পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাজানো কিয়— ঘৰৰ পৰিবেশো হ'ব পাৰে — হিন্দুসকলৰ তেত্ৰিশ কোটি দেৱ-দেৱীৰ ধাৰণাটো মোৰ আকৰ্ষণীয় যেন লগা নাছিল। পিছে তাৰ মাজতো কেতিয়াবা চিন্তাত আউল লাগিছিল। অৱশ্যে এইবোৰ বাল্যকালৰ ধাৰণা।

 আমাৰ ঘৰখন আছিল ধৰ্মনিৰপেক্ষ। আমি বড়ো, মুছলমান, খ্ৰীষ্টান, ব্ৰাহ্ম আদি সকলো ধৰ্মমতাৱলম্বী পৰিয়ালৰ স'তে মিলা-মিছা কৰিছো। আবুও ৰক্ষণশীল নাছিল। উচ্চ-নীচ, জাত-পাতৰ ধাৰণাও নাছিল ঘৰখনত। ঈদত বান্ধৱী বদৰুন্নিছাহঁতৰ ঘৰত আৰু পুলিচ ইন্সপেক্টৰ দৌলা চাহাবৰ ঘৰত দাৱাত খাইছিলো বাবে ৰক্ষণশীল হিন্দু আত্মীয় আৰু ওচৰ-চুবুৰীয়াই আঁৰত কোৱাকুই কৰিছিল— গিৰীণ বাবু একেবাৰে চাহাব হৈ গৈছে, ম্লেচ্ছ জীয়েককেইজনীক কোনো হিন্দুৱে বিয়া নকৰায়।

 দহ বছৰ বয়সত গছ এজোপাৰ ফেৰেঙণিত বহি থকা দেখি জেঠা বুলি মতা এজন মানুহে মোলৈ চাই কৈছিল, এই মদ্দানীজনীক (মৰদ সদৃশ) কোনেও বিয়া নকৰায়। ঘৰৰ নহয়, বাহিৰৰ মানুহবোৰেহে মোক ভাবিবলৈ বাধ্য কৰিছিল যে সমাজৰ চকুত ল’ৰা আৰু ছোৱালী একে নহয় আৰু ছোৱালীৰ বাবে বিয়া হোৱাটোৱে জীৱনৰ একমাত্ৰ লক্ষ্য। বোধকৰো আজিও এই ধাৰণাৰ বিশেষ সলনি হোৱা নাই। যিয়েই নহওক অভিজ্ঞতাই মানুহৰ চিন্তাক, ধ্যান-ধাৰণাক সমৃদ্ধ কৰে। আবুৰ স্বামী মৃত বাবে তেওঁ অলংকাৰ আৰু ৰঙীণ কাপোৰ নিপিন্ধে আৰু মাৰ পিতা অৰ্থাৎ আমাৰ কবি আতাৰ পত্নী মৃতা হোৱা সত্ত্বেও তেওঁ মাছে-মঙহে কিয় খায়, এই বৈষম্যবোৰৰ উত্তৰো কিশোৰীকালতে পাইছো আৰু মনক বিদ্ৰোহী কৰিছো।

 নিম্ন প্ৰাইমাৰী স্কুলখনত বছৰি একোটাকৈ নতুন শ্ৰেণী যুক্ত হৈ হৈ এম ই স্তৰলৈ উন্নীত হৈছিল। ১৯৪২ চনত এম ই পৰীক্ষাৰ বাবে সাজু হৈ আছিলো, এনেতে স্কুল ইন্সপেক্টৰ (বোধকৰো নাম আছিল শৈলেন নাথ) এগৰাকীয়ে মোলৈ আঙুলিয়াই ক'লে এবছৰ ৰাখি থ’বলৈ, কাৰণ বয়স কম। দেউতাক লগ ধৰিও ক’লে একে কথা। ঘৰত আকৌ মিটিং বহিল। মাষ্টাৰ বাবুও আছিল সেই মিটিঙত। সিদ্ধান্ত ল'লে আৰু এটা বছৰ ষষ্ঠ শ্ৰেণীতে ৰখাৰ। শুনি মোৰ মূৰত বিস্ফোৰণ ঘটা যেন পালো। পৰীক্ষাত নবহিম? খঙতে কিতাপ-বহীবোৰ তুলি লৈ দেউতাৰ আগত দলি মাৰি দিলো। জীৱনতে আৰু নপঢ়াৰ সিদ্ধান্ত লোৱা বুলি কৈ প্ৰস্থান কৰিলো। দেউতাই পিছে পিছে দৌৰি গৈ মোক কোলাত তুলি ক'লে— ‘পৰীক্ষা দিবি আই তই, নিশ্চয় দিবি।’

 তেতিয়াৰ দিনত এম ই পৰীক্ষাৰ কেন্দ্ৰ কোকৰাঝাৰত নাছিল। তাৰ বাবে যাবলগীয়া হৈছিলো বিলাসীপাৰালৈ। যোগাযোগ ব্যৱস্থা নথকা বাবে কোকৰাঝাৰৰ পৰা দেউতাৰ চাইকেলৰ আগফালৰ মাৰিডালত বহি বিলাসীপাৰাৰ সমীপৱৰ্তী ৰোকাখাতা পাইছিলো। ৰোকাখাতাত বিজনীৰজাৰ গেষ্ট হাউছত থকা হৈছিল। কোকৰাঝাৰৰ পৰা ৰোকাখাতাৰ দূৰত্ব পোন্ধৰ-ষোল্ল মাইলতকৈ কম নহয়। তদুপৰি ফুটকিবাৰীৰ ওচৰত গৌৰাং নৈ পাৰ হ’বলগীয়া হৈছিলো নাৱেৰে। দুখ পাম বুলি চাইকেলৰ মাৰিডালত মায়ে পাতল গাদী এখন ৰচীৰে বান্ধি দিছিল। লগত গৈছিল মাষ্টাৰ বাবু আৰু দেউতৰ সহকৰ্মী দুজনমান। ইমান কষ্ট কৰি

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৬১