পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ জন্ম

বিনন্দীয়া এই ধৰালৈ মোৰ আগমন ঘটিছিল ১৯৩২ চনৰ ২৬ মাৰ্চ তাৰিখে। মইনো কোন যে মোৰ আগমনৰ বাৰ্তা ঢোলপিটি জনাজাত কৰিবলগীয়া হ'ল! এই বিৰাট বিশ্বত নিতৌ ওপজে হেজাৰ হেজাৰ শিশু। ময়ো তাৰে মাজৰ এজন। মোৰ এই গতানুগতিক ধুলিকণাসম জীৱনটোৰ বিষয়ে কিনো লিখিম? মোৰ জীৱনী পাঠ কৰি কাৰনো কি লাভ হ’ব? কেৱল সময় নষ্ট! পিছে মোৰ কেইগৰাকীমান শুভাকাংক্ষীয়ে লেঠা লগালে। আজি বহুদিনৰে পৰা সুলেখিকা নিৰুপমা বৰগোহাঞিয়ে মোক হেঁচা দি আছে নিজৰ বিষয়ে লিখিবলৈ। মনে মনে আছিলো। তাৰপিছত এজন এজনকৈ কেইবাজনেও হেঁচা দিবলৈ আৰম্ভ কৰিলে। সৰ্বশেষ হেঁচা পালো ‘আজৰি’ আলোচনীৰ সম্পাদক সবিতা লহকৰৰ পৰা। এওঁলোক নাচোৰবান্দা। চীনাজোকৰ দৰে বুলি ক'লেও হয়।

 নিজৰ বিষয়ে লিখিবলৈ উল্লেখযোগ্য একো নথকাৰ বাবে অতীতৰ কিছু কথা সোঁৱৰণ কৰিবলৈ চেষ্টা কৰিম। সিও বৰ স্পষ্ট হ’ব যেন নালাগে। কিয়নো স্মৃতিৰ ভিত্তিতহে লিখিব লাগিব। স্মৃতিয়েও কৰে কেতিয়াবা বিশ্বাসঘাতকতা, বিশেষকৈ জীৱনে যেতিয়া পাৰ কৰে পয়সত্তৰটা বসন্ত। চন-তাৰিখত খেলিমেলি লাগিলে ক’বলগীয়া কথাবোৰতো আউল লাগে। দূৰদৰ্শী মানুহে নিয়মীয়াকৈ বাল্যকালৰ পৰা দিনলিপি লিখে। মোৰো এই অভ্যাস নাছিল বুলি নকওঁ। আমাৰ যুগত আজিৰ দৰে ধুনীয়া ধুনীয়া ডায়েৰী আছিল দুৰ্লভ, বিশেষকৈ মই ডাঙৰ হোৱা সৰু ঠাইখনত কিশোৰী বয়সত দিস্তা কাগজ চিলাই স্কুলত ব্যৱহাৰ কৰা নোটবহীতে দিনলিপি লিখিছিলো। পিছে নতুন বছৰৰ প্ৰথম কিছুদিন অতি উৎসাহেৰে পৃষ্ঠা

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /