পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হোৱা বাবে লৈ গ’ল বোধকৰো। শেষবাৰলৈ তেওঁক লগ পাইছিলো এক মিনিটৰ বাবে কোকৰাঝাৰ ৰে’ল ষ্টেচনত, বোধকৰো ১৯৬৯ চনত। মই পুণেৰ পৰা আহি নমা ৰে’লখনৰ আন এটা দবাত আছিল তেওঁ। মোক প্লেটফৰ্মত দেখি স্বভাৱসুলভ হাঁহি মাৰি মাত লগালে। ৰে’লখন এৰাৰ পাছত নেদেখা হোৱালৈ তেওঁ হাত জোকাৰি আছিল। যেন চিৰ বিদায় ল’লে সিদিনা।

 আমাৰ সহপাঠীসকলৰ ভিতৰৰ প্ৰায় আটায়ে নিজ নিজ জীৱনত সুপ্ৰতিষ্ঠিত হৈছে। এওঁলোকৰ মাজত আছে প্ৰশাসনিক বিষয়া, অধ্যাপক, ডাক্তৰ, ইঞ্জিনীয়াৰ, শিল্পী-সাহিত্যিক, ৰাজনীতিকৰ পৰা মন্ত্ৰীলৈ। ইতিমধ্যে বিদায় মাগিছে অনেকে, বাকীবোৰেও যমৰজাৰ সচিব চিত্ৰগুপ্তৰ ডেক্সত প্ৰয়োজনীয় কাকত-পত্ৰবোৰ ৰেডী হ’লেই যাবগৈ লাগিব। একো একোজন জুইৰ ভেলাত উঠি গুচি যায়, অনুসূয়া, মণি (দুয়ো তাৰিণী চৌধুৰী স্কুলৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী) আৰু মই কোৱাকুই কৰো এইবাৰ কোন উঠিব সেই বাহনত!


মনো মামা

 মনত পৰিছে মনো মামালৈ। মনোৰঞ্জন চৌধুৰী। মাৰ খুৰাক আইনজীৱী তথা স্বাধীনতা সংগ্ৰামী শ্যামচৰণ চৌধুৰীৰ পুত্ৰ। শ্যামচৰণ আতাই ডিব্ৰুগড়ত ওকালতি কৰিছিল আৰু তাৰে ছোৱালী বিয়া কৰাই পৰিয়ালটো ডিব্ৰুগড়বাসী হৈছিল। আবু প্ৰগতিশীল পৰিয়ালৰ জীয়ৰী আছিল আৰু ১৯২৪-২৫ মানত কলকাতাৰ বেথুন কলেজৰ পৰা বি এ পাছ কৰিছিল। ডিব্ৰুগড়ৰ কোনোবা এখন স্কুলত শিক্ষকতাও কৰিছিল তেওঁ। যি কি নহওক মনো মামাও আছিল আন এজন ইণ্টাৰেষ্টিং মানুহ। কটন কলেজত তেওঁ আছিল আমাৰ সহপাঠী। আমি যোৰহাটত থাকোতে মামা প্ৰায়ে ডিব্ৰুগড়ৰ পৰা আহিছিল। তেওঁৰ কণ্ঠত অলপো সুৰ নাথাকিলেও গান শিকা আৰু হাৰমনিয়াম বজোৱাৰ প্ৰতি আছিল অসীম আগ্ৰহ। গীতাবা আছিল তেওঁৰ গানৰ গুৰু। তেতিয়া আমি তিনিও নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী। পূজাৰ বন্ধত মামাই গাবলৈ আৰু বজাবলৈ শিকিলে তেওঁৰ প্ৰিয় গীত ‘জন গন মন অধিনায়ক জয়হে, ভাৰত ভাগ্য বিধাতা’। বজোৱাটো তেওঁৰ আঙুলিস্থ, হাৰমনিয়াৰ কোনটো ৰীড টিপিব লাগে সকলো জানে, কিন্তু সুৰৰ জ্ঞান নথকা বাবে তেওঁৰ গান শুনি হাঁহি মৰিছিলো। অপমানিত বোধ কৰি তেওঁ এদিন ঢলপুৱাতে কাকো নোকোৱাকৈ ওলাই গৈছিল চিঠি এখন লিখি থৈ। চিঠিত লিখি গৈছিল জীৱনতে আমাৰ ঘৰমুৱা নহয় বুলি কিন্তু বাস্তৱত এসপ্তাহৰ মূৰতে আহি উপস্থিত হৈছিল।

 কটন কলেজত সেই সময়ত আমি কেইবাজনো কাজিন ভাই-ভনীয়ে অগাপিচাকৈ পঢ়িছিলো। মনো মামা আমাৰ মামা হোৱাৰ সুবাদত কলেজখনৰে মামা হৈ পৰিছিল। তেওঁ আছিল কথা চহকী আৰু নিজৰ স্বভাৱটোৰ বাবে জনপ্ৰিয়। আমাৰ দেউতা কটনত পঢ়োতে চুডমাৰ্চন চাহাবে তেওঁক কৈছিল— The world is your cousin. আমাৰ সময়ত চাহাব থকা হ’লে মনো মামাক নিশ্চয় ক'লেহেঁতেন— The whole collage is your ভাগিন।

১২০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি