পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চীনে অতৰ্কিতে ভাৰতক আক্ৰমণ কৰিলে। ঘাই সুঁতিটো সোমাল ভূটান-তিব্বত-অৰুণাচলৰ সীমা পাৰ হৈ নাথু-লা, তাৱাং আদি অঞ্চলৰ মাজেদি। শান্তিৰ দেশ ভাৰতৰ সৈন্যসকল সেই সময়ত যুদ্ধবিদ্যাত বৰ পাৰদৰ্শী নাছিল। গতিকে চীনাসৈন্যই তেওঁলোকক দিছিল পহুখেদা। শত্ৰুপক্ষই বাধাহীনভাৱে ছে–লা, দিৰাং, জং, বমদিলা আদি অঞ্চল অতিক্ৰম কৰি তেজপুৰ পাওঁ পাওঁ। ৰেডিঅ’ত এই বাতৰি শুনি শ্বিলঙৰ নৱেম্বৰৰ ঠাণ্ডাতো আমি ঘামি উঠিছিলো। সেই সময়ত অবিভক্ত অসমৰ ৰাজধানী আছিল শ্বিলং। উৰা বাতৰি ওলাল শ্বিলঙৰ দাঁতিকাষৰীয়া পাহাৰবোৰত চীনাসৈন্য পেৰাচুটেৰে নামি আছে। ইফালে গুহলৈ চিন্তা। তেওঁ তেজপুৰ গৈ পোৱাৰ সংবাদো পোৱা নাই। সেইকেইদিন ভিনিহি অফিচৰ পৰা অহাৰ পাছত চিমনিটো জ্বলাই আমি আলোচনা কৰিছিলো চীনাসকলে ৰাজধানী দখল কৰিলে আমি কৰিম কি? মোক লৈ চিন্তাৰ শেষ নাই।

 ১৯ নৱেম্বৰ। দোকমোকালিতে চৰকাৰী গাড়ীত ভিনিহি ওলাই গ’ল। কলৈ গল নাজানিলো। মোৰ বিবেকবুদ্ধি চিন্তাশক্তি সকলো লোপ পাইছিল। এনেতে তেজপুৰত কৰ্মৰত গুহৰ ভতিজাক নিৰ্মলেন্দুই ফোন কৰি জনালে তেজপুৰ পতনৰ বাতৰি। সেইষাৰ কৈয়ে লাইন কাটি দিলে। ধৰিয়ে ল’লো গৃহস্থৰে সৈতে তেজপুৰবাসী চীনৰ হাতলৈ গ’ল। বাকী অসম দখল কৰিবলৈ আৰু নো কিমান সময় লাগিব। তথাপি আমি আটায়ে শ্বিলঙৰ পৰা নামি কোকৰাঝাৰলৈ যোৱাৰ সিদ্ধান্ত লোৱা হ’ল। ভিনিহি অৱশ্যে চৰকাৰী উচ্চ পদস্থ চাকৰিয়াল হোৱা হেতুকে যাব নোৱাৰে। চীনাসকল আহি পালে তেওঁ হাবি-বননিৰ মাজেৰে খোজকাঢ়ি পলাবলৈ চেষ্টা কৰিব। এইবোৰ আলোচনা কৰি থাকোতে তেজপুৰলৈ ট্যুৰ কৰিবলৈ যোৱা মহাদেউ ঈশ্বৰ প্ৰসাদ চৌধুৰীয়ে জনালে বিষ্ণু ৰাভা, ৰমেশ শৰ্মা, জীৱন কলিতা, মণি ভৌমিক আৰু অমলেন্দু গুহক ভাৰত চৰকাৰে প্ৰিভেনটিভ ডিটেনছন এক্টমতে গ্ৰেপ্তাৰ কৰিছে। কি অপৰাধত? অপৰাধ তেওঁলোক কমিউনিষ্ট আদৰ্শত বিশ্বাসী। চীন চৰকাৰো কমিউনিষ্ট। গতিৰে ঘৰৰ শত্ৰু বিভীষণমখাই চীনক আমন্ত্ৰণ কৰি আহিছে। ভিনিহিয়ে এনে এটা বাতৰি পাব বুলি ভয় খায়ে আছিল। কিয়নো সিদিনা ৰাতিপুৱা পালি-প্ৰহৰী লৈ তেওঁ শ্বিলঙৰ চীনদেশীয় মূলৰ মানুহ আৰু কমিউনিষ্টক গ্ৰেপ্তাৰ কৰিবলৈকে গৈছিল। যি কি নহওক, সিদিনা চীনৰ সলনি ভাৰত চৰকাৰৰ হাতত বন্দী হোৱা বাবে সাময়িকভাৱে আমি সকাহ পাইছিলো। এক ঘোৰ অন্ধকাৰ ভৱিষ্যৎ সন্মুখত ৰাখি সিদিনাই শ্বিলং এৰি গুৱাহাটী পালো। ৰাতি জৱাহৰলাল নেহৰুৱে ঘঁৰিয়ালৰ চকুপানী টুকি ৰেডিঅ’যোগে জনালে— My heart goes to the people of Assam.

 হঠাতে পিছদিনা ২০ নৱেম্বৰত নাটকীয় কায়দাত চীনে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰিলে। বিজয়ী সৈন্যই এইদৰে যুদ্ধ বন্ধ কৰাৰ উদাহৰণ বিশ্বৰ ইতিহাসত বোধকৰো দ্বিতীয় এটা নাই। আনহাতে যুদ্ধত ভাৰতীয় সেনাই এটাও চীনা সৈন্যক ধৰিবতো নোৱাৰিলেই, পিছ হুহুকিহে আহিল। যিসকল আহিব নোৱাৰিলে তেওঁলোকৰ তেজেৰে ৰাঙলী হ’ল তাৱাং কামেং-দিৰাং-বমদিলাৰ পাৰ্বত্য অঞ্চল। উৰহৰ খং ভগা ঢাৰিত। নিজৰ

ত্ৰুটি ঢাকিবলৈ ভাৰত চৰকাৰে চীনা আৰু কমিউনিষ্টসকলক বন্দী কৰিলে। শুনিছো, তেজপুৰ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৬৯