পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছিল খ্যাতনামা অৰ্থনীতিবিদ। মুঠতে গোখলে ইনষ্টিটিউটৰ প্ৰতিগৰাকী অধ্যাপক, ৰীডাৰ আৰু প্ৰবক্তাৰ আছিল নিজ নিজ বিষয়ত পাণ্ডিত্য।

 পুনে মহাৰাষ্ট্ৰৰ সাংস্কৃতিক ৰাজধানী। Simple living high thinking বাক্যশাৰী পুনেৰ প্ৰতিগৰাকী মাৰাঠীৰ ক্ষেত্ৰত প্ৰযোজ্য যেন লাগিছিল। ইয়ালৈ নহা হ’লে জীৱনৰ বহু অভিজ্ঞতাৰ পৰা মই বঞ্চিত হ’লোহেঁতেন। সম্পূৰ্ণ বেলেগ সংস্কৃতিৰ, বেলেগ ভাষা-ভাষীৰ ঠাই এখনলৈ আহি প্ৰথম প্ৰথম হতাশাত ভুগিছিলো যদিও ন বছৰ পাছত এনে এখন উন্নতমানৰ ঠাই এৰিবৰ সময়ত বহু কিবা হেৰুওৱাৰ অনুভূতি হৈছিল। পুনে তেতিয়াও ইণ্ডাষ্ট্ৰিয়েল চহৰ আছিল, বাহিৰা মানুহো অনেক আছিল। কিন্তু পুনেই হেৰুওৱা নাছিল তাৰ নিজস্ব ভাষা-সংস্কৃতি-পৰম্পৰা। বাহিৰা মানুহ বাধ্য হৈছিল সেই ভাষা, সেই সংস্কৃতি আহৰণ কৰিবলৈ। আজি পুনে বহুগুণে ডাঙৰ হৈছে, কল-কাৰখানা বাঢ়িছে, মানুহো বাঢ়িছে, নাজানো পুনেই তাৰ নিজস্ব বৈশিষ্ট্যৰ কিবা ইতিমধ্যে হেৰুৱাইছে নেকি! নাজানো আজিও পুনে বিশ্ববিদ্যালয়ত অধ্যাপক-প্ৰবক্তা হিচাপে নিযুক্তি পোৱা অনা-মাৰাথীসকলে যোগ দিয়াৰ পাঁচ বছৰৰ ভিতৰত মাৰাঠী ভাষা শিক্ষাৰ পৰীক্ষা এটা পাছ কৰিব লাগে নে নালাগে। পৰীক্ষাটো পাছ কৰিব নোৱাৰিলে তেওঁলোকৰ ইনক্ৰিমেণ্ট আৰু প্ৰমোচন বন্ধ কৰি ৰখা হৈছিল।

 আমি থকা যশৱন্ত এৰাণ্ডাৱানা নামৰ কমপ্লেক্সটোৰ এগৰাকী বাসিন্দা অনসূয়া শাস্ত্ৰীয়ে মোক চিনাকি কৰি দিছিল বাঙালী মানুহ এঘৰৰ সৈতে। প্ৰথম কিছুদিন প্ৰতিবেশীসকলৰ লগত ইংৰাজী কৈ কৈ বৰ বিৰক্তি লাগিছিল। বাঙালী পৰিয়ালটোত গৃহিণী বাণীদিক পাই মুক্তি পোৱা যেন লাগিল। তেওঁ আৰু কেইঘৰমান বাঙালীৰ লগত চিনাকি কৰি দিয়াত বিদেশ বিদেশ যেন লগা ঠাইখনত মন বহিবলৈ ধৰিছিল। তাৰ পিছত আৰু বেছিকৈ মন বহিল যেতিয়া ঘৰৰ ওচৰতে থকা পুনে ফিল্ম ইনষ্টিটিউটত আবিস্কাৰ কৰিলো নিপন গোস্বামী, বিজয় চৌধুৰী (বিজু), পীযূষ ৰয় (মইনা), ইন্দুকল্প হাজৰিকা আৰু আভাক। আভা ধুবুৰী ছোৱালী হাইস্কুলত মোৰ ছাত্ৰী আছিল। এওঁলোকৰ লগত আমাৰ এটা ঘৰুৱা সম্পৰ্ক হৈছিলগৈ। এবছৰ পাছত কৌতুক অভিনেতা পূণ্য দাসো আহিছিল। এওঁলোকে আমাক ফিল্ম ইনষ্টিটিউিটখন বহুবাৰ দেখুৱাইছে। চিনেমা এখন কেনেকৈ নিৰ্মিত হয় প্ৰথমৰ পৰা শেষলৈ প্ৰতিটো অধ্যায় ছোৱা ছোৱাকৈ তেওঁলোকে আমাক দেখুৱাইছে। কেমেৰাৰ সন্মুখত শ্বুটিং কৰাও আমনি লগা, চোৱাও আমনি লগা। শেষৰ দৃশ্যৰ ছবি হয়তো আগতে তোলা হয় আৰু আগৰটো শেষত। পাছত সেইবোৰ সজোৱা হয় প্ৰথমৰ পৰা শেষলৈ। অভিনেতা-অভিনেত্ৰীসকলে কেনেকৈ যে যিকোনো এটা দৃশ্যত অভিনয় কৰে বুজি নেপাও, মুডেই বা আহে কেনেকৈ? কিছুমান দৃশ্য ফাঁকিৰ ওপৰত প্ৰতিষ্ঠিত। সমুদ্ৰত ধুমুহা উঠা দৃশ্যটো লোৱা হ’ল পুখুৰীত। পাৰৰ চাৰিওফালে চলাই দিলে বিৰাট বিৰাট বিজুলী বিচনী। হলীউডৰ ইউনিভাৰ্ছেল ষ্টুডিঅ’ দৰ্শন কৰাসকলে জানে নকল দৃশ্যবোৰ কি যাদুৰ বলত জীৱন্ত হৈ উঠে পৰ্দাত। মুম্বাইৰ ফিল্ম ইণ্ডাষ্ট্ৰিত যোগ দিয়াৰ পাছত বিজু আৰু মইনাই আমাক আৰ কে ষ্টুডিঅ’ত শ্বুটিং দেখুৱাইছিল।

১৭৬/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি