পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লগত মই আছিলো সম্পৰ্কহীন। দেউতা জীয়াই থকা সময়লৈকে সেইমুৱা হ'বৰ প্ৰয়োজন নাছিল। তদুপৰি দেউতা-মায়ে ৰান্ধনী ঘৰৰ কামত নহয়, উৎসাহ দিছিল পঢ়া-শুনা কৰিবলৈ, সংগীত চৰ্চা কৰিবলৈ, খেলা-ধুলা কৰিবলৈ, চিলাই-এমব্ৰয়দাৰী আদি কৰিবলৈ। মায়ে সদায় কৈছিল ঘৰুৱা কাম কৰিবলৈ মগজুৰ প্ৰয়োজন নহয়, ঠেকাত পৰিলে শিকা যায়। দিল্লীলৈ আহি মই ঠেকাত পৰিলো যদিও মোৰ মৰমিয়াল জা-বাইদেউগৰাকীয়ে মোৰ সীমাৱদ্ধতাৰ উমান পাই বিশেষ একো কৰিব দিয়া নাছিল। ৰন্ধা বঢ়াতো কৰা নাছিলোৱে, চাহ-তাহ কৰাতো বৰ পাৰদৰ্শিতা দেখুৱাব পৰা নাছিলো। এবাৰ তেওঁৰ তিনি-চাৰিগৰাকী বান্ধৱীয়ে মোৰ তেওঁলোকলৈ চাহ কৰাৰ নমুনা দেখি উভতি যাওঁতে হেনো ওৰে বাটটো মোৰ নিন্দা গাই গৈছিল। মুঠতে তেওঁলোকে মোক এজনী অপদাৰ্থ বোৱাৰী বুলিয়ে ধৰি লৈছিল। দুবছৰমান পাছত এওঁলোকৰে এগৰাকীৰ ঘৰৰ এটা অংশত আছিলো। ৰন্ধা-বঢ়া নাজানিছিলো ঠিকেই, কিন্তু বাহিৰে-ভিতৰে নানা কাম মই সহজতে কৰিছিলো। আমাৰ গৃহস্থৰ থিচিছৰ প্ৰথম কপিটো মই টাইপ কৰা দেখি তেওঁ তবধ মানিছিল। তেওঁৰ জীয়েকৰ বিয়াৰ ব্লাউজবোৰ চিলাই দিছিলো। অসমলৈ অহাৰ সময়ত মাল বস্তুবোৰ নিজে পেকিং কৰিছিলো। বাহিৰৰো সকলো কাম কৰিছিলো নিজ হাতে। ইতিমধ্যে জুতি লগাকৈ ৰন্ধা-বঢ়াও কৰা দেখি তেওঁলোকে যে মোৰ নিন্দা কৰিছিল কথাষাৰ হাঁহি হাঁহি কৈছিল মানুহগৰাকীয়ে। এইবোৰ বহুত পাছৰ কথা। আগৰ কথালৈ উভতি যাওঁ।

 দিল্লীত নতুন জীৱন আৰম্ভ কৰাৰ পাছত হতাশ হোৱাৰ কাহিনী এটালৈ মনত পৰিলে হাঁহি উঠে আজি। লুঙি নামৰ পৰিধেয় বস্তুটো মোৰ চকুৰ কুটা দাঁতৰ শূল। দেউতাহঁতৰ ঘৰত বস্তুটোৰ প্ৰচলন নাছিল। দিল্লীলৈ আহি দেখিলো আমাৰ গৃহস্থই গেৰুৱা ৰঙৰ লুঙি এখন পিন্ধে। মনতে মোৰ এটা প্ৰতিক্ৰিয়া হ’ল— কবি মানুহ এজনে এনে নিকৃষ্ট পোছাক পিন্ধে নে? অৱশ্যে মুখেৰে মই তেওঁক একো কোৱা নাছিলো, নিজৰ মনতে আছিলো গুজৰি গুমৰি। তাৰ পিছত এদিন নিজৰ মনৰ লগত কম্প্ৰমাইজ কৰিব নোৱাৰি সেইখন মনে মনে খিৰিকীৰে বাহিৰলৈ দলিয়াই দিছিলো। প্ৰায় পঁচিশ বছৰমান পাছত মোৰ ভনী খুকুৰ সহকৰ্মী এগৰাকী বিয়াৰ পাছত ভদ্ৰলোক বুলি ভবা গিৰিয়েকে লুঙি পিন্ধা দেখি মানসিকভাৱে ভাগি পৰা বুলি শুনিছিলো। তেতিয়া মই মানসিক দিশত যথেষ্ট পুষ্ট হৈ ভাবিছিলো আমি ইমান তুচ্ছ কথাত হতাশ হওঁ কিয়? কবি বা ভদ্ৰলোকে লুঙি পিন্ধিলে কিনো জগৰ লাগে? আমাৰ মনত কিছুমান ধাৰণাই কেনেবাকৈ বাহ বান্ধে। সেই ধাৰণাৰ লগত মিল নেদেখিলে হতাশ হওঁ। অলপতে স্বনামধন্য অসমীয়া কবি এগৰাকীৰ বোৱাৰীয়েকে তেওঁৰ বান্ধৱীক কৈছিল যে শহুৰেক নামজলা কবি হৈয়ো পাক ঘৰত সোমাই বোৱাৰীয়েকক কয় গেছৰ অপব্যৱহাৰ নকৰিবলৈ। তেওঁৰ মননত কবি এজন উদাসীন ব্যক্তি, জাগতিক কোনো চিন্তাই তেওঁক স্পৰ্শ কৰিব নোৱাৰে। বিয়াৰ আগতে কবিৰ কবিতা পঢ়ি আপ্লুত হোৱা ছোৱালীজনী সামান্য গেছৰ তদাৰকি কৰিবলৈ অহা শহুৰেকৰ কথা শুনি হতভম্ব।

 লুঙি বিচাৰি দুদিনমান হায়ৰাণ হৈছিল যদিও গৱেষণাৰ কামত গৃহস্থ আফগানিস্তানলৈ যাবলগীয়া হোৱাত ব্যস্ত হৈ পৰিছিল। তেওঁৰ গৱেষণাৰ বিষয়টো আছিল আফগানিস্তানৰ

১৫৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি