পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁৰ কেভেল্‌ৰি লাইনছৰ কোৱাৰ্টাৰত।

 সাত বছৰ আগতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰি গৈছিলো, কত স্মৃতি জড়িত হৈ আছে! আহি পোৱাৰ দুদিনমান পাছত নৃতত্ব বিভাগলৈ গ’লো, ছাৰহঁত, বিশেষকৈ ড° শৰ্মা মোক দেখি উচ্ছসিত ’ল। মই আছিলো তেওঁৰ প্ৰিয় ছাত্ৰী। তেওঁ প্ৰেকটিকেল ক্লাছ লৈ আছিল, মোক ছাত্ৰ-ছাত্ৰীসকলৰ লগত চিনাকি কৰি দি তেওঁলোকক ক’লে—‘এওঁৰ কথাকে মই প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰীক কওঁ। যিখন প্ৰেকটিকেল ক্লাছৰ ৱৰ্ক বুক তোমালোকক মডেল হিচাপে দেখুৱাও, সেইখনৰ স্ৰষ্টা এৱেঁই।’

 ছাৰৰ মৰমসনা প্ৰশংসাই মোৰ চকুৰে আনন্দাশ্ৰু নিগৰালে। ছাৰে মোলৈ চাই অনুৰোধ কৰিলে দিল্লীত থকা সময়ছোৱাত মাজে মাজে ছাত্ৰ-ছাত্ৰীসকলৰ লগত যেন আলোচনা-বিলোচনা কৰো। কৃতজ্ঞতাত মোৰ মূৰ দোঁ খাই আহিছিল। ইয়াৰ দহ বছৰ পাছত কনফাৰেন্স এখনত অংশগ্ৰহণ কৰিবলৈ গৈ শুনিলো ড° শৰ্মা ইহসংসাৰত নাই। তাৰ আগতে আমাৰ আন এগৰাকী শিক্ষক ড° সোণোৱালো কম বয়সতে প্ৰয়াত হৈছিল।

 সিবাৰ দিল্লীত লগ পাইছিলো কেইবাগৰাকী খ্যাতনামা ব্যক্তিক। প্ৰথমতে মনত পৰিছে অমৰ্ত্য সেন আৰু নৱনীতা দেৱসেনলৈ। তেতিয়া তেওঁলোকৰ মাজত বিচ্ছেদ হোৱা নাছিল। আমি ওচৰা-উচৰিকৈ আছিলো। অৰ্থনীতিবিদ সুখময় চক্ৰৱৰ্তী আৰু তেওঁৰ অৰ্থনীতিবিদ পত্নী ললিতা দুয়ো আছিল অত্যন্ত অমায়িক আৰু নিৰহংকাৰী। তেওঁলোকৰ ঘৰখন আছিল মুকলি। যাৰ যেতিয়া মন যায় সোমায়, ওলায়। তেওঁলোৰ জীয়ৰী মৌৰী, অমৰ্ত্য-নৱনীতাৰ জীয়ৰী পিকো (অন্তৰা) আৰু জয়ে একেলগে খেলা-ধূলা কৰিছিল। পিকোৰ ভনীয়েক টুম্পা তেতিয়া কেঁচুৱা। এই টুম্পাই বৰ্তমানে চিত্ৰাভিনেত্ৰী নন্দনা সেন।

 লগ পাইছিলো খ্যাতনামা ইতিহাসবিদ ৰোমিলা থাপাৰক। তেওঁৰ মহাৰাণীবাগৰ ঘৰলৈ এদিন নিমন্ত্ৰিত হৈছিলো ডিনাৰলৈ। ঘৰত তেওঁ অকলেই থাকিছিল। লগত ৰাখিছিল কুকুৰ এটা। তেওঁৰ ঘৰত সোমাই মিউজিয়ামত সোমোৱা যেন লাগিছিল মোৰ। চকীবোৰলৈ চাই ভাবিছিলো এইবোৰ বহিবলৈ নে সজাই থ’বলৈ। তেওঁ মোক ইতঃস্তত কৰা দেখি ক’লে মাকে হেনো জীয়েকৰ ঘৰলৈ আহি বহিবলৈ চকী এখন বিচাৰি নাপাই বিৰক্তিবোধ কৰে। কোনোবাখন মৰাপাটৰ ৰচীৰে তৈয়াৰী চকী, গুজৰাটৰ গাঁৱৰ পৰা অনা, কোনোবাখন কোনো জনজাতীয় অঞ্চলৰ, কোনোবাখনত আঁউজিবলৈ পিছফাল নাই। মুঠতে নানা ধৰণৰ চকীৰ সমাহাৰ। গোটেইটো ঘৰ আফগানিস্তান, তাৰ্কি আদি দেশৰ পৰা অনা কাৰ্পেটেৰে ঢকা, বাথৰুমো। বিভিন্ন দেশৰ পৰা বিভিন্ন জনজাতীয় অঞ্চলৰ পৰা গোটোৱা বাচকবনীয়া সামগ্ৰীৰে সজ্জিত ৰোমিলাৰ ঘৰখন। ৰাতিৰ উৎকৃষ্ট মোগলাই আহাৰৰ পাছত কফি খুৱাব খুজি ক’লে গাখীৰ কিন্তু নাই, ব্লেক কফিহে যাচিব পাৰিব। গাখীৰ ৰাখে কুকুৰটোলৈ। ইতিমধ্যে তাৰ খোৱা হৈ গৈছিল। তেওঁ নিজে গাখীৰ নোখোৱাৰ আঁৰত এটা কাৰণ আছে। তেওঁ আৰ্মি অফিচাৰৰ জীয়ৰী। সৈনিক পৰিয়ালৰ গাখীৰ খোৱা গিলাচবোৰ হেনো জাম্বো আকাৰৰ। তেওঁলোকৰ ঘৰত প্ৰতিদিনে তেনে এটা গিলাচত এগিলাচকৈ গাখীৰ খোৱা আছিল বাধ্যতামূলক, তেহেলৈ গাখীৰ খাবলৈ কোনোবাই ভালেই পাওক বা বেয়াই পাওক।

১৭৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি