পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বছৰীয়া মাক দেখি বগৰীবাৰীৰ পৰা অহা ভুবন খুৰাই হাওহাওকৈ কান্দি উঠা দৃশ্যটো মই আজিও পাহৰিব পৰা নাই। ‘দুধে আলতা’ বৰণৰ ৰূপৱতী বৰজীয়ৰীৰ নাম দেউতাক কবি কেশৱচন্দ্ৰ চৌধুৰীয়ে ৰাখিছিল নীহাৰিকা। সেইগৰাকী নীহাৰিকাৰ উকা কপালখনলৈ মনত পৰিলে মই নিজকে ক্ষমা কৰিব নোৱাৰো। মাৰ দেহৰ পৰা এপদ এপদকৈ অলংকাৰবোৰ খোলাৰ সময়ত কিয় বাধা দিব নোৱাৰিলো, কিয় বগা কাপোৰসাজ দলিয়াই দিব নোৱাৰিলো, কিয় উকা কপালখনত ফোট এটা আঁকি নিদিলো! পিতৃতান্ত্ৰিক সমাজৰ বিৰুদ্ধে সিদিনাই কিয় জেহাদ ঘোষণা নকৰিলো! যুগ যুগ ধৰি নাৰীৰ ওপৰত সমাজে নিৰ্যাতন চলাই আহিছে। সেই নিৰ্যাতনৰ আজিও ওৰ পৰা নাই। নাৰীয়ে নিজেই নিজকে মানৱসত্তা হিচাপে প্ৰতিষ্ঠিত কৰিব লাগিব। আধুনিক বিশ্বৰ কোনো আগশাৰীৰ দেশত স্বামীহীনা মহিলাক আমাৰ ইয়াৰ দৰে এটা সুকীয়া শ্ৰেণীভুক্ত কৰা নহয়। ভাৰত এখন সুসভ্য দেশ বুলি ভাৰতীয়ই কিয় যে গৌৰৱ কৰে বুজি নাপাওঁ।

 পাৰলৌকিক কাৰ্য আদি শেষ হোৱাৰ পাছত আমাৰ কঠিন জীৱন আৰম্ভ হ’ল। টুলু আৰু খুকু গুৱাহাটীলৈ গ’ল। সিহঁতে তেতিয়া সন্দিকৈ কলেজত পঢ়ি আছিল বুলি উল্লেখ কৰিছো। পিছে দেউতাৰ অৱৰ্তমানত দুজনীকৈ ছোৱালীক বাহিৰত পঢ়োৱাটো আৰ্থিক দিশৰ পৰা কষ্টকৰ হ’ব বাবে সিদ্ধান্ত লোৱা হ’ল যে আই এ পাছ কৰি আহি ধুবুৰীৰ ভোলানাথ কলেজতে সিহঁতে বি এ ক্লাছত নাম লগাব। মই ধুবুৰী ছোৱালী হাইস্কুলত গণিত আৰু বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপে নিযুক্তি পালো। কণমানি ডল ভৰ্তি হ’ল বি চি মেম’ৰিয়েল মজলীয়া স্কুলৰ তলশ্ৰেণীত। বিয়াৰ পাছৰে পৰা লগুৱা, ৰান্ধনী আদিক লৈ সুখত দিন যাপন কৰা মায়ে সাংসাৰিক অনেক কাম-কাজ নিজে কৰিবলৈ ধৰিলে। এটা কথা উপলব্ধি কৰিছিলো যে মানুহ অভ্যাসৰ দাস। পুৰণি সুখ-স্বাচ্ছন্দ্য মনৰ মণিকোঠাত সাঁচি থৈ আমি নতুন জীৱনত ধীৰে ধীৰে অভ্যস্ত হৈ পৰিছিলো। মা আছিল লখিমী স্বভাৱৰ। তেওঁ অৱস্থাৰ সৈতে খাপ খাই সংসাৰখন নিয়াৰিকৈ চলাই নিছিল। অভয়াপুৰীত আমাৰ চৌহদত চাৰিটামান পকী নাদ আছিল, পানীৰ কষ্ট কেতিয়াও ভোগ কৰা নাছিলো। ধুবুৰীত সময়মতে অহা অলপীয়া পানীৰে চলিবৰ সময়ত কেতিয়াবা বিৰক্তি প্ৰকাশ কৰিলে মায়ে আমাক প্ৰতিকূল অৱস্থাকো সহজভাৱে গ্ৰহণ কৰিবলৈ শিকাইছিল। কম বয়সতে বৈধৱ্য যন্ত্ৰণা ভুগিবলগীয়া হোৱা বাবেই হয়তো তেওঁ মাজে মাজে তেওঁৰ প্ৰিয় ৰবীন্দ্ৰ সংগীতটো যদি তোৰ ডাক শুনে কেউ না আসে, তবে একলা চলো ৰে— গাই প্ৰেৰণা লভিছিল।

 ১৯৫৬ চনতে হবলা জমিদাৰী উচ্ছেদ আইনখন কাৰ্যকৰী হয়। জমিদাৰসকলক ক্ষতিপূৰণ দিবলৈ আমাৰ ঘৰৰ পৰা নাতিদূৰত ‘কম্‌পেনছেশ্যন’ অফিচটো স্থাপিত হৈছিল। পেহীৰ বৰপুত্ৰ অখিলে আমাৰ ঘৰত থাকি সেইটো অফিচতে কামত যোগ দিছিল। অখিল আৰু তেওঁৰ ভাই নিখিল দুয়ো অভয়াপুৰীত আমাৰ ঘৰত থাকি অভয়েশ্বৰী হাইস্কুলত পঢ়িছিল কেইবছৰমান। নিখিল আছিল মজাৰ ল’ৰা। অভয়াপুৰীৰ ঘৰত আছিল কেইবাজোপা সু-স্বাদু কঁঠাল গছ। নিখিল আৰু মাৰ ধৰ্মপুৰবাসী মাহীয়েকৰ পুতেক, আমাৰ অনংগ মামাই গছ বগাই ফেৰেঙনিত বহি মস্ত মস্ত কঁঠাল নিমিষতে খাইছিল পৰম তৃপ্তিৰে। এবাৰ নিখিলৰ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৩১