পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


ড° অনিমা গুহ। সত্তৰৰ দশকতে জিন
গৱেষণাৰ কাম সফলতাৰে সম্পন্ন
কৰি আমেৰিকান টুইন ছ’চাইটি’ৰ
সদস্য হোৱাৰ বিৰল সুযোগ লাভ কৰা
ড° গুহই পণ্ডিত স্বামীৰ পত্নী আৰু
এটি অসামান্য প্ৰতিভাসম্পন্ন পুত্ৰৰ
মাতৃ হোৱাৰ দায়িত্ব পালনৰ বাবে
স্বেচ্ছাই আঁতৰি আহিছিল নিজক
সুপ্ৰতিষ্ঠিত কৰাৰ সুযোগ গ্ৰহণৰ পৰা।
তথাপি সময়ে প্ৰমাণ কৰিছে, অসমীয়া
বিদ্বৎ মহলত ড° গুহ এটি আগশাৰীৰ
নাম। কেইবাখনো চিন্তা-গধুৰ গ্ৰন্থ
প্ৰকাশৰ উপৰি বিভিন্ন কাকতত নানা
চিন্তা-উদ্ৰেককাৰী বিষয়ত নিয়মীয়াকৈ
স্তম্ভ লিখি পাঠক সমাজৰ সমীহ
আদায় কৰা প্ৰকৃত পণ্ডিত, মানৱতাবাদী
ড° অনিমা গুহৰ জীৱনৰ অধ্যয়ন
পাঠকৰ বাবে অতীতৰ এক নিৰ্দিষ্ট
সময়লৈ এক সুখকৰ যাত্ৰা বুলি অনুভূত
হ’ব পাৰে। জীৱনৰ জোৱাৰ-ভাটাৰ
মাজেদি’ত ড° অনিমা গুহৰ জীৱনৰ
প্ৰথম খণ্ড বৰ্ণিত হোৱাৰ লগে লগে
উন্মোচিত হৈছে সামন্ত প্ৰথাৰ
আবেষ্টনীত থকা নামনি অসমৰ এক
বিশেষ সময়ৰ ঐতিহাসিক চিত্ৰ।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /বেটুপাতৰ শেষ পৃষ্ঠা