পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সন্নিৱিষ্ট কৰিছে। আনহাতে এগৰাকী বিজ্ঞানৰ অধ্যাপকে ভাৰতীয় নেতাসকলৰ বিৰুদ্ধে ৰাছেললৈ লিখা চিঠি এখনৰ কেইশাৰীমান আছিল এনেধৰণৰ—

 ‘মহাত্মাৰ অনুগত ভকতসকলৰ প্ৰকৃত চৰিত্ৰ ওলাই পৰিছে। আজি ভাৰতত চলিছে এক সন্ত্ৰাসৰ ৰাজত্ব। তথাকথিত স্বাধীন ভাৰতত সফলভাৱে বুদ্ধিজীৱীসকলৰ কণ্ঠৰোধ কৰা হৈছে, ব্ৰিটিছৰ ৰাজত্ব কালতো যি হোৱা নাছিল। সাধাৰণ মানুহক যিদৰে শোষণ কৰি আছে, বুদ্ধিজীৱীসকলক যিদৰে মূক কৰি ৰাখিছে আৰু ব্যৱসায়ী শ্ৰেণীটো যিদৰে লুণ্ঠিত হৈছে তালৈ চাই মনত প্ৰশ্ন জাগে চীনে ইয়াতকৈ বেছি কি কৰিব? ...যদি সমস্যা সমাধানৰ বাবে আপুনি বৰঙণি আগবঢ়াব খোজে তেন্তে পোনপটীয়াকৈ সোধক— প্ৰকৃত গান্ধীবাদীৰ বাবে এনেবোৰ সমস্যা সমাধান কৰাৰ পন্থা কি? তেওঁ (নেহৰু) যি কৰি আছে তাৰ সৈতে তেওঁৰ ঘোষিত আদৰ্শসমূহৰ সমন্বয় ঘটিছে নে? কিছুমানৰ দৃঢ় বিশ্বাস, কমিউনিষ্ট চীনে সমাজতন্ত্ৰবাদক মলিন কৰিছে, কিন্তু গান্ধীবাদী ভাৰতে মহাত্মাক মহিমামণ্ডিত কৰিছে নে?...’

 কোৱা বাহুল্য, পত্ৰলেখক বিজ্ঞানীজনক ডিফেন্স অব্ ইণ্ডিয়া আইনমতে গ্ৰেপ্তাৰ কৰা হৈছিল। যুদ্ধং দেহি মনোভাৱ চলি থকা সময়ত লিখা ৰাছেলৰ কিতাপখনৰ সামৰণিত কোৱা হৈছে যে ভাৰতক সহায় কৰিবলৈ আহিব আমেৰিকা আৰু ব্ৰিটেইন। আহি দেখিব আণৱিক অস্ত্ৰ প্ৰয়োগ নকৰিলে চীনক পৰাজয় কৰা অসম্ভৱ। তেওঁলোকে তাকেই কৰিব। এনে অৱস্থাত চীনে ৰাছিয়াৰ লগত মতভেদ নিষ্পত্তি কৰিব। ৰাছিয়াই যোগান ধৰিব আণৱিক অস্ত্ৰৰ। এই অস্ত্ৰ কেৱল ভাৰতলৈ নহয় নিক্ষেপ কৰিব পশ্চিম দুনিয়ালৈও। কেইদিনমানৰ ভিতৰত সমগ্ৰ বিশ্ব হিমালয়ৰ গিৰিপথবোৰৰ দৰেই হ’ব নিজান আৰু জনমানৱ শূন্য।

 আমাৰ বিয়াৰ প্ৰথম তিনি বছৰৰ ভিতৰত আৰু একমাত্ৰ সন্তানটোৰ জন্ম লগনতে হোৱা চীন-ভাৰত সংঘৰ্ষই মোৰ সমগ্ৰ সত্ত্বাক প্ৰৱলভাৱে জোকাৰণি দি গৈছিল। তেতিয়াৰ সেই অভিজ্ঞতা আৰু মানসিক আঘাতে মোক আজিও পীড়া দিয়ে। অৱশ্যে ইয়ো সঁচা যে অভিজ্ঞতাই মানুহক পুৰঠ কৰে, আত্মবিশ্বাসো বঢ়ায়। যি জীৱনত কোনো উত্থান-পতন নাই, প্ৰত্যাহ্বান নাই, উদ্বেগ-দুশ্চিন্তা নাই, সেই জীৱন চহকী মানুহৰ ঘৰৰ শিকলিৰে বন্ধা কুকুৰৰ জীৱনৰ সমতুল্য। আজি মই এইবোৰ কথা সহজভাৱে কৈছো, কিন্তু যিদিনা কমিউনিষ্ট বুলি গৃহস্থক চীন যুদ্ধৰ সময়ত গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ মাজতে জন্ম হৈছিল জয়ৰ, তেতিয়া মোৰ মনক প্ৰবোধ দিবলৈ যুক্তি বিচাৰি পোৱা নাছিলো। জেনেৰেল কউল, নীৰদ চন্দ্ৰ চৌধুৰী আৰু বাৰ্ট্ৰাণ্ড ৰাছেলৰ বহুমূলীয়া গ্ৰন্থসমূহে প্ৰকৃত তথ্য উদঙাই মোৰ মনক সুস্থিৰ কৰিছিল ঘটনাৰ কেইবা বছৰ পাছত, পুনেত।


আকৌ ছাত্ৰী হ’লো

১৯৫২ চনত বি এছ চি পাছ কৰাৰ দহ বছৰৰ পাছত ১৯৬২ চনত এম এছ চি পাছ কৰিছিলো। তাৰে ৯ বছৰ পাছত ১৯৭১ চনত পি এইচ ডিৰ বাবে পুনে বিশ্ববিদ্যালয়ত

১৯০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি