পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 অৱশেষত পিছদিনা অৰ্থাৎ ১৯৬৩ চনৰ প্ৰথম সূৰ্যোদয়ৰ লগে লগে দেখিলো পুত্ৰ সন্তানটিৰ মুখ। প্ৰথম সন্তানৰ আগমনে মানুহক দিয়ে অপাৰ আনন্দ। কিন্তু মোৰ ক্ষেত্ৰত তেনে প্ৰতিক্ৰিয়া নহ’ল। তাক মানুহ কৰিম কেনেকৈ? আনৰ অনুগ্ৰহত? চাকৰিয়ে বা পাম ক’ত? হেজাৰ চিন্তাই মোক খুলি খুলি খাইছিল। এওঁক বা কিমান দিন বন্দী কৰি ৰাখে। যি পৰিস্থিতিত এওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে কেতিয়াবা ওলাই যদি আহে চাকৰিটো বা থাকিব নে নাই।

 নদিনীয়া শিশুটিক কোলাত লৈ হাস্পতালৰ পৰা ওলোৱাৰ সময়ত দুৱাৰমুখত লগ পালো কমলেশ্বৰ বৰা ডাঙৰীয়াক। তেওঁ আহিছিল তেওঁৰ পত্নীক ভৰ্তি কৰাবলৈ। সেই সময়ত তেওঁ মুখ্যমন্ত্ৰী বিমলা চলিহাৰ কাৰ্যালয়ত এটা দায়িত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল। তেওঁ মোক এটা বৰ গুৰুত্বপূৰ্ণ খবৰ দিলে। তেতিয়া লাল বাহাদুৰ শাস্ত্ৰী আছিল কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী। চীন যুদ্ধৰ ধামখুমীয়াত জধেমধে ভাৰতত বাস কৰা চীনা আৰু কমিউনিষ্টসকলক গ্ৰেপ্তাৰ কৰা বুলি গম পাই গৃহমন্ত্ৰীয়ে বন্দীসকলৰ কেছবোৰ পুনৰ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। শ্ৰীবৰাই মোক এই সন্দৰ্ভত মুখ্যমন্ত্ৰী বিমলা চলিহাৰ লগত দেখা কৰাৰ ব্যৱস্থা কৰি দিব বুলি আশ্বাস দিলে। সেইমতে দেখা কৰিলো আৰু মোৰ দৰ্খাস্তখনত পুনৰ বিবেচনা কৰিবলৈ তেওঁ নোট এটা লিখি দিলে।

 ঘোৰ এন্ধাৰৰ মাজত হঠাতে যেন পোহৰৰ ৰেঙণি চকামকাকৈ দেখা পালো। কেইদিনমান পিছত অহুকাণে পহুকাণে শুনিলো যে এওঁলোকৰ দৰে ‘ব্লেক লিষ্টেড’ কমিউনিষ্টসকলক সহজতে মুক্তি নিদিয়ে। ভাগ্যৰ ওচৰত নিজকে সঁপি দি ডেৰমহীয়া কেঁচুৱাটোৰে সৈতে ধুবুৰীলৈ আহিলো। মাৰ মানসিক অৱস্থা কেনে হৈছিল বুজাৰ উপায় নাই। মাৰ বাৰু মনত পৰিছিল নে পুলিচ বিষয়া এগৰাকীয়ে মোৰ বিয়াৰ আগতে শুনোৱা সতৰ্কবাণীলৈ— ‘এওঁ ঘোৰ কমিউনিষ্ট, কেতিয়াবা জেললৈ যাবলগীয়া হ’ব পাৰে।’ আমাৰ ল’ৰাটো ডেকা হোৱাৰ পাছত ৰগৰ কৰি মোক কৈছিল— ‘আবু ধীৰ-স্থিৰ শান্ত প্ৰকৃতিৰ বাবে তোমাক আশ্ৰয় দিছিল। তোমাৰ দৰে কঢ়া মেজাজৰ হোৱা হ’লে কি যে কৰিলাহেঁতেন!’ সি যি কি নহওক, সাত মাহৰ পৰা এবছৰৰ ভিতৰত চামে চামে বন্দীসকলক মুক্তি দিয়া হৈছিল। গুহই সাত মাহৰ পাছত মুক্তি পালে। এওঁ চিৰদিনেই বৰ উদাসীন ব্যক্তি। জেলৰ পৰা ওলাই সন্তানক চাবলৈ ঢাপলি মেলাৰ পৰিবৰ্তে তেওঁ উৰিষ্যা ভ্ৰমণ কৰিহে ধুবুৰী পালে।

 জীৱনত ঠেকি ঠেকি আৰু আশা নকৰিলো যে যাযাবৰী জীৱনৰ এদিন সমাপ্তি ঘটিব। বৰঞ্চ জীৱনত সুখ-দুখ বিপদ-আপদ যেতিয়া যি আহে তাক গ্ৰহণ কৰিবলৈ মনটোক তৈয়াৰ কৰিলো। আমাৰ মাৰ দুটা ৰবীন্দ্ৰ সংগীত আছিল অতি প্ৰিয়। বোধকৰো দেউতাৰ মৃত্যুৰ পাছত মহাসমুদ্ৰত পৰি— ‘বিপদে মোৰে ৰক্ষা কৰ এ নহে মোৰ প্ৰাৰ্থনা, বিপদে আমি না কৰি যেন ভয়’ আৰু ‘যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো ৰে’— এই দুটা সংগীত তেওঁৰ জীৱনৰ মন্ত্ৰ হৈছিল। মোকো এই দুটা ৰবীন্দ্ৰ সংগীতে জীৱনৰ যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বলৈ অনুপ্ৰেৰণা যোগাইছে।

১৭২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি