পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নম্বৰ আছিল ব’টানীত। সেই নম্বৰটো পোৱাজনলৈ বায়োল’জিকেল চ’ছাইটিয়ে এটা স্বৰ্ণপদক আগবঢ়াইছিল। সেই নম্বৰটো পোৱাৰ পিছত মোৰ হতাশা ভালেখিনি কমিছিল।

 মোৰ ৰিজাল্ট পোৱাৰ দিনা দেউতাৰ যে কি আনন্দ! ৰাতি তেওঁৰ চকুত টোপনি নাই। বোধকৰো তেওঁৰ মনত পৰিছিল কোকৰাঝাৰত এল পি স্কুলখন প্ৰতিষ্ঠা কৰাৰ কথা, সোঁতৰ বিপৰীতে গৈ ল’ৰাৰ স্কুলত মোক ভৰ্তি কৰোৱাৰ কথা, যোৰহাটলৈ পঠোৱাৰ কথা। আৰু যে কত কি! সেই সময়ত বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলা স্ত্ৰী শিক্ষাত আছিল পিছপৰা। মনত পৰে মাজনিশা দেউতাই মাক জগাই দি কৈছিল— ‘ছোৱালী চায়েন্স গ্ৰেজুৱেট হ’ল আৰু তুমি শুই আছা। মোৰতো টোপনিয়ে ধৰা নাই।’

 মোৰ মনত পৰিছিল কোকৰাঝাৰৰ নগেন্দ্ৰ লাইব্ৰেৰী নামৰ কিতাপৰ দোকানৰ প্ৰতিষ্ঠাতাগৰাকীলৈ। সাত-আঠ বছৰ বয়সত বান্ধৱী এজনীৰে সৈতে সেই দোকানখনত পেন্সিল-ৰবৰ কিনিবলৈ গৈছিলো এদিন। নগেন্দ্ৰ জেঠাই কৈছিল— ‘একখানা ডিক্‌সনাৰী নিয়া যা, ডিক্‌সনাৰীটা পড়লে বি এ পাশ কৰতে পাৰবি।’ আমি হাঁহি হাঁহি মাটিত বহি দিছিলো। বি এ পাছ কৰিম? বি এতো পাছ কৰে দেউতাহঁতে। কি যে কয় জেঠাই। সাত বছৰীয়া মইজনী এদিন ডাঙৰ হ’লো। বি এ পাছো কৰিলো। সময় উৰে জেট বিমানৰ গতিত। নগেন্দ্ৰ জেঠাৰ অমূল্য কথাষাৰ কৈছিলো গুৱাহাটীৰ এন এল পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী অলক অধিকাৰীক। অলক নগেন্দ্ৰ জেঠাৰ নাতি। তেওঁ বৰ স্ফূৰ্তি পাইছিল কথাষাৰ শুনি।

 ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত প্ৰথম কনভ’কেশ্যনখনলৈ মনত পৰিছে। কৃষ্ণকান্ত সন্দিকৈ তেতিয়া উপাচাৰ্য। আমি ভলণ্টিয়াৰ হৈ কাম কৰিছিলো। প্ৰধান অতিথি হিচাপে আহিছিল সৰ্বপল্লী ৰাধাকৃষ্ণণ।

 দেউতাৰ ইচ্ছা আছিল কলকাতাত মই ব’টানীত এম এছ চি পঢ়ো। তেতিয়াৰ দিনত অসমৰ ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে কলকাতাতে পঢ়িছিল। কিন্তু মোৰ ভাগ্যই মোক কলকাতামুৱা হ’বলৈ নিদিলে।


বিপৰ্যয়

মোৰ বি এছ চি পৰীক্ষা শেষ হোৱাৰ পাছত দেউতা গুৱাহাটীলৈ আহিছিল মোক ঘৰলৈ লৈ যাবলৈ। ইতিমধ্যে ভিনিহিদেউ ভূপেন্দ্ৰ নাৰায়ণ দাসে মেজিষ্ট্ৰেট পদত নিযুক্তি পাইছিল ডিব্ৰুগড়ত। ব্ৰিটিছৰ শাসনকালত অধিকাংশ পদস্থ বিষয়াৰ আসনত উপবিষ্ট আছিল ব্ৰিটিছসকল। স্বৰাজোত্তৰ ভাৰতত সেইবোৰ বাব স্বাভাৱিক কাৰণতেই দেশীয় মানুহৰ হস্তগত হ’ল। সেই সময়ত মেজিষ্ট্ৰেট হ’ব পৰাটো ভাগ্যৰ কথা বুলি বিবেচিত হৈছিল। বাইদেউৰ বিয়াৰ এবছৰ পাছত ভাৰত স্বাধীন হোৱাৰ কেইমাহমানৰ ভিতৰতে ভিনিহিদেউ মেজিষ্ট্ৰেট হোৱা শুনি মানুহে বাইদেউকে লখিমী বুলি বখানিছিল। আমাৰ ঘৰতো বৈ গৈছিল আনন্দৰ বান। যি কি নহওক, পৰীক্ষা শেষ হোৱাৰ পাছত দুদিনমান তেওঁলোকৰ ঘৰত থাকোতে দেউতাই

ভিনিহিদেউক কৈছিল যে তেওঁৰ বুকুত যেন মাছৰ কাঁইটে বিন্ধিছে এনে এটা অনুভূতি হয়।

১২৪/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি