পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কথাষাৰ শুনি মোৰ নিজৰ দেউতালৈ মনত পৰিছিল। জাম্বো আকাৰৰ নহ’লেও সাধাৰণ গিলাচত একো গিলাচকৈ গাখীৰ খাবলৈ আমি বাধ্য আছিলো। আৰু খাব লাগিছিল দেউতাৰ সন্মুখত। গাখীৰেৰে কৰা ঘিউ-মাখন-ক্ৰীম-মিঠাই মোৰ প্ৰিয় আছিল যদিও বাধ্যতামূলকভাৱে গাখীৰ পি খোৱাটো শাস্তি যেন লাগিছিল। গতিকে ৰোমিলাৰ গাখীৰৰ প্ৰতি ওপজা বিতৃষ্ণাৰ কাৰণ মই মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছিলো। তেওঁ বি এ পাছ কৰাৰ পাছত অক্সফোৰ্ডলৈ গৈছিল উচ্চ শিক্ষাৰ্থে। তেতিয়াৰ দিনত জাহাজেৰে বিদেশলৈ অহা-যোৱা কৰিছিল সকলোৱে। জাহাজখন মুম্বাই বন্দৰ এৰাৰ লগে লগে মাক-দেউতাকৰ ডেউকাৰ তলৰ পৰা ওলাই ছোৱালীজনীৰ নিজকে বৰ স্বাধীন যেন লাগিছিল হেনো। সেই সময়তে জাহাজৰ খাদ্য পৰিবেশকে তেওঁ কি পানীয় খাব বুলি সোধাত ৰোমিলাই কৈছিল— Coffee without milk. তাৰ পাছত তেওঁ আৰু কোনো দিনে গাখীৰ খোৱা নাই। সাধাৰণ এই ঘটনাটো মনত ৰাখিছো মোৰ নিজৰো একে অভিজ্ঞতা থকা বাবে। বাধ্যতামূলক যিকোনো বস্তুৰ প্ৰতি মানুহৰ গভীৰ বিতৃষ্ণা ওপজে। যি কি নহওক বিখ্যাত মানুহৰ ঘৰুৱা জীৱনৰ কথা দুটামান শুনিলে ভালেই লাগে।

 সিবাৰ দিল্লীত ভাৰতৰ স্বাধীনতা যুদ্ধৰ এক অক্লান্ত অহিংস যোদ্ধাৰ বক্তৃতা শুনাৰ পৰম সৌভাগ্য ঘটিছিল। ‘সীমান্ত গান্ধী’ নামেৰে জনাজাত খান আব্দুল গফুৰ খানক ভাৰতবাসীয়ে পাহৰিয়ে গৈছে। কাৰেন্সী নোটত মহাত্মা গান্ধীৰ ছবিখন নথকা হ’লে তেওঁকো হয়তো পাহৰিলেহেঁতেন।

 ১৯৬৯ চনত মহাত্মা গান্ধীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সীমান্ত গান্ধীক ভাৰত চৰকাৰে আমন্ত্ৰণ কৰি আনিছিল দিল্লীলৈ। তেতিয়া তেওঁৰ বয়স ৭৯ বছৰ। জীৱন দৰ্শন আৰু আদৰ্শত তেওঁৰ দৰে মহাত্মাৰ দ্বিতীয় শিষ্য এগৰাকী তেতিয়াও নাছিল, এতিয়াতো নায়েই। তেওঁক তেতিয়াৰ ভাৰতবাসীয়ে ফকিৰো কা বাদশাহ আৰু বাদশ্বাহ খান বুলি শ্ৰদ্ধাৰে উল্লেখ কৰিছিল।

 খদ্দৰৰ কুৰ্তা-চালোৱাৰ, গাত এখন চাদৰ আৰু মূৰত টুপী এটা পিন্ধি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিশেষ বিমানযোগে সেই বছৰ এক অক্টোবৰত দিল্লীত পদাৰ্পণ কৰিছিল বাদশাহ খানে। তেওঁৰ হাতত আছিল এটা মোনা। এয়েই তেওঁৰ লাগেজ। বিমানৰ পৰা নমাৰ লগে লগে ইন্দিৰা গান্ধী আৰু জয়প্ৰকাশ নাৰায়ণে আগবাঢ়ি গৈ তেওঁৰ হাতৰ পৰা মোনাটো ল’ব খুজিছিল তেওঁ নিদিলে। তাত আছিল কাপোৰ এসাজ। ‘প্ৰতিনিশা মই নিজৰ কাপোৰ নিজ হাতেৰে ধোওঁ আৰু পিছদিনা পিন্ধো’— গফুৰ খানে কৈছিল।

 মহাত্মা গান্ধীৰ দৰেই তেওঁ ভাৰত বিভাজনৰ পক্ষপাতী নাছিল। কিন্তু বিভাজন ৰোধ কৰা যেতিয়া অসম্ভৱ হৈ উঠিল, তেতিয়া এইগৰাকী নেতাই ভাৰত ত্যাগ কৰি তেওঁৰ জন্মস্থান উত্তৰ পশ্চিম সীমান্ত প্ৰদেশলৈ যায় অঞ্চলটোৰ স্বাধীনতা আৰ্জিবলৈ। অঞ্চলটো পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছিল। পাকিস্তান সৃষ্টিৰ ঘোৰ বিৰোধী আছিল তেওঁ। তেওঁ পাঠান সম্প্ৰদায়ভুক্ত আৰু তেওঁৰ মাতৃভাষা পস্তু। সীমান্ত প্ৰদেশৰ গাতে লাগি থকা আফগানিস্তানৰ এটা অংশতো পস্তু স্থানীয় ভাষা। সেই অঞ্চলটো পাখতুনিস্তান নামেৰে স্বাধীন কৰিবলৈ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৭৯