পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আবুৰ ওপৰত। তেওঁৰ দেউতাক নে ককাদেউতাক কোনোবা এজন আছিল বিলাসীপাৰা জমিদাৰীৰ পৰিচালক। আমি কৈছিলো তোমাক তেওঁলোকে ভাল এখন শাৰী কিনি দিব নোৱাৰেনে? সেই একে কথা— তেওঁ বিধবা। তদুপৰি দেউতাক-ককাদেউতাক কেতিয়াবাই আকাশলৈ গুচি গৈছে, তেওঁ কৈছিল।

 আমাৰ আন এজন অতি মৰমৰ শিক্ষক আছিল মাৰ পিতা— আমাৰ কবি আতা, কেশৱ চন্দ্ৰ চৌধুৰী। এওঁ মোৰ লেখাত মাজে মাজে ভুমুকি মাৰিব বুলি আগতে কোৱা হৈছে। আতা মাজে-সময়ে আমাৰ ঘৰলৈ আহি আমাক বুৰঞ্জী পঢ়াইছিল। স্বৰচিত কবিতাৰ মাধ্যমেৰে। আচলতে ‘পদ্য ভাৰত বুৰঞ্জী’খন তেওঁ লিখিছিল বাইদেউৰ বাবে। অপ্ৰকাশিত কিতাপখনৰ আগকথাত আতাই লিখিছে এইদৰে—

 ‘মোৰ কুমলীয়া নাতিনী পিক্‌লুক (বাইদেউৰ ঘৰত মতা নাম) তাইৰ গৃহ শিক্ষকে বুৰঞ্জীৰ পাঠ দিওঁতে মই ধেমালি কৰি সেই পাঠবিলাক কবিতা আকাৰে লিখি তাইক পঢ়িবলৈ দিওঁ। এই কবিতাবিলাক পাই পিক্‌লুৰ ইমান ৰং হ’ল যে তাই ১৫/২০ মিনিটৰ ভিতৰত সেই বিলাক মুখস্থ কৰি যেতিয়াই তেতিয়াই আবৃত্তি কৰি ফুৰিব ধৰিলে। তাইৰ মুখত শুনি বুলু, টুলুয়েও (৫ বছৰীয়া আৰু ৩ বছৰীয়া তাইৰ ভনীয়েক) সেইবিলাক মধুৰ সুৰত গাবলৈ আৰম্ভ কৰে। ইয়াৰ কিছুদিন পাছত মই বৰপেটালৈ যোৱাত মোৰ কনিষ্ঠা কন্যা কোহিনুৰেও এই পাঠবিলাক দেখি ৰঙত জপিয়াব ধৰে আৰু তায়ো সেইবিলাক মুখস্থ কৰি যেতিয়াই তেতিয়াই গাই ফুৰিবলৈ ধৰিলে। এনেকৈ দুটা-এটাকৈ লিখোতে ই কিতাপৰ আকৃতি পালে। মই ক'ব নোৱাৰো ই লৰা-ছোৱালীৰ কিবা উপকাৰত আহিব পাৰে নে নোৱাৰে। এতেকে সুধীসকলৰ হাতত সবিনয়ে ইয়াৰ বিচাৰৰ ভাৰ অৰ্পিলো।

 কোকৰাঝাড় ১০ আগষ্ট ১৯৩৮ – গ্ৰন্থকাৰ’

 কিতাপখন বোধকৰো পাণ্ডুলিপি অৱস্থাতে বাগৰি বাগৰি বৰ্তমানে মোৰ হাতলৈ আহিছে। এইখনেই নহয়, শিশুৰ বাবে তেওঁ ৰামায়ণ-মহাভাৰতো লিখিছিল। পদ্য ভাৰত বুৰঞ্জীখনত হিন্দু ৰাজত্বৰ পৰা ব্ৰিটিছ শাসনলৈ সামৰা হৈছে। শেষ পদ্যটো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাতি-সংঘক লৈ লিখা। তাৰ পিছতে তেওঁ পৰলোক গমন কৰে।

 আলেকজেণ্ডাৰক ‘পাঁচবছৰীয়া বুলু’ অৰ্থাৎ মোৰ স্মৃতিত বীৰৰ স্থানত অধিষ্ঠিত কৰিছিল আতাৰ কবিতাই—

গ্ৰীচ দেশৰ  মেচিদনিয়াৰ
 আলেকজেণ্ডাৰ বীৰে
বহু সৈন্য লই  এচিয়ালৈ আহি
 দেশ জয় কৰি ফুৰে....

 হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে চুটি চুটি কবিতাৰে অনাৰ্য জনগোষ্ঠীৰ পৰা তাৰিখ-চনৰে সৈতে কালক্ৰমানুসৰি ভাৰতৰ সকলো শাসককে বুৰঞ্জীখনত স্থান দিছে। তাৰ মাজত মেগেস্থেনিছ, হিউ য়েন ছাং, বুদ্ধদেৱ, হজৰত মহম্মদ, মহাত্মা গান্ধী প্ৰমুখ্যে ইতিহাসপ্ৰসিদ্ধ ব্যক্তিসকলৰ কথাও কবিতাকাৰে আছে। হজৰত মহম্মদৰ বিষয়ে লিখা

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৫৫