পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুটা। এদিন মামাই আনিলে যুদ্ধ সম্পৰ্কীয় গানৰ এখন ৰেকৰ্ড। আমি কেইবাদিনো জুৰি উধাই-মুধাই শুনিছিলো একেটা গানকে। কোনে ৰচনা কৰিছিল, কোনে গাইছিল মনত নাই। কিন্তু বিশ্বযুদ্ধৰ ইতিহাস অতি সংক্ষেপে মনত থাকি গ'ল। আৰু এই চুটি ইতিহাসেই পিছত যুদ্ধৰ দীঘলীয়া ইতিহাস জানিবলৈ আগ্ৰহী কৰি তুলিলে। সেই গীতটোৰ দুটামান লাইন আছিল এনেধৰণৰ—


(বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰি দিয়া হল)
১৯৩৯ পহিলা ছেপ্টেম্বৰ
জাৰ্মানীৰ শাসনকৰ্তা গ্ৰেট ডিক্টেটৰ
এডলফ হিটলাৰে কৰে ডানজিগ অধিকাৰ
পোলেণ্ডৰ ওপৰত কৰে প্ৰথম অভিযান।
জাৰ্মানী গৈছে আগুৱাই
যেয়ে য’লৈ পাৰিছে গৈছে পলাই।
ভাগি-চিগি য’ত অভেদ্য দুৰ্গ
একেদিনাই আক্ৰান্ত হলেণ্ড, বেলজিয়াম লুক্সেমবুৰ্গ...।


...মুছ'লিনী ইটালী হিটলাৰৰে কৰে জোৰদাৰ মিতালি,
দুয়োৰে স্বপ্ন ফেছিজিম, ৰচনা কৰিলে নতুন স্কীম।
গোৱেৰিং, হিমলাৰ, মুছ’লিনী হিটলাৰ
বিশ্ব কঁপাই কৰিলে চিৎকাৰ
ফেছিজিম ফেছিজিম
সমগ্ৰ ইউৰোপ হ’ব ফেছিস্থান...


....২৮ ছেপ্টেম্বৰ ৩৯ চন
ইংৰাজ আৰু ফৰাচীয়ে
যুদ্ধ ঘোষণা কৰে শুনে জগতবাসীয়ে
চেম্বাৰলিন, চেম্বাৰলিন ব্ৰিটেনৰ মন্ত্ৰী প্ৰধান...।


.....১৯৪৫ চনৰ আগষ্টত বাৰ্লিনত ৰাছিয়াই বিজয় পতাকা উৰুওৱালৈ বিশ্বযুদ্ধৰ সকলো ঘটনা-পৰিঘটনা গীতটোত সন্নিৱিষ্ট কৰা হৈছে।

 যুদ্ধ আৰু যুদ্ধ পৰৱৰ্তী সময়ছোৱাক কেন্দ্ৰ কৰি বাংলা ভাষাত কেইবাখনো গ্ৰামোফন ৰেকৰ্ড ওলাইছিল। প্ৰভাস মামা আৰু ‘ধৰ্মপুইৰা’ বিবিত্ৰি আবুৰ পুতেক অনঙ্গ মামাই আমাক প্ৰায় প্ৰতিখনেই আনি শুনাইছিল।

 অলপতে সিদিনা মোৰ সৰু ভনী খুকুৰ দহ বছৰীয়া নাতি মাইনাই আইতাকক সুধিছিল

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৬৯