পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পিছত আমাক গান শিকাবলৈ ফকিৰাগ্ৰামৰ পৰা এজন শিক্ষক আহিছিল। বাইদেউ, মই আৰু সৰু ভনী টুলু আছিলো তেওঁৰ ছাত্ৰী। শিকাইছিল বাংলা গান— ৰবীন্দ্ৰ সংগীত, নজৰুল সংগীত ইত্যাদি। অসমীয়া গান শিকাইছিল সৰু মাহী কোহিনুৰে... পৰ্বতৰ তলেদি ভৰা নৈ বৈ যায় সাগৰৰ সাধনা কৰি, জয় সাগৰৰ বুকুৰ মাজতে উঠে চকুলোৰে ঢল, হালি-জালি পখিলী, নাহৰ ফুলে নুশুৱায় তগৰ ফুলে শুৱাব... ইত্যাদি।

 পূজা বা গৰমৰ বন্ধত ডাঙৰ খুৰা, সৰু খুৰাৰ পৰিয়াল আহিছিল কোকৰাঝাৰলৈ। কেতিয়াবা মাহী, জেঠী, পেহীৰ পৰিয়ালো আহিছিল। তেতিয়া আমি কাজিন ভাই-ভনীবোৰে থিয়েটাৰ, ভেৰাইটি শ্বো আদি কৰিছিলো। আবুৰ কোঠাটোৰ সন্মুখৰ বহল বাৰাণ্ডাখনত মঞ্চ সজা হৈছিল। সন্মুখৰ চোতালত বহিছিল দৰ্শকসকল। নাচ, গান, আবৃত্তি, নাট্যাভিনয় আদি অনুষ্ঠিত হৈছিল। চুবুৰিৰ ল'ৰা-ছোৱালীয়েও যোগ দিছিল। এই অভ্যাসটো আমাৰ মাজত বহুদিনলৈ প্ৰচলিত আছিল। দেউতা সহকাৰী দেৱান হৈ অভয়াপুৰীলৈ অহাৰ পিছতো আমি ঘৰতে মঞ্চ সাজি অভিনয় কৰিছিলো। কালক্ৰমে আমাৰ শিল্পীজীৱনত কেনেবাকৈ গৰাখহনীয়া হ’ল। হাৰমনিয়ম ধূলিৰে ঢাক খালে। একমাত্ৰ মোৰ চতুৰ্থ ভনী খুকুই (প্ৰতিমা) বহুদিনলৈ গানৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল। তাই শিলচৰ আকাশবাণীৰ শিল্পী আছিল। ডাঙৰ খুৰাৰ জীয়ৰী গীতা বৰাই ডিব্ৰুগড়ত এতিয়াও গানৰ চৰ্চা কৰি আছে। তাই গুৱাহাটী আকাশবাণীৰ জন্মলগনত নিয়মীয়াকৈ গীত পৰিবেশন কৰিছিল।

 পূজাৰ সময়ত যাত্ৰাচাৰ্কাচ আদি চাই আহি আমি ঘৰতে বান্ধৱীহঁতৰে একেলগে যাত্ৰাত শুনা গান, নাটকৰ ডায়লগ আদি অনুকৰণ কৰিছিলো। এতিয়া ভাবিলে হাঁহি উঠে কিছুমান শব্দৰ অৰ্থ নুবুজা বাবে কাণেৰে যি শুনা যেন লাগিছিল তাকেই সুৰ লগাই গাইছিলো। যেনে— অলি ঘুমধৰে (হ’ব লাগে গুঞ্জৰে), গোপন কথা উৰহ (বিৰহ) ব্যাথা বাজিছে সবাৰ কাণে কাণে, কৈছে কথা পাণে পাণে (প্ৰাণ)। দেশী ভাষাত ঘুম ধৰাৰ অৰ্থ টোপনি ধৰা। গুঞ্জৰে, বিৰহ, প্ৰাণ আদি শব্দৰ স’তে সাত-আঠ বছৰীয়া আমিসকল চিনাকি নাছিলো।

 ৰবীন্দ্ৰ সংগীতৰ এটা কলিৰ কি বিকৃত অৰ্থ কৰিছিলো জানিলে স্বয়ং কবিগৰাকীৰ কিজানি হাঁহিত উশাহ বন্ধ হ'লহেঁতেন। কলিটো হ’ল – এসো নীপবনে ছায়াবিথি তলে, এসে কৰ স্নান নব ধাৰা জলে...। নীপ মানে যে কদম মই মুখই ডাঙৰ হোৱাৰ পিছতো জনা নাছিলো। সৰুতে ভাবিছিলো, এসোনি (নাহিবা) পবনে (বতাহত) অৰ্থাৎ বতাহৰ মাজলৈ নাহিবা বৰষুণ আহিলে পানী লাগিব পাৰে। ডাঙৰ হোৱাৰ পিছত অলপ সন্দেহ হ'ল, মই ভবা দৰে অৰ্থতো হ’ব নোৱাৰে। খা-খবৰ কৰি গম পালো আচল অৰ্থটো। আমি আকৌ নীপৰ নীটো কাটি ‘এসো’ত লগালো আৰু পটোক ‘বন’ৰ সন্মুখত!

 গোৱালপাৰাৰ (অবিভক্ত) লোক-সংস্কৃতিৰ কথা সৰ্বজনবিদিত। কোচ-ৰাজবংশী সম্প্ৰদায়ৰ মাজত প্ৰচলিত কুশানগান তথা নৃত্য মোৰ অতি প্ৰিয়। আমি সৰুতে দেখা আৰু আজি দেখাৰ মাজত অৱশ্যে ভালেখিনি পৰিবৰ্তন পৰিলক্ষিত হৈছে। নৰ্তক-নৰ্তকীৰ দল এটাই হাতত ৰুমাল একোখন লৈ ঘূৰণীয়াকৈ মঞ্চত উপবিষ্ট হৈ মন পৰশা গীত গাই গাই নাচিবলৈ ধৰে। এইদৰে নাচোতে দুখোজ আগুৱাই এখোজ পিছুৱাই আহে। এটা সময়ত

৮৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি