পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেমেষ্ট্ৰিত এটা এডভান্স কোৰ্ছ কৰিবলৈ। সেই সময়ত মাধ্যমিক স্কুলবোৰ উচ্চ মাধ্যমিক স্তৰলৈ উন্নীত হৈ আছিল। সেইটো স্তৰত পঢ়াবলৈ প্ৰয়োজন হৈছিল স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিক্ষক। অথচ সেই সময়ত এম এ, এম এছ চি শিক্ষকৰ অভাৱ আছিল। গতিকে স্নাতকসকলৰ একাংশক বিভিন্ন বিষয়ত এবছৰীয়া বিশেষ ট্ৰেইনিং দি উচ্চ মাধ্যমিক স্কুলত পঢ়াবলৈ উপযুক্ত কৰোৱা হৈছিল। পুৰণি কলেজখনত আকৌ এবছৰৰ বাবে পঢ়িবলৈ গৈ ভালেই লাগিছিল। পিছে এইবাৰ অসমৰ বিভিন্ন স্কুলৰ পৰা অহা শিক্ষকসকল আছিল বিভিন্ন বয়সৰ। আমাৰ এসময়ৰ সহপাঠী কিৰণ বৰা দলটোত থকা বাবে আকৌ পুৰণি দিনবোৰ উভতি অহা যেন পাইছিলো। দুয়ো আছিলো ছাত্ৰীবাৰী হোষ্টেলত। বন্ধৰ দিনত দুয়ো পুৰণি বান্ধৱীহঁতৰ ঘৰলৈ, কেতিয়াবা চিনেমা চাবলৈ আৰু কেতিয়াবা অ’লৈ ত’লৈ টিঘিল ঘিলাই ঘূৰি ফুৰিছিলো। পঢ়াৰ চাপ বিশেষ নাছিল, পৰীক্ষাৰ চিন্তাও বৰকৈ নাছিল গতিকে বছৰটো আনন্দৰ মাজতে পাৰ হৈছিল।


সহকৰ্মীৰ সান্নিধ্য লাভ

ধুবুৰী ছোৱালী হাইস্কুলত সহকৰ্মী হিচাপে পোৱা ঊষা দাশগুপ্ত আৰু সুকুমাৰী ৰায়চৌধুৰীয়ে এসময়ত মোৰ বাইদেউক পঢ়াইছিল। সেইখন স্কুলত কাম কৰাৰ অভিজ্ঞতাই আৰু টুলুদি (সুকুমাৰী ৰায়চৌধুৰী), যশোদাদি, পুষ্পদি (প্ৰতিভা ৰায়চৌধুৰী), মনুদি, বিশাখাদি, শ্যেলীদি, দেৱবালা বাইদেউ, বীণা বাইদেউ, বীণাদি, লতিফা, সুৰমা প্ৰমুখ্যে সহকৰ্মীসকলৰ সহানুভূতিশীল সান্নিধ্যই দেউতাক হেৰুওৱাৰ লগে লগে দেখা দিয়া ঘোৰ এন্ধাৰ জীৱনত আলোকৰ সন্ধান দিছিল। জীয়াই থকাৰ অনুপ্ৰেৰণা পাইছিলো।

 পৰৱৰ্তী জীৱনত মোৰ মনত ইতিমধ্যে গজালি মেলা নাৰীবাদী চিন্তাধাৰাক প্ৰস্ফুটিত কৰিবলৈ ঊষাদিয়ে গভীৰভাৱে অৰিহণা যোগাইছিল। ঊষাদি নাৰীবাদী নাছিল, সমাজৰ বিৰুদ্ধে কোনো দিনে কোনো কথা প্ৰকাশ্যে কোৱাও নাছিল। কেৱল তেওঁৰ জীৱনত ঘটা ঘটনাবোৰ মাজে মাজে কৈছিল, তাকো ৰস লগাই। সেই ৰসৰ মাজতে পিছে নিমজ্জিত হৈ আছিল পিতৃতান্ত্ৰিক সমাজৰ নীতি-নিয়মৰ বিৰুদ্ধে একো একোপাত শানিত শেল। তেওঁৰ ৰসাল কথা-বতৰা শুনি আমি আমোদ পাইছিলো যদিও সেই শেলবোৰে মোৰ বিবেক, মোৰ চেতনাত তীব্ৰভাৱে খোঁচ মাৰি থকাসৰকা কৰিছিল।

 ঊষাদি অবিভক্ত ভাৰতৰ ঢাকাৰ ছোৱালী। কলকাতাত এম এ পাঠৰত ছাত্ৰ এগৰাকীৰ সৈতে তেওঁৰ আগৰ দিনৰ নিয়ম মতে চৈধ্য-পোন্ধৰ বছৰ বয়সতে বিয়া হয়। সেই যুগত সম্ভ্ৰান্ত বংশৰ সম্ভাৱনা থকা ছাত্ৰৰ সৈতে বিয়া হোৱাটো কোনো আচৰিত হ’বলগীয়া কথা নাছিল। সি যি কি নহওক, বিয়াৰ কেইদিনমানৰ পাছত দৰা কলকাতালৈ যায়গৈ, নৱবিবাহিতা পত্নীক ঘৰতে থৈ। গৰম বন্ধ, পূজাৰ বন্ধত আহিলেও সেই জামানাৰ নিয়মমতে ৰাতি কেৱল শোৱা কোঠাতহে ঊষাদিয়ে তেওঁৰ সংগ পাইছিল। তাকো লেমৰ পোহৰত। ইতিমধ্যে ঊষাদিৰ কোলালৈ আহিল এটি কন্যা সন্তান। কেইমাহমানৰ পাছতে মাক-জীয়েক দুয়োকে

১৪০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি