পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমিও ঘৰলৈ আহি কুশান নাচ নাচিছিলো। গাঁৱলীয়া জীৱনৰ সুখ-দুখৰ কাহিনীৰে ৰচিত কুশান গানবোৰ। যেনে— পৰকীয়া প্ৰেম কৰা বৃদ্ধস্য তৰুণী ভাৰ্যা এজনীয়ে বুঢ়াৰ হাতত মাৰ খাই বেজাৰ মনেৰে গাইছিল—

অ' মোৰ ঢেকুৱা বুঢ়াৰে
অ' মোৰ কানীয়া বুঢ়াৰে
মোক ডাঙালু (মাৰিলি) নিশা ৰাতি
কাৰ বা কথাতে...।

 কলকাতাৰ পৰা নট্ট কোম্পানী আৰু কামৰূপ জিলাৰ পৰা আহিছিল যাত্ৰা পাৰ্টি। যাত্ৰাভিনয়বোৰ অনুষ্ঠিত হৈছিল ভালেমান ৰাতি, শেষ হওঁতে হওঁতে ৰাতি প্ৰায় পুৱাই আহিছিল। এই কাৰণে আমি যাত্ৰা বৰকৈ চোৱা নাছিলো। জানিছিলো গধুলিতে অনুষ্ঠিত হোৱা চাৰ্কাচ সৰুৰ বাবে আৰু যাত্ৰা ডাঙৰৰ বাবে। আমি সৰুবোৰে ঐতিহাসিক যাত্ৰা কেতিয়াবা কেতিয়াবা চাবলৈ সুযোগ পাইছিলো। যাত্ৰাভিনয় প্ৰদৰ্শন কৰা মঞ্চখন আছিল চাৰিওফালৰ দৰ্শকে সমানে উপভোগ কৰিব পৰাকৈ মাজত। তেতিয়াৰ দিনত মাইক্ৰ'ফোন নাছিল যদিও অভিনেতাসকলে সকলোৱে শুনিব পৰাকৈ সংলাপ প্ৰক্ষেপ কৰিছিল। হেছাক লাইট জ্বলাই কৰিছিল পোহৰৰ ব্যৱস্থা। পুৰুষ অভিনেতাসকলেই মহিলা সাজিছিল। যাত্ৰাদলৰ ৰজা সেনাপতিসকলে জকমকীয়া সাজ পিন্ধি তৰোৱাল-যুদ্ধ কৰা দৃশ্যবোৰ আমি উপভোগ কৰিয়ে ক্ষান্ত নাছিলো, বাঁহৰ কামি হাতত লৈ তৰোৱাল-যুদ্ধ খেলিবলৈও চেষ্টা কৰিছিলো ঘৰত।


মা-দেউতাৰ মৰমৰ বান্ধোনত

বহুতৰে ঘৰত এতিয়াও দেখো জীয়েকহঁতক ৰন্ধা-বঢ়া আদি ঘৰুৱা কাম শিকায়। মুঠতে বিয়াৰ পিছৰ জীৱনটোৰ বাবে সিহঁতক মাকৰ ঘৰতে ট্ৰেইনিং দিয়া হয়। বিশেষকৈ মাকগৰাকীয়ে এই বিষয়ত আগভাগ লয়। কিন্তু আমাৰ মায়ে আমাক পঢ়া-শুনা কৰিবলৈহে উদ্‌গনি দিছিল। তেওঁৰ মতে কুমলীয়া বয়সতে বিদ্যাৰ্জন কৰিব নোৱাৰিলে পাছত মগজু ভোতা হয়। ঘৰৰ কাম আৰু ৰন্ধা বঢ়া কৰিবলৈ মগজুৰ প্ৰয়োজন নহয়। গতিকে প্ৰয়োজন হ’লে এই বিদ্যা সহজতে আয়ত্ত কৰিব পাৰিব। চিলাই, ঊণগোঠা আদি অৱশ্যে শিকাইছিল। মুঠতে ৰান্ধনি ঘৰত সোমাব নেলাগিছিল। হয়তো সেই কাৰণেই ৰন্ধা-বঢ়া কৰো যদিও আৰু মানুহে খাই বখানে যদিও এই কামটো কৰিবলৈ মই কোনোদিনে ভাল নেপালো। যিকোনো কাম ম‍ই মনপুতি কৰো বাবেই হয়তো মই ৰন্ধা আঞ্জাপাতি খাবলৈ বেয়া নহয়।

 ভ্ৰমণো শিক্ষাৰ এটা প্ৰয়োজনীয় দিশ বুলি দেউতাই বিশ্বাস কৰিছিল। সেয়ে তেওঁৰ সাধ্যমতে আমাক অসমৰ ভিতৰত আৰু অসমৰ বাহিৰলৈকো ফুৰাবলৈ লৈ গৈছিল। তেওঁৰ এই আঁচনিখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত দ্বিতীয় বিশ্বযুদ্ধ হেঙাৰ হিচাপে থিয় দিছিল। আজি ক’ৰবালৈ যাবলগীয়া হলে কেইবামাহ আগতে ৰে'লৰ টিকট কিনিব লাগে, দিনে দিনে

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৮৫