পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুৰ গৈ থাকে। গতিকে তেতিয়াই গম পাইছিলো পুত্ৰৰ পঢ়া-শুনাৰ দায়িত্ব ময়েই ল’ব লাগিব। ইণ্টাৰভিউ দিয়াৰ দিনা মোৰ অলপ অস্বস্তি লাগিছিল, কাৰণ আন সকলো শিশুৰ লগত আহিছিল দেউতাক-মাক দুয়ো। গুহৰ কিবা চেমিনাৰ থকা বাবে জয়ৰ লগত মই গৈছিলো অকলে। চুচুক-চামাককৈ ইণ্টাৰভিউ ব’ৰ্ডৰ সন্মুখত উপস্থিত হৈ দেউতাক আহিব নোৱাৰা কাৰণটো ক’লো। প্ৰধান শিক্ষক ফাদাৰগৰাকীয়ে যেতিয়া ক’লে তেওঁলোকে দেউতাকক নহয়, মাককহে চাব বিচাৰে মোক আৰু তেতিয়া পায় কোনে! ফাদাৰে ঠিকেই কৈছে, ঘৰত এটি শিশুৰ প্ৰথম আৰু প্ৰধান শিক্ষক মাকগৰাকী। ব’ৰ্ডে ঘাইকৈ মোৰেই ইণ্টাৰভিউ ল’লে আৰু মই উত্তীৰ্ণ হ’লো।

 আমি দিল্লীলৈ যোৱাৰ আগতে জয় স্কুলত ভৰ্তি হৈছিল। সি দ্বিতীয় শ্ৰেণীলৈ প্ৰমোচন পোৱাৰ পাছত দিল্লীলৈ যাবলগীয়া হোৱাত চিন্তিত হৈছিলো। ভাল স্কুল এখনত ভৰ্তি কৰোৱা তেতিয়াৰ দিনতো বৰ সহজ নাছিল। প্ৰধান শিক্ষকৰ ওচৰলৈ গৈ দেউতাকে এটা চৰ্তত জয়লৈ এবছৰৰ ছুটী মঞ্জুৰ কৰাই আনিলে। চৰ্তটো হ’ল আহি পৰীক্ষা দিব লাগিব। এইখিনিতে নিজৰ গুণ-গান অলপ গাও। মই এগৰাকী কৰ্তব্যপৰায়ণ মাক হিচাপে ইতিমধ্যে স্কুলৰ শিক্ষয়িত্ৰীসকলৰ মাজত জনাজাত হৈছিলো। গতিকে এটা বছৰৰ সম্পূৰ্ণ চিলেবাছখন জয়ৰ মেডামে মোক দিছিল। তদুপৰি দিল্লীৰ পৰা মই স্কুলৰ লগত যোগাযোগ ৰাখিছিলো।

  গোখলে ইনষ্টিটিউটৰ কোৱাৰ্টাৰবোৰত আমি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মানুহ বাস কৰিছিলো। ভাৰতৰ বাহিৰৰ পৰাও গৱেষকসকল প্ৰায়ে আহিছিল। জাপানী নৱ-দম্পতী এহাল বোধকৰো দুবছৰমানেই আছিল। মহিলাগৰাকী পুনেত থাকোতেই সন্তান সম্ভৱা হৈছিল। কোৱাৰ্টাৰবাসী মহিলাসকলে পুতলাৰ দৰে মানুহজনীক এদিন শুভ দিন চাই সেউজীয়া চিল্কৰ শাৰী এখন পিন্ধাই সপ্তামৃত খুৱাইছিল। তেওঁ মধুৰ স্মৃতি এটা লৈ জাপানলৈ উভতি গৈছিল।

 যুগোশ্লাভিয়াৰ পৰা আহিছিল লিলিয়ানা স্তিয়াকোভিচ। বিদেশৰ পৰা অহা অকলশৰীয়া ছোৱালীজনীক সহায় কৰিবলৈ তেওঁৰ কোঠালৈ গৈছিলো। প্ৰথম দিনাই তেওঁৰ লগত মৰমৰ বান্ধোনেৰে বান্ধ খালো। লিলিয়ানা আমাৰ ঘৰৰে এজনী হৈছিলগৈ। মোক ডিডি (দিদি) বুলি মাতিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জন্ম তেওঁৰ। ইউৰোপৰ তেতিয়া ঘোৰ দুঃসময়। হিটলাৰ বাহিনীয়ে ধ্বংসস্তুপত পৰিণত কৰিছে ইউৰোপৰ এটা বৃহৎ অংশ। গেছ চেম্বাৰত সুমুৱাই হত্যা কৰিছে লাখ লাখ ইহুদীক। চাৰিওফালে খাদ্যাভাব। ভয়-আতংকৰ মাজত আইতাকৰ ঘৰত জন্ম হ’ল লিলিয়ানাৰ। তেওঁৰ দেউতাকৰে সৈতে অসংখ্য যুগোশ্লাভ মানুহক লাইন পাতি থিয় কৰাই গুলীয়াই মাৰিছে হিটলাৰৰ সৈন্যই জীয়েকৰ জন্মৰ আগে আগে। তেওঁলোকৰ তেজেৰে ৰাঙলী ঠাই ডোখৰক পাছত গোলাপৰ বাগিচালৈ ৰূপান্তৰিত কৰা হৈছিল। ডাঙৰ হোৱাৰ পাছত লিলিয়ানাই হেনো প্ৰায়ে সেই বাগিচাত দেউতাকৰ অদৃশ্য সান্নিধ্য বিচাৰি গৈছিল। তেজেৰে লুতুৰি-পুতুৰি হোৱা দেউতাকৰ মোজাযোৰ লিলিয়ানাই স্মৃতিচিন হিচাপে লৈ ফুৰে।

 লিলিয়ানাৰ পুনেবাসৰ সময়ত আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা কিছুদিনৰ বাবে আহিছিল ললিতা সেন। বাঙালীমূলৰ হ’লেও তেওঁ ইংলেণ্ডত ডাঙৰ হৈ আমেৰিকাবাসী

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৮৩