পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিলে ভাল আছিল। মহিলাগৰাকীয়ে থতমত খাই নিৰ্বাক হৈ বহি থাকিল। তেতিয়া দেউতাই ব্যাখ্যা কৰি তেওঁক বুজাই দিলে যে ল'ৰা-ছোৱালীৰ মাজত পিতৃ-মাতৃয়ে বৈষম্য ৰাখিব নালাগে। তদুপৰি শাস্ত্ৰত কয় দশ পুত্ৰ সম কন্যা, এজনী কন্যা সন্তানৰ মূল্য দহজন পুত্ৰৰ সমান। এই ঘটনাৰ কেইবাবছৰ পিছত মাৰ কোলালৈ আহিছিল নুমলীয়া ভণ্টী ৰীতা।


বিদায় কোকৰাঝাৰ

১৯৪৫ চনত আমাৰ ডাঙৰ খুৰাদেউ বীৰেন্দ্ৰ মোহন দাস ধুবুৰীৰ পৰা বদলি হৈ যোৰহাটলৈ সপৰিয়ালে যাওতে মোকো লৈ গ'ল৷ লৈ যোৱাৰ উদ্দেশ্য যোৰহাটৰ স্কুলত পঢ়োৱা। কোকৰাঝাৰ ল’ৰা হাইস্কুলত সপ্তম আৰু অষ্টম দুটা শ্ৰেণী পঢ়াৰ পিছত যোৰহাট ছোৱালী হাইস্কুলত নাম লগাইছিলো নৱম শ্ৰেণীত।

 সিবাৰেই আছিল মোৰ প্ৰথম উজনি অসম দৰ্শন। এখন নতুন পৃথিৱী দেখা যেন লাগিছিল। তেতিয়াৰ দিনত ঘৰ ভাড়া পোৱা কিমান যে উজু আছিল তাকেই ভাবিছো। খুৰাৰ বাবে ভোগদৈ নৈৰ ওচৰত ঘৰ এটা ভাড়া কৰি থোৱা আছিল। আমি টোপোলা-টাপলি লৈ ঘৰটোত সোমাই নিৰাশ হ'লো ঘাইকৈ মজিয়াখন মাটিৰ হোৱা বাবে। তদুপৰি পৰিবেশো আছিল হতাশাজনক। নিৰানন্দময়। সেইদিনাই খুৰাৰ অফিচৰ মানুহে ভাল এটা এলেকাত ৰ’দ-বতাহ সোমাব পৰা ঘৰ এটা ঠিক কৰি দিয়াত আবেলি আমি তালৈ গ'লো। নতুন মানুহ অহা দেখি চুবুৰীটোৰ এঘৰ মুছলমান মানুহ আহিছিল আমাক সহায়ৰ হাত আগবঢ়াবলৈ। নতুন ঠাইত নতুন পৰিবেশত সিদিনা মানুহঘৰক পাই আমি সঁচাকৈয়ে উপকৃত হৈছিলো। অলপ সময়ৰ ভিতৰতে তেওঁলোকৰ জীয়ৰী মাণিকজানৰ সৈতে মোৰ আৰু খুৰাৰ ছোৱালী গীতাবাৰ বন্ধুত্ব হ’ল। মাণিকজান আমাতকৈ এক-দুই শ্ৰেণী ওপৰত পঢ়িছিল। দেখাত ধুনীয়া ছোৱালীজনীয়ে গানো গায়। গীতাবাইতো এতিয়াও গায়, ময়ো তেতিয়া গাইছিলো। মুঠতে গধুলি আমি সকলোৱে গানৰ আসৰ বহুৱাইছিলো। মনত আছে মাণিকজানে গোৱা গানটো— ইয়ে চাঁদ ছুপ না জা না...’।

 এই ঘৰটো ভাল আছিল যদিও আমাৰ ডাঙৰ পৰিয়ালটোৰ বাবে অলপ সৰু আছিল। খুৰা-মাহী (খুৰীগৰাকী সম্বন্ধত মোৰ নিজৰ মাহীও আছিল), তেওঁলোকৰ ছোৱালী গীতা, শেফালি, আৰতি, মিনতি আৰু কণমাণি পুত্ৰ ত্ৰিদিব, মই আৰু সাহায্যকাৰীজন। দেউতাহঁতৰ ভায়েক কেইজনে সদায় কোনোবা নহয় কোনোবা কাজিন নাইবা আন কোনো আত্মীয়ক লগত ৰাখিছিল। সেই পৰম্পৰা ৰক্ষা কৰি আহিছিল এজন খুৰা চাপৰৰ পৰা। গতিকে আমি যোৰহাটৰ বিখ্যাত দাস কোম্পানীৰ সন্মুখৰ আহল-বহল ঘৰ এটালৈ গ'লো। মাণিকজানক এৰি থৈ যাবৰ সময়ত কলিজাৰ এফাল থৈ যোৱাৰ অনভূতি হৈছিল। মানুহৰ স্মৃতি বৰ ক্ষন্তেকীয়া। দীৰ্ঘ অদৰ্শনে ঘনিষ্ঠতাও শিথিল কৰি আনে। নতুন বন্ধু পাই মাণিকজানক পাহৰি গৈছিলো। অসমৰ মন্ত্ৰীসভাত আনোৱাৰা তাইমূৰৰ নামটো দেখাৰ পিছত মাণিকজানলৈ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৯১