পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 নিশ্চিত মৃত্যুক জয় কৰি উভতি অহাৰ পিছত দেউতাই মা আৰু আমাৰ আবুক কৈছিল যে তেওঁৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালটোক বিপদত পেলাবলৈ তেওঁ আৰু কেতিয়াও বাঘ চিকাৰলৈ নাযায়। পিছদিনা ফটোগ্ৰাফাৰ এজন আহিল৷ আজিৰ সৰু সৰু ডিজিটেল কেমেৰাবোৰ দেখিলে আমাৰ দিনৰ ফটোগ্ৰাফ তোলাৰ ব্যৱস্থালৈ মনত পৰে। তিনিঠেঙীয়া ষ্টেণ্ড এটাৰ ওপৰত কেমেৰাটো বহুৱাই ক’লা কাপোৰেৰে কেমেৰাটো ঢাকি ফটোগ্ৰাফাৰে তাৰ তলত সোমাই কিবাকিবি এডজাষ্ট কৰি লৈছিল। আৰু আমি উশাহ বন্ধ কৰি ক'লা কাপোৰডোখৰলৈ চাই থাকিছিলো ফটো উঠাৰ আশাত। এটা সময়ত ‘ৰেডী ৱান টু থ্ৰী’ বুলি কৈ ফটোগ্ৰাফাৰে ক’লা কাপোৰখন আঁতৰাই দিছিল। সিদিনা বাঘ আৰু চিকাৰীক সন্মুখত ৰাখি ৰাইজৰ এখন ফটো তোলাৰ পিছত কেৱল চিকাৰী আৰু বাঘৰ এখন ফটো তোলা হৈছিল। এইখন ফটো তেতিয়াৰ দিনত কলকাতাৰ পৰা প্ৰকাশিত ‘হিন্দুস্তান ষ্টেণ্ডাৰ্ড’ নামৰ ইংৰাজী কাগজত বাতৰিটোৰ সৈতে ওলাইছিল। বাঘৰ ছালখন কাণপুৰলৈ পঠাই বন্ধাই অনোৱা হৈছিল। দেউতাই চিকাৰ কৰা ঘঁৰিয়ালৰ ছামৰাখনেৰে তৈয়াৰ কৰি আনিছিল দুটা চুটকেচ আৰু সাপৰ ছালেৰে কৰাই আনিছিল কেইবাটাও ভেনিটি বেগ। এই সামগ্ৰীবোৰ যে অত্যন্ত মূল্যৱান আছিল আমি গমেই পোৱা নাছিলো।

 সৰুৰে পৰা চিকাৰী দেউতাক দেখি দেখি আমাৰ তেজতো সোমাইছিল চিকাৰৰ নিচা। সেই নিচাই মোক টানি লৈ গৈছিল ঘৰৰ পিছফালে থকা জোপোহা গছেৰে ভৰা হাবিখনলৈ। দুপৰীয়া যেতিয়া খাই-বই সকলো টোপনিত লালকাল তেতিয়া মই হাতত সাৰে ভৰিত সাৰে সোমাইছিলো হাবিত। ফৰিং, পখিলা, পোক-পৰুৱা আদি চিকাৰ কৰি উভতি আহি সুবোধ বালিকাৰ দৰে বিছনাত লাং খাই পৰি দিছিলো। পিছে মোৰ এই অভিযানৰ কথা জনাজাত হ’ল নিজৰ দোষত। মই আছিলো ধেপেচি। আছিলো বুলি নকওঁ, গোটেই জীৱনটোত মই বহুবাৰ পৰিছো। যি কি নহওঁক, সিবাৰ জংঘলত পৰি থকা মামৰে ধৰা টিন এটাৰ ওপৰত পৰাত হাত কাটি হুৰহুৰাই তেজ ওলাবলৈ ধৰিলে। ভয়তে কান্দি কান্দি ঘৰলৈ উভতিলো। মা-দেউতাই সাৰ পালে। কটা ঠাইডোখৰ হেঁচি ধৰি দেউতাই মোক লৈ গ’ল ডিচপেনচাৰীলৈ। তেতিয়া বোধকৰো মোৰ সাত বছৰমান বয়স। জীৱনত সিদিনা প্ৰথম দেউতাৰ গালি খাইছিলো। দুষ্ট ছোৱালী বুলি কৈছিল। এনেয়ে হাতৰ বিষ, তাতে দেউতাই পাৰিলে গালি। শোকে খুন্দা মাৰি ধৰিছিল।

 দেউতাহঁতৰ অফিচৰ মানুহবোৰৰ মাজত আছিল মিলাপ্ৰীতি। মোৰ খবৰটো পাই প্ৰতিটো পৰিয়ালৰ পুৰুষসকল ডিচপেনচাৰী পালেহি। নিজকে ভি আই পি যেন লগা হ’ল। ডাক্তৰে দৰৱ-চৰব দি চিলাই কৰিবলৈ যন্ত্ৰপাতি আনিলে। তেতিয়া মই ফৰেষ্টাৰ জেঠাৰ ওলাই অহা পেটটোলৈ আঙুলিয়াই কৈছিলো সিমান ডাঙৰ বিস্কুটৰ টিন এটা দিলেহে চিলাই কৰিবলৈ দিম। ক’ত মোৰেই দোষত অঘটন ঘটা বাবে দুগালত দুটা চৰ শোধাব, তাকে নকৰি হাজী চাহাবৰ দোকানৰ পৰা জেঠাৰ পেটটোৰ সমান ডাঙৰ বিস্কুটৰ টিন এটা আনি দিলে। তেতিয়াৰ দিনত ইংলেণ্ডৰ পৰা সুদৃশ্য টিনত সুস্বাদু বিস্কুট আহিছিল। মোৰ চিকাৰী জীৱনৰ তাতেই সমাপ্তি ঘটিল।

৭৬/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি