থাকে। তেনেবোৰ ক্লাছ নথকা দিনত ৰূপায়ণ, ৰূপশ্ৰী আদি হলত মেটিনি শ্ব’ চাই উভতিছিলো। ৰাজকাপুৰ, নাগিছ, দেৱানন্দ, দিলীপ কুমাৰ, মধুবালা, সুৰাইয়া অভিনীত কথাছবিবোৰৰ প্ৰায়ভাগ তেনেকৈয়ে চাইছিলো। অৱশ্যে সদায় তেনেকৈ নহয়, ওৱাৰ্ডেনৰ অনুমতি লৈ বন্ধৰ দিনত সকলোৱে একেলগেও চোৱা হৈছিল। কেতিয়াবা খুৰাৰ ঘৰত ৰাতি থাকি পৰিয়ালটোৰে সৈতে চাইছিলো। বৃত্তিৰ টকা পালে চিনেমা চোৱা আৰু কেডবাৰি চকলেট খোৱা বাঢ়ি গৈছিল।

 এতিয়া আছে নে নাই নাজানো, সেই সময়ত ‘স্ক্ৰীণ’ নামৰ এখন চিনেমা পত্ৰিকা আছিল। আজি সকলো বাতৰি কাকততে উলংগ নাৰীৰ ছবিৰে ভৰা চিনেমাৰ পৃষ্ঠা এটা থাকে। বুঢ়াৰ পৰা শিশুলৈকে সেই কাকত ঘৰৰ সকলোৱে পঢ়ে। চায়। আৰু আমি হোষ্টেলত ৱাৰ্ডেনৰ আৰু বন্ধৰ দিনকেইটাত মা-দেউতাৰ চকুৰ আঁৰত সৰ্বশৰীৰ শাৰী বা চেলোৱাৰ-কামিজেৰে ঢকা তাৰকাসকলৰ ছবিৰে সৈতে চিনেমাৰ বাতৰিবোৰ পঢ়িছিলো স্ক্ৰীণত। মই মেট্ৰিক দিয়াৰ আগতে দেউতা অভয়াপুৰীলৈ বদলি হৈ অহাৰ কথা লিখিছো। বন্ধৰ সময়ত স্ক্ৰীণখন আহিছিল ডাকযোগে। ডাকঘৰৰ পৰা আমাৰ ঘৰৰ চিঠিপত্ৰবোৰ আনিছিল শিৱালক সিং নামৰ বৰকান্দাজ এজনে। দেউতাই ডাকৰ লগত সেইখন দেখিলে চিনেমাৰ কাগজ পঢ়ি জীয়েকহঁতৰ চৰিত্ৰ নষ্ট হোৱা বুলি ভাবি নিশ্চয় মূৰ্ছা গ’লহেঁতেন। কি যে বদমাচ আছিলো! দেউতাৰ অফিচ কোঠাটোৰ কাষৰ কোঠাটো আছিল আমাৰ পঢ়া কোঠা। প্ৰতি শুকুৰবাৰে শিৱালক সিঙক ডাকঘৰলৈ যোৱা দেখিলে পঢ়া-শুনা ধোঁৱা চাঙত তুলি বাটলৈ চাই থাকিছিলো। শিৱালকক ঘৰৰ ওচৰ পোৱা দেখিলে ফ্ৰক পিন্ধা ভনী খুকুক পঠাই দিছিলো বাটলৈ ক্ৰীণখন আনিবলৈ। তাৰ পিছত আৰু পায় কোনে? আমাৰ যুগত অধিকাংশ মাক-দেউতাকৰ চিনেমা সম্পৰ্কে দৃষ্টিভংগী আছিল এনেকুৱাই। সেইবুলি এই বিষয়ে অভিভাৱকসকল কাঢ়া হ’ব নালাগে বুলিও ক’ব খোজা নাই। ছাত্ৰাৱস্থাত বাহিৰা আকৰ্ষণ কম হোৱাই মংগল। ‘ছাত্ৰানাং অধ্যয়নং তপঃ’ বাক্য শাৰীত মই আজীৱন বিশ্বাসী। কিন্তু চৌবিশ ঘণ্টাৰ বাবে নহয়। তদুপৰি আজিৰ দিনত সকলো বিষয়ে এটা জ্ঞান থকা উচিত বুলি ভাবো।

 খেল-ধেমালিৰ প্ৰতি মোৰ ৰাপ আছিল অতি কম। মোৰ ভনীহঁতে স্কুল-কলেজত খেলি ট্ৰফী পাইছে বহু। মই কেতিয়াও পোৱা নাছিলো। নিজৰ উৎসাহত যোগ দিয়া নাছিলো কেতিয়াও, জোৰ কৰি থিয় কৰালে শেষৰ ফালৰ পৰা প্ৰথম হোৱাৰ অৱস্থা হৈছিল। যি কি নহওক, কলেজ ক্ৰীড়া সপ্তাহত এবাৰ দীঘলীপুখুৰীৰ চাৰিওফালে দুপাক নে তিনিপাক খোজকঢ়া প্ৰতিযোগিতাত ঠেলি ঠুলি মোক অংশগ্ৰহণ কৰিবলৈ পঠাইছিল। এপাক মাৰি মই ওলাই আহিছিলো। সেই বছৰ কলেজ ইউনিয়নৰ ক্ৰীড়া সচিব আছিল গণেশ শৰ্মা, সকলোৱে তেওঁক চুলুদা বুলি মাতিছিল। মোক ওলাই অহা দেখি জোৰ কৰি তেওঁ আকৌ সুমুৱাই দিছিল যদিও চেগ চাই মই পলাই গৈছিলো। লিখি থাকোতে হঠাতে চকুৰ আগত আহি ওলাইছে দেৱী দাস নামৰ মানুহ এজন, যাক

১২২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি