পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মজিয়াত পেলাই থৈ সেই থাপনাত পাওৰুটি সেকা টোস্টাৰটো, কফিৰ পিয়লাবোৰ ৰখা দেখি আচৰিতেই হৈছিলো। ভাতখিনি কোনোবাই ৰান্ধি দি গৈছিল যদিও ব্ৰেকফাষ্ট নিজেই বনাইছিল, আমাকো মাতি খুৱাইছিল। বিদ্যাৰ বাবে ৰান্ধনী ঘৰৰ প্লেটফৰ্মখন ওখ হোৱা বাবে থাপনাখনকে সেই কামত ব্যৱহাৰ কৰিছিল। মাক অহাৰ আগে আগে মূৰ্তিবোৰ থৈছিল যথাস্থানত। ‘মায়ে যদি ‘পুতলা’ খেলি মনত শান্তি পায় বাধা দিবলৈ মই কোন’— নাস্তিক বিদ্যাই কয়।

 আমি পুনে এৰাৰ পাছত ৰিজাৰ্ভ বেংকত চাকৰি পাই বিদ্যা মুম্বাইলৈ যায়। ১৯৯২ চনত আমি গুৱাহাটীত। হঠাতে আমাৰ ঘৰত বিদ্যাৰ আৱিৰ্ভাব হোৱা দেখি চক খাই উঠিছিলো। সাংবাদিক বান্ধৱী এজনীৰ লগত তেওঁ আহিছিল উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিবলৈ, আছিল ৰিজাৰ্ভ বেংকৰ অতিথিশালাত। গুৱাহাটীৰ মানুহেই কেতিয়াবা আমাৰ ঘৰটো বিচাৰি নাপায়, বিদ্যাই ঠিকনা হাতত লৈ অট’ এখনত উঠি পোনে পোনে আহি পাইছিল আমাৰ দুৱাৰমুখ। গুৱাহাটীৰ পৰা অৰুণাচল ভ্ৰমণ কৰি নগাপাহাৰলৈ যোৱাৰ সময়তে গম পালে বাবৰি মছজিদ ধ্বংসৰ প্ৰতিক্ৰিয়া হিচাপে মুম্বাইত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈছে। ভ্ৰমণ বন্ধ কৰি বিদ্যা ততাতৈয়াকৈ মুম্বাইলৈ উভতি গ’ল। বৰ্তমানে ৰিজাৰ্ভ বেংকৰ এগৰাকী প্ৰধান উপদেষ্টা হিচাপে পুনেত এটা বিৰাট বাংলোত বিদ্যাৰ বাস। চালকৰে সৈতে গাড়ী এখন তেওঁৰ গাড়ী বাৰাণ্ডাত থাকে। যোৱা বছৰ অকলেই আমেৰিকা আৰু কানাডা ভ্ৰমণ কৰি আহিছে। ক’লে যে সেইবোৰ দেশত প্ৰতিবন্ধীৰ বাবে বহু সুবিধা থকা বাবে ফুৰা-চকা কৰা সহজ। মোক পুনেলৈ যাবলৈ আমন্ত্ৰণ কৰি কৈছে বিমানৰ টিকেটটো তেৱেঁ পঠাই দিব।

 অসংখ্য শাৰীৰিক সীমাৱদ্ধতা জয় কৰি বিদ্যাই নিজকে সুপ্ৰতিষ্ঠিত কৰিলে। তেওঁক দেখিয়ে বোধকৰো ভাগ্যৰ ওপৰত মই বিশ্বাস হেৰুৱাইছো। নিজৰ ভাগ্য মানুহে নিজেই গঢ়ে। বিদ্যাৰ জীৱন যুদ্ধৰ বিষয়ে কৈ অনুপ্ৰেৰণা যোগাইছিলো বাংলাদেশৰ মুক্তিবাহিনীৰ সদস্যক। ১৯৭১ চনৰ ডিচেম্বৰত পাকিস্তানৰ হাতোৰাৰ পৰা মুক্ত হোৱাৰ পাছত স্বাধীন বাংলাদেশৰ জন্ম হয়। সেই যুদ্ধত ভাৰতীয় সেনাবহিনীৰ সহায় নাপালে দেশখন স্বাধীন হ’ব নোৱাৰিলেহেঁতেন যদিও বাংলাদেশৰ মুক্তিবাহিনীৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি। অগণিত ডেকা ল’ৰাই মাতৃভূমিক মুক্ত কৰিবলৈ জীৱন দিয়ে। অংগহানি হোৱা মুক্তি যোদ্ধাৰ দল এটাক চিকিৎসা প্ৰদান আৰু কৃত্ৰিম অংগ সংস্থাপন কৰোৱাবলৈ ভাৰত চৰকাৰে

পুনেৰ কৃত্ৰিম অংগ সংস্থাপন প্ৰতিষ্ঠানলৈ আনিছিল। আমি ফল-ফুল মিঠাই আদি লৈ তেওঁলোকৰ ওচৰলৈ মাজে মাজে গৈছিলো। চলৎ শক্তিহীন কম বয়সীয়া ল’ৰাবোৰে হাস্পতালৰ বিছনাত শুই হুমুনিয়াহ কাঢ়ি কৈছিল— দেশ স্বাধীন হ’ল ঠিকেই, আমি যিসকলে জীৱন দি যুদ্ধ কৰিলো তাৰ ভিতৰত অংগহানি হৈ বাচি থকাসকলে কি পালো? আমাৰ ভৱিষ্যৎ কি? আমাক কোনেও বিয়াও নকৰায়। বিদ্যাৰ উদাহৰণ দি তেওঁলোকৰ মনত আমি সাহ বঢ়াবলৈ চেষ্টা কৰিছিলো। মাজে মাজে মোৰ তেওঁলোকলৈ মনত পৰে। ক’লৈ গ’ল, কি কৰে নাজানো। এবাৰ বাংলদেশলৈ যাওঁতে ঢাকাৰ সমীপৱৰ্তী ডাভাৰ নামৰ ঠাইখনত কেইবা একৰ জোৰা প্ৰশস্ত এক এলেকাত মৃত মুক্তিযোদ্ধাসকলৰ উদ্দেশে নিৰ্মিত

১৮৬/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি