সমললৈ যাওক

পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থাকিলে নহ’ব। আনকি তেওঁৰ পুতেকৰ শাহুয়েকক বুজোৱাও আছিল অসম্ভৱ এটা কাম। বিয়াৰ ফাইনেল কৰিবলৈ কইনাৰ মাক আৰু বায়েক আহিছিল দৰা ঘৰলৈ। দৰাৰ দেউতাকে হেনো কোনো ভূমিকা নকৰি পোনচাটে কৈছিল যে কইনাৰ লগত একো দিব নালাগে আৰু বৰযাত্ৰীৰ সংখ্যা হ’ব দৰাৰে সৈতে চাৰিজন। সেই সময়ত মহাৰাষ্ট্ৰ চৰকাৰে বান্ধি দিয়া অতিথি নিয়ন্ত্ৰণ আইন মতে খোৱা-বোৱাৰ সৈতে সম্পৰ্ক থকা কোনো অনুষ্ঠানত পঞ্চাশৰ অধিক মানুহ উপস্থিত থকাটো আছিল আইনবিৰুদ্ধ। গতিকে কইনাঘৰে বাকী ছয়চল্লিশজনক নিমন্ত্ৰণ কৰিব পাৰে।

 দৰাৰ দেউতাকৰ নাভূত-নাশ্ৰুত খাৰাংখাচ কথা শুনি কইনাৰ মাকে ভাবিলে অৰ্থনীতিবিদ আৰু সমাজৰ আগশাৰীৰ মানুহ হিচাপে জনাজাত হলেও মানুহজন চেৰাবলিয়া। মনে মনে শুনি থকা দৰাৰ মাক কুমুদিনীও বিকাৰগ্ৰস্ত নিশ্চয়। বলিয়া মাক-বাপেকৰ পুতেকো সেয়ে হ’ব। জানি-শুনি জীয়েকক এইখন ঘৰলৈ বিয়া নিদিয়াৰ সিদ্ধান্ত লৈ মাক বহাৰ পৰা উঠিছিল। দাণ্ডেকাৰৰ মতে মাকজনীৰ মূৰত অলপো গ্ৰে-মেটাৰ নাই। বায়েকজনীক কিছু বুদ্ধিমতী যেন লাগিছিল তেওঁলোকৰ। তেওঁ কৈছিল পৰিয়ালৰ আন সদস্যৰে আলোচনা কৰি পাছত জনাব। মাকক ঘৰলৈ গৈ বুজালে দৰাৰ মাক-দেউতাক বলিয়া নহয়, আদৰ্শবান সমাজ সংস্কাৰক, বিয়াৰ পাছত মাকে হেনো বিয়ৈ-বিয়নীক কৈছিল ডাঙৰ দুজনী জীয়েকৰ বিয়াত বহু খৰচ হৈছিল, এইজনীক বিয়া দিয়া যেনেই নালাগিল। এনে এখন ঘৰৰ লগত সম্বন্ধ পাতি তেওঁলোক গৌৰৱান্বিত। সাম্প্ৰতিক কালত কিবা পৰিবৰ্তন হৈছে নেকি নাজানো, আমি উপস্থিত থকা কোনো মাৰাঠী বিয়াত কিন্তু খোৱা-বোৱাত আড়ম্বৰ দেখা নাছিলো।

 প্ৰফেচাৰ দাণ্ডেকাৰৰ আদৰ্শই মোক ইমানে অনুপ্ৰাণিত কৰিছিল যে ইয়াৰ বহু বছৰ পাছত আমাৰ পুত্ৰৰ বিয়াত দাণ্ডেকাৰৰ দৰে নহ’লেও আড়ম্বৰ ভালেখিনি কমাব পাৰিছিলো। আমাৰ অনুৰোধ মানি কোনো নিমন্ত্ৰিতই উপহাৰ অনা নাছিল। কইনা ঘৰৰ পৰাও একো গ্ৰহণ কৰা নাছিলো।

 ইৰাৱতী কাৰ্ভে বিদ্বৎ সমাজতে নহয় সাধাৰণ পাঠক সমাজতো এটা চিনাকি নাম। কাৰণ তেওঁ এগৰাকী খ্যাতনামা লেখিকা তথা সমালোচকো আছিল। শহুৰেক ভাৰতৰ স্বাধীনতা যোদ্ধা, সমাজ সংস্কাৰক তথা নাৰীমুক্তিৰ হোতা মহৰ্ষি কাৰ্ভেৰ বিষয়ে লিখা ইৰাৱৰ্তী কাৰ্ভেৰ প্ৰবন্ধ এটা পঢ়ি জানিব পাৰিছিলো অনেক ঘৰুৱা কথা। ন-কইনাক শহুৰেকে প্ৰথম দৰ্শনত আদৰণি জনাইছিল তেওঁৰ কপালৰ ফোটটো মছি দি। বিবাহিতাৰ চিন এই ফোটটোৱে হেনো তেওঁক মানসিকভাৱে পৰাধীন কৰি ৰাখিব, তেওঁ আত্মবিশ্বাস হেৰুৱাব আৰু স্বাধীন চিন্তা কৰাৰ পৰা বঞ্চিত হ’ব। শহুৰেকে বোধকৰো বোৱাৰীয়েকৰ মুখলৈ চায়ে বুজি পাইছিল তেওঁ অসাধাৰণ প্ৰতিভাৰ আঁকৰ। হয়তো এনে এখন মুক্ত শহুৰেকৰ ঘৰ পাই সিদিনাৰ ন-কইনা ইৰাৱতী খ্যাতনামা ইৰাৱতী কাৰ্ভে হ’ব পাৰিছিল।

 পুনেৰ অল্পশিক্ষিত, অৰ্থনৈতিকভাৱে পিছপৰা সাধাৰণ মানুহো অসাধাৰণ। কণীৱালা, গাখীৰৱালা, ডাব্বাৱালা, লাইব্ৰেৰীৱালা আদি খাটি খোৱা মানুহৰ পৰাও বহু কথা শিকিবলগীয়া

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৯৯