সমললৈ যাওক

পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নামভৰ্তি কৰিলো। কিন্তু যিটো বাটত খোজ পেলালো ই গোলাপ নহয়, গোলাপৰ কাঁইটেৰে ভৰা আছিল। অৱশ্যে তাৰ বাবে ময়েই দায়ী। বুঢ়া শালিকাই মাত মাতিবলৈ ওলাইছা, সহজ দুটামান শব্দ শিকা। নাই, মোৰ ভীমৰতি হ’ল। বাংলাত এটা ফকৰা আছে—‘মাৰি তো গণ্ডাৰ, লুটি তো ভাণ্ডাৰ’ অৰ্থাৎ কোনো জন্তু যদি বধ কৰিবলগীয়া হওঁ তেন্তে সৰু সুৰা প্ৰাণীক নকৰো, কৰিম গঁড়ৰ দৰে শক্তিশালীক আৰু যদি লুট কৰিবলগীয়া হওঁ তেনেহ’লে ভঁৰাল লুট কৰিম। মোৰো মানসিকতা একেই। গৱেষণা যদি কৰো মগজুটো তল-ওপৰ কৰিব পৰা প্ৰয়োজনীয় বিষয় এটাত কৰিম।

 পুনেৰ লাইব্ৰেৰীবোৰ বৰ উন্নতমানৰ। লাইব্ৰেৰী অভিযান আৰম্ভ কৰিলো জয়ক স্কুললৈ আৰু দেউতাকক কামলৈ পঠাই। ক্ৰমজ’ম আৰু জিনে অৰ্থাৎ বংশানুক্ৰমিকভাৱে পূৰ্বপুৰুষৰ পৰা উত্তৰপুৰুষলৈ বৈ অহা ক্ষুদ্ৰাতিক্ষুদ্ৰ ৰাসায়নিক পদাৰ্থবোৰে মোক আকৰ্ষণ কৰে। আশ্চৰ্য এই জিনবোৰে যে পূৰ্বপুৰুষৰ দোষ-গুণ, শাৰীৰিক আৰু মানসিক গঠন আদি এটা পিড়িৰ পৰা আনটোলৈ প্ৰৱাহিত কৰে ভাবি বিমোহিত হওঁ। সৃষ্টিকৰ্তাৰ কি অপূৰ্ব প্ৰযুক্তি! জিনে বহন কৰে বংশগতিৰ ব্লুপ্ৰিণ্ট ডি এন এ (Deoxyrebonucleic acid), অৰ্থাৎ ডি এন এ নামৰ ৰাসায়নিক পদাৰ্থ এলানিৰ যোগেদি জন্মসূত্ৰে দিব পৰা সকলো গুণাগুণ পিতৃ-মাতৃয়ে শুক্ৰানু আৰু ডিম্বানুৰ মাধ্যমেৰে সন্তানলৈ প্ৰেৰণ কৰে।

 মানুহৰ প্ৰতিটো দেহকোষত ডি এন এৰ পৰিমাণ কিমান তাৰ এটা থূলমূল হিচাপ লাইব্ৰেৰীৰ কিতাপ এখনত পঢ়ি মই বিষয়টোৰ প্ৰতি অধিক আকৰ্ষণবোধ কৰিলো। হিচাপটো আছিল এনে ধৰণৰ ৰাসায়নিক পদাৰ্থটোৰ আঠাইশ গ্ৰাম এটা পাত্ৰত লোৱা হওক, তাৰ পৰা এক নিযুত ভাগৰ এভাগ বেলেগ এটা পাত্ৰত লোৱা হওক। তাৰ পৰা এক নিযুত ভাগৰ এভাগ বেলেগ এটা পাত্ৰত উলিয়াই আনক এই এভাগক আকৌ এক নিযুত ভাগত ভগাই লওক। কামটো কৰা অসম্ভৱ, গতিকে কল্পনা কৰক। কল্পনা কৰাও সহজ নহয়। কল্পনাৰো অতীত এই পৰিমাণ ডি এন এ থাকে এটা দেহকোষত। এই পৰিমাণ ডি এন এই সৃষ্টি কৰে এক ট্ৰিলিয়ন কোষেৰে গঠিত এটি শিশু, সকলো অংগ-প্ৰত্যংগৰে সৈতে। শিশুটি দেহত যদি কিবা খুঁত লৈ ওপজে সিও আহে পিতৃ-মাতৃৰ পৰা পোৱা জিন বা ডি এন এৰ যোগেদি। বংশগতিত আন এটা বিষয় স্বীকাৰ্য যে মাকৰ গৰ্ভৰ পৰিবেশ বা ওপজাৰ সময়ত সৃষ্টি হোৱা প্ৰতিকূল পৰিবেশো শিশুৰ খুঁত, বিকৃতি বা ৰোগৰ কাৰণ হ'ব পাৰে। তদুপৰি শিশুটি ডাঙৰ হৈ থাকোতে পাৰিপাৰ্শ্বিক অৱস্থায়ো জিনৰ ওপৰত ক্ৰিয়া কৰিব পাৰে। সেয়েহে মানুহৰ শাৰীৰিক বা মানসিক বৈশিষ্ট্য কেৱল পিতৃ-মাতৃৰ পৰা পোৱা জিনৰ ফলতেই নহয়, পাৰিপাৰ্শ্বিক অৱস্থায়ো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। কিছুমান বৈশিষ্ট্যক আকৌ কোনো পৰিবেশে প্ৰভাৱান্বিত কৰিব নোৱাৰে, যেনে তেজৰ গ্ৰুপ। ই সম্পূৰ্ণ জিন নিৰ্ভৰ। আনহাতে অধিকাংশ বৈশিষ্ট্যৰ আঁৰত আছে জিন আৰু পৰিবেশৰ প্ৰভাৱ। কাৰ অৱদান কিমান জুখি উলিওৱা সহজ নহয়, পিছে বিজ্ঞানৰ লক্ষ্য সত্যৰ সন্ধান আৰু প্ৰকৃতিৰ ৰহস্য উন্মোচন কৰা।

 এইবোৰ চিন্তা উদ্ৰেককাৰী বিষয়ৰ কথা পঢ়োতে পঢ়োতে মনটো ডাঠ কৰি ভাবিলো

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৯১