পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নহয়। শেফালিয়ে কেৱল জীয়েককে কলংপৰীয়ালৈ বিয়া দিয়া নাই, ভনীয়েক আৰতিক তাৰ আগতে একেখন নগাঁৱৰ আমোলাপট্টী নিবাসী ভূপেন মহন্তলৈ দিছে। এওঁৰ দেউতাক ভূজ মহন্ত নগাঁৱৰ এগৰাকী নাম কৰা ব্যক্তি আছিল। মহাত্মা গান্ধী নগাঁৱলৈ আহোতে ভূজ মহন্তৰ ঘৰত আছিল।


বিদ্যাৰম্ভ

ছোৱালীৰ বাবে স্কুল নোহোৱা তাহানিৰ কোকৰাঝাৰত আমি কেনেকৈ পঢ়িলো তাকে কোৱা যাওক। আমাৰ ঘৰুৱা স্কুলত মা আছিল আখৰ আৰু সংখ্যা শিকোৱা, সৰু সৰু যোগ-বিয়োগ আদি শিকোৱা মাষ্টৰণী বাইদেউ। দেউতাই পুৱা গীতা বা চাণক্য শ্লোকৰ একোটাকৈ শ্লোক মুখস্থ কৰাইছিল। ইংৰাজী, ভূগোল আদিৰো ছাৰ আছিল তেওঁ। অলপ ডাঙৰ হোৱাৰ পিছত যে নীৰস ইংৰাজী গ্ৰামাৰসোপা শিকাইছিল সেই দিনবোৰৰ কথা আৰু নাপাহৰো। দেউতা আছিল born teacher। পঢ়াবলৈ তেওঁ বৰ ভাল পাইছিল৷ এইটো তেওঁৰ হবি আছিল বুলি ক’লে বঢ়াই কোৱা নহয়। তেওঁৰ সহকৰ্মীৰ ল’ৰা-ছোৱালীক বাটৰ পৰা মাতি আনি ইংৰাজী পঢ়াইছিল। বহু বছৰ পিছত কলকাতাত লগ পাইছিলো পুৰণি চিনাকি ল’ৰা এজনক। তেওঁলোকে হেনো আমাৰ দেউতাই বাটৰ পৰা ধৰি আনি পঢ়ায় বুলি ভয়তে আমাৰ ঘৰৰ আগেৰে অহা-যোৱা কৰা নাছিল। কিন্তু তেওঁ পঢ়োৱা বাবে যে ইংৰাজী শিক্ষাৰ ভেটিটো মজবুত হৈছে সেই কথা স্বীকাৰ কৰিছিল। মাকো দেউতাই ইংৰাজী পঢ়াইছিল।

 আমাৰ ঘৰৰ স্কুলখনত কোনো পাঠ্যক্ৰম অনুসৰি পঢ়োৱা হোৱা নাছিল। এফালে হয়তো ভালকৈ পঢ়িবই নাজানো, আনফালে বিশ্বৰ মানচিত্ৰখন হ’লে ভালকৈয়ে চিনাকি। পঢ়া কোঠাৰ বেৰত ওলোমাই ৰখা হৈছিল বিভিন্ন মহাদেশৰ মানচিত্ৰ। আমাক দেউতাই শিকাইছিল মেপ ৰিডিং কৰিবলৈ। তেতিয়াৰে পৰা আজিলৈ কল্পনাৰ ঘোঁৰা ঢেঁকুৰাই মই দেশে-বিদেশে ঘূৰি-ফুৰি আছো। মেপখন থাকে চকুৰ আগত। কেতিয়াবা যাওঁ সুমেৰুলৈ, কেতিয়াবা কুমেৰুলৈ। কেতিয়াবা ট্ৰেন্স চাইবেৰিয়ান ৰে’লত উঠি মস্কোৰ পৰা যাওঁ পিকিঙলৈ (আজিৰ বেইজিং), কেতিয়াবা জাহাজেৰে লণ্ডন হৈ আমেৰিকালৈ।

 এদিন লাঠি এডালেৰে কোবাই কোবাই দেউতাৰ সহকৰ্মী এজনে তেওঁৰ পুতেক কালাচাঁদক আমাৰ ঘৰলৈ আনি দেউতাক মাতি পঠালে। কথা হেনো বিষম। কালাচাঁদ বোধকৰো সপ্তম-অষ্টম শ্ৰেণীৰ। আমাৰ চকুত বেচ ডাঙৰ ল’ৰা। দেউতাকে তাক ব্ৰহ্মপুত্ৰ নৈৰ গতিপথ সম্পৰ্কে শিকাই আছিল, কিন্তু বাছাধনৰ মূৰত কথাষাৰ নোসোমায়। নোসোমায় বুলি ক’লে ভুল কোৱা হ’ব — সোমায় ওলোটাকৈ। যেনে ব্ৰহ্মপুত্ৰ নৈ বংগোপ সাগৰৰ পৰা ওলাই বংগদেশৰ (তেতিয়া বৰ্তমানৰ বাংলাদেশ আৰু পশ্চিমবংগক একেলগে বংগদেশ বোলা হৈছিল। তেতিয়াও ভাৰত বিভাজন হোৱা নাছিল) মাজেৰে কিছুদূৰ বৈ গৈ অসমত সোমায়। তাৰ পিছত অসমৰ পৰা ওলাই তিব্বতৰ মাজেৰে গৈ মানস সৰোবৰত পৰে। দেউতাকে কণ্ঠস্বৰ সপ্তমত তুলি কয়—‘বেটা মুৰ্খ, ওলোটাই কৱ কিয়?’ তাৰ পিছতে

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৫৩