উঠিছিলো যদিও বাইদেউ আৰু ভিনিহিৰ মুখত হাঁহি দেখি বুজিলো বাইদেৱে বিয়াৰ পিছত দেউতালৈ মোৰ উল্লিখিত চিঠিখনৰ কথা কৈছে। মই লাজতে ৰঙা পৰিছিলো।
দেশৰ পৰিস্থিতি আৰু আমাৰ মেট্ৰিক পৰীক্ষা
১৯৪৬-৪৭ চনত ভাৰতৰ স্বাধীনতাৰ যুদ্ধ তুংগত উঠিছে। আমিও মাজে-সময়ে জে বি কলেজৰ ছাত্ৰ নেতাসকলৰ আহ্বানত স্কুলৰ পৰা ওলাই সমদলত যোগ দিছিলো, সভা-সমিতিত উপস্থিত হৈছিলো। সামান্যভাৱে হ'লেও স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰি সন্তুষ্টি লাভ কৰিছিলো আমি ছাত্ৰীসকলে। নেতাসকলে নিজৰ মাজত আৰু ব্ৰিটিছৰ সৈতে আলোচনাত ব্যস্ত। মুছলিম লীগৰ হৈ মহম্মদ আলী জিন্নাই ভাৰত দ্বিখণ্ডিত কৰি স্বাধীন পাকিস্তানৰ দাবীত ১৯৪৬ চনৰ ১৬ আগষ্টত Direct Action Day পালন কৰিবলৈ আহ্বান জনায়। বন্ধ, সমদল, প্ৰতিবাদী সভা আদিৰে দিনটো পালন কৰাৰ প্ৰগ্ৰাম আছিল যদিও অৱশেষত ই এক তাণ্ডবলৈ ৰূপান্তৰিত হয়। সিদিনা কলকাতাত আৰম্ভ হয় হিন্দু-মুছলমান সংঘৰ্ষ। সেই সময়ত প্ৰেচিডেন্সী কলেজৰ এম এ ক্লাছৰ ছাত্ৰ হৈ থকা আমাৰ গৃহস্থ অমলেন্দু গুহই নাৰকীয় সেই সংঘৰ্ষ নিজ চকুৰে দেখা বুলি পিছত কৈছে। তেওঁলোকৰ হোষ্টেল আছিল হিন্দু আৰু মুছলিম দুটা বিভিন্ন এলেকাৰ মাজত। তেওঁলোকে পহৰাও দিবলগীয়া হৈছিল নিজ নিজ এলেকাত।
এই সংঘৰ্ষই নোৱাখালিত (বৰ্তমান বাংলাদেশত) এক বীভৎস ৰূপ ধাৰণ কৰে। ঠাইখনৰ বিধ্বস্ত এলেকাবোৰত পদযাত্ৰা কৰি মহাত্মা গান্ধীয়ে শান্তিৰ বাণী প্ৰচাৰ কৰিবলৈ আহিছিল। বংগৰ তেতিয়াৰ আতংকিত মুখ্যমন্ত্ৰী চুৰাবৰ্দী খান চাহাবে কঠোৰ ভাষাত ঘোষণা কৰিছিল গান্ধীজীক কোনোবাই আক্ৰমণ কৰিলে নোৱাখালিক তেওঁ শ্মশানত পৰিণত কৰিব। আগমুহূৰ্তলৈ যিসকল ব্যক্তিয়ে তৰোৱাল, দা আদিৰে ঘপিয়াই মানুহৰ শিৰচ্ছেদ কৰিছিল সিহঁতৰ অনেকে গান্ধীজীৰ চৰণত সেই অস্ত্ৰবোৰ সমৰ্পণ কৰিছিলহি। এই সংঘৰ্ষ বংগতে নহয়, বিয়পিছিল বিহাৰ আৰু পঞ্জাবলৈ। পঞ্জাৱৰ সংঘৰ্ষ আছিল তুলনাবিহীন। হিংসাত্মক এই সংঘৰ্ষৰ প্ৰাথমিক চোকটো কিছু কমিলেও ভাৰত স্বাধীন নোহোৱালৈকে চলি আছিল। সংঘৰ্ষৰ বলি কিছু মানুহৰ মুখে সেই ৰক্তাক্ত দিনবোৰৰ কাহিনী শুনি আৰু এই বিষয়ে প্ৰকাশিত কিতাপ-পত্ৰ-প্ৰবন্ধ আদি পঢ়ি ভাবিছিলো এই স্বাধীনতাৰ কিবা মূল্য আছে নে?
১৯৪৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত মেট্ৰিক পৰীক্ষা দিয়া আমিয়ে আছিলো সৰ্বশেষ ছাত্ৰ-ছাত্ৰী। দেশৰ এনে এক অস্থিৰ পৰিস্থিতিত মাৰ্চত হ’বলগীয়া পৰীক্ষা হ’ল জুনত। হ’ল যে সিও আছিল আমাৰ ভাগ্য। দুমাহ পিছত ১৫ আগষ্টত ভাৰত দ্বিখণ্ডিত হৈ ভাৰত আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰৰ জন্ম হ'ল। মহাত্মা গান্ধীয়ে এই স্বাধীনতা বিচৰা নাছিল। বোধকৰো যুঁজ কৰি ক্লান্ত হোৱা নেতাসকলৰ হেঁচাত তেওঁ ৰাজী হ’বলগীয়া হৈছিল। মহম্মদ আলী জিন্নাও প্ৰথমৰফালে আছিল মুছলিম লীগ বিৰোধী। তেওঁ অখণ্ড