পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আত্মীয় এজনৰ মতে হাঁহুৱালী বীৰাই লম্ভিছে আমাৰ গাত। ওজাইহে আমাক স্বাভাৱিক কৰিব বুলি তেওঁ কয়। বহু বছৰ পাছত যোৱা শতিকাৰ আশীৰ দশকত ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ চাপৰলৈ গৈছিলো নৃতত্ত্ব বিষয়ক সমীক্ষা এটাৰ বাবে। তাত ওজাসকলৰ সাক্ষাৎকাৰ ল'বলৈ গৈ ভূত-প্ৰেত-বীৰা আদি অলৌকিক জগতৰ বাসিন্দাসকলৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰিছিলো। ওজাই কৈছিল হাঁহুৱালী বীৰাই লম্ভিলে মানুহে হাঁহে, কান্দুনীয়াই লম্ভিলে কান্দে, নাচুনীয়াই লম্ভিলে নাচে ইত্যাদি। সিদিনা পিছে ওজা নমতাকৈয়ে গীতাবা আৰু মই স্বাভাৱিক হৈছিলো। পিছে আমাৰ মাৰাথন হাঁহিৰ কাৰণ যে কি আছিল নাজানো। এই ঘটনাটোৰ বিষয়ে লিখি থাকোতে, বিশ্বাস নকৰিব, সেই দশম শ্ৰেণীৰ ছাত্ৰীজনৰ দৰেই অকলে অকলে হাঁহি আছো।মোবাইলটোত ডিব্ৰুগড়বাসী গীতাবাৰ নম্বৰ উলিয়াই যোগাযোগ কৰি ১৯৪৬ চনৰ ঘটনাটোলৈ মনত পেলাই দিলোহে তাই সিফালে হাঁহিত বাগৰি পৰিল। হাঁহিৰ বীজাণু সহজে নমৰে।

 আমাৰ ঘৰৰ পোনে পোনে বাটৰ সিটো পাৰে দাস কোম্পানীৰ গেৰেজত এদিন এজন বৰ সুদৰ্শন ডেকা দেখিবলৈ পালো। তেতিয়া স্কুললৈ যাবৰ সময় হৈছিল। আমাৰ ঘৰত গোট খাই আমি কেইবাজনী ছোৱালীয়ে দল বান্ধি স্কুললৈ গৈছিলো। লগৰবোৰক ফুচফুচাই ধুনীয়া ল’ৰাটোৰ বিষয়ে কোৱাত সিহঁতেও পৰ্দাৰ ফাঁকেৰে তাক চাবলৈ ধৰিলে। A thing of beauty is joy for ever. স্কুললৈ অহা-যোৱা কৰোতে তালৈ দৃষ্টি নিক্ষেপ কৰাটো আমাৰ এটা অভ্যাসত পৰিণত হৈছিল। সিও ডেকা ল'ৰা, এজাক স্কুলীয়া ছোৱালীক একেলগে দেখাৰ আশাত গেৰেজৰ বাহিৰত থিয় হৈ থাকিছিল আমি স্কুললৈ যোৱাৰ সময়ত। কেনেবাকৈ গম পাইছিলো ডেকাজন কলকাতাৰ, বি এছ চি পাছ কৰিছে। বিলাতলৈ যাব অট’মবাইল ইঞ্জিনিয়াৰিং পঢ়িবলৈ। তাৰ আগতে দেউতাকৰ বন্ধুৰ গেৰেজত কাম শিকিবলৈ আহিছে। শুনি আমি তবধ মানিছিলো। আজি বিলাত-আমেৰিকালৈ অনেকে যায়। তেতিয়াৰ দিনত তালৈ অহা-যোৱা কৰা মানুহ আছিল তাকৰ।

 এদিন স্কুললৈ যোৱাৰ সময়ত বাটত আগৰে পৰা পৰ দি থকা কলিকতীয়া ডেকাজন আগবাঢ়ি আহি আমাক কৈছিল দুদিনৰ বাবে এলজেব্ৰা কিতাপখন তেওঁক লাগে। আমি হাততে স্বৰ্গ ঢুকি পোৱা যেন পালো। বিলাতলৈ যাবলৈ ওলোৱা বি এছ চি পাছ ল'ৰা এজনে এলজেব্ৰা কিতাপ খুজিছে, ই যে আমাৰ মহাভাগ্য। পিছদিনা কিতাপখন দিলো। কেইদিনমানৰ পিছত তেওঁ ওভোতাই দিয়া কিতাপৰ মাজত বাংলা ভাষাতে লিখা এখন প্ৰেমপত্ৰ পোৱা গ'ল। তেতিয়া কিন্তু আমি ভয়তে কঁপিবলৈ ধৰিছিলো। আমাৰ কণ্ঠৰুদ্ধ হৈ গৈছিল। দুদিনমান পিচত স্কুলৰ টিফিন পিৰিয়ডত বান্ধৱীকেইজনীৰ আগত চিঠিখনৰ কথা উলিয়ালোহে, মঞ্জু নামৰ বাঙালী বান্ধৱী এজনীয়ে জাঁপ মাৰি উঠি ক'লে— তায়ো সেই একেজনৰে পৰা প্ৰেমপত্ৰ এখন পাইছে। তেতিয়াহে আমাৰ স্ফূৰ্তি লাগিল। খেলোৱাড় ল’ৰা দেই। সি নিজকে কৃষ্ণ বুলি ধৰি লৈছিল।

 আমাৰ ঘৰৰ পিছফালে এঘৰ অতি ৰক্ষণশীল বাঙালী ব্ৰাহ্মণ পৰিয়াল আছিল। ইমানে ৰক্ষণশীল যে তেওঁলোকৰ বুৰী আৰু বুলু নামৰ ডাঙৰ ছোৱালী দুজনীয়ে স্কুলৰ মুখ দেখি

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৯৫