পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এৰি থৈ স্বামীজন পৃথিৱীৰ পৰা আঁতৰি গ’ল। টাইউয়েড ৰোগত ভুগি। জীয়েক পিতৃহাৰা হ’ল আৰু ঊষাদি হ’ল বিধবা। তেতিয়াৰ দিনত উচ্চকুলৰ বিধবাৰ দৰে দুৰ্ভগীয়া সম্ভৱতঃ আন কোনো নাছিল। পৰনিৰ্ভৰশীল হোৱাসকলৰ অৱস্থা আছিল অবৰ্ণনীয়।

 ঊষাদিৰ দেউতাক প্ৰগতিশীল আৰু দূৰদৰ্শী হোৱা হেতুকে জীয়েকক স্কুল-কলেজত পঢ়ুৱাই শিক্ষয়িত্ৰীৰ উপযুক্ত কৰিবলৈ বি এ বি টি পাছ কৰালে। সেই সময়ত তিৰোতা মানুহৰ বাবে মৰ্যাদাপূৰ্ণ চাকৰি আছিল কেৱল স্কুলত। ঢাকাৰ পৰা তেওঁ কেনেকৈ ধুবুৰী আহি পালে মই মনত পেলাব পৰা নাই। ধুবুৰী ছোৱালী হাইস্কুলৰ হোষ্টেলতে থাকিছিল তেওঁ।

 ঊষাদি আছিল শুভ্ৰবসনা, নিৰাভৰণ আৰু নিৰামিষাহাৰী। তেওঁ ‘ৰগৰ’ কৰি কৈছিল— ‘যাৰ কাৰণে সকলো ত্যাগ কৰিলো তেওঁৰ মুখখন মনতে নাই। থাকিবনো কনেকৈ? কেইদিননো লগ পাইছিলো? যি কেইদিন পাইছিলো লেমৰ ঢিমিক-ঢামাক পোহৰত ৰাতি।’ দিনত স্বামীক লগ পোৱাটো হেনো লাজৰ কথা আছিল। তদুপৰি স্বামী নামৰ মানুহজনৰ ফটো এখনো নাই। দুদিনৰ চিনাকি মানুহজনৰ বাবে সমগ্ৰ জীৱন শাস্তি ভোগ কৰিবলগীয়া হোৱা অৱস্থাটোৰ কথা ঊষাদিয়ে হাঁহি হাঁহি ক’লেও তেওঁৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰিছিলো।

 স্বামীৰ মৃত্যুৰ পাছত সচৰাচৰ মানুহে কোৱাৰ দৰে বহুতে ঊষাদিক সান্ত্বনা দি হেনো কৈছিল যে পৰলোকত তেওঁক নিশ্চয় লগ পাব। তেওঁ স্বভাৱসিদ্ধ ভংগীৰে আমাক কৈছিল— ‘চোৱাচোন বাৰু মানুহৰ কথা। সিপাৰত লগ পোৱাৰ আশাত কিমান দিনলৈ বাট চাম? শাস্ত্ৰমতে হেনো মানুহ যিটো বয়সত মৰে সিপুৰীলৈ যোৱাৰ পাছত সেই বয়সতে তাত থকা জীৱনটো কটায়। সেই থিয়’ৰীমতে স্বামীজন পঁচিশ বছৰীয়া ডেকা হৈয়ে আছে। আৰু মই হ’লো ষাঠি বছৰীয়া বুঢ়ী। আজি যদি মই মৰো গাল ভগা, ছাল শোটৰা-শোটৰ পৰা, চুলি পকা বুঢ়ীজনীক স্বৰ্গ বা নৰকৰ দুৱাৰমুখত দেখি সেই ডেকাজনে আইতা বুলি মাতি ভৰিত ধৰি সেৱা নকৰিব নে? তেওঁ তেতিয়া ৰম্ভা, মেনকা আদি অপেশ্বৰীসকলৰ সৈতে কৰি থকা বল-ডান্স এৰি ‘আইতাক’ৰ ওচৰলৈ আহিবলৈ বিৰক্তবোধ নকৰিবনে?’

 দিদিৰ কথা শুনি হাঁহিছিলো ঠিকেই, কিন্তু সেই হাঁহিয়ে আমাৰ বিবেকক তুলা-ধুনা কৰিছিল। মাছ খাবলৈ তেওঁক কৈছিলো। কিন্তু সমাজে যেতিয়া সেই অনুমতি দিয়া নাই তেওঁ চুৰ কৰি নেখায়। সিদিনা অলপ ছিৰিয়াচ হৈ ঊষাদিয়ে কৈছিল—‘এইবোৰ কথা আজি এইটো বয়সত যদি মই কওঁ মানুহে ক’ব যে বেটিৰ মাছ খোৱাৰ ধান্দা। গতিকে তোমালোক উঠি অহা তৰুণীসকলে সমাজখনক নিকা কৰিবলৈ চেষ্টা কৰিবা। এব্‌ছাৰ্ড এই নিয়ম-নীতিবোৰ নিৰ্মূল কৰিবলৈ আগবাঢ়ি আহিবা তোমালোক, আজিৰ ছোৱালীবোৰে।’

 সিদিনাৰ ‘আজিৰ ছোৱালী’ আমিসকলৰ নাতিনীসকল বৰ্তমান যুগৰ আজিৰ ছোৱালী। বৈধব্যৰ নিয়ম-নীতি যথেষ্ট শিথিল হৈছে যদিও আজিৰ যুগৰ ছোৱালীয়েও পত্নীহাৰা পুৰুষ আৰু স্বামীহাৰা মহিলাৰ মাজত থকা বৈষম্য আঁতৰাব পৰা নাই। বিবাহিতা সধবাই সেন্দূৰ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৪১