পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেখি অবাক হৈ বামুণ ল'ৰাটোৱে পূজা কৰি থকা পুৰোহিতজনক সুধিছিল— ‘এ কি অদ্ভুতং দৃশং, পিণ্ডে পিণ্ডে দুৰা-কাছম্।’

 পুৰোহিতে পূজা কৰাৰ চলেৰে উত্তৰ দিলে ধৰা পৰাৰ ভয়ত লগে লগেই— নকবং, তোৰ অৰ্ধম মোৰ অৰ্ধম, ফুল ছিটাও ছিটাও, অং নমঃ শ্বাহা।’

 পুৰোহিতজনৰ দুৰা-কাছ খাবলৈ বৰ হেঁপাহ, অথচ কিনি পইচা খৰচ কৰাৰ ইচ্ছা নাছিল। গতিকে নৈবেদ্যতে দুৰা কাছৰ ব্যৱস্থা কৰোৱা হ'ল। হঠাতে পূজা চাবলৈ অহা বামুণ ল’ৰাটোৱে নৈবেদ্যত দুৰা-কাছ দেখি আচৰিত। এই ল'ৰাজনে গৃহস্থক কিবা লগায় বুলি পুৰোহিতে তেওঁক আধা দিব বুলি মন্ত্ৰ গোৱাদি কোৱাত তেওঁ মনে মনে থাকিল। সুধীৰ খুৰাই কৈছিল সিদিনা গধুলি পুৰোহিতজনে বামুণ ল’ৰাটোক প্ৰতিশ্ৰুতিমতে দহটা দুৰা কাছ দি গৈছিল। পিছদিনা খুৰা আৰু ল'ৰাজনে দহটা দুৰা কাছ ৰান্ধি দগৰি খাইছিল হেনো। কাহিনীটো তেতিয়া বিশ্বাস কৰিছিলো যদিও প্ৰকৃততে ই নিশ্চয় গাজা আছিল। কোন মুৰ্খ গৃহস্থই বাৰু নৈবেদ্যত দুৰা কাছ দিবলৈ ৰাজী হ’ব!

 খুৰাৰ আন এটা গাজাখুৰী কাহিনী কৈ আন প্ৰসংগলৈ যাম। কাহিনীটো অৱশ্যে তেতিয়া আমি সঁচা ঘটনা বুলি বিশ্বাস কৰিছিলো। এবাৰ এজন পাদুৰী চাহাব খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিল বিলাসীপাৰালৈ। হিন্দুসকলে সাপ, গছ, পাথৰ আদি পূজা কৰা দেখি চাহাব আচৰিত! স্থানীয় এদল ল’ৰাৰ স’তে চাহাবে গাঁৱৰ হাবিতলীয়া বাটেৰে গৈ থাকোতে সুধি সুধি গৈছিল ‘আৰু ক’ত তোমালোকৰ হিন্দুৰ দেৱতাসকল আছে।’ সুধীৰ খুৰাহঁতে বাটৰ কাষত গজি থকা চোৰাত গছলৈ দেখুৱাই তাত দেৱতা থকা বুলি ক'লে।

 চাহাবে ধৰিয়ে লৈছিল সাপ-বেং পূজা কৰা হিন্দুসকল জাতি হিচাপে অনুন্নত আৰু নিকৃষ্ট। হিন্দুৰ দেৱতাক উপেক্ষা কৰিবলৈ তেওঁ চোৰাত পাত কেইটামান ছিঙি দুহাতেৰে মোহাৰি গাত ঘঁহিবলৈ ধৰিলে এইদৰে কৈ কৈ— ‘এইয়া মই হিন্দুৰ দেৱতাক ছিঙিলো, মোহাৰিলো আৰু গাত ঘঁহিলো৷’ ল’ৰাজাকক তুচ্ছ-তাচ্ছিল্য কৰি আকৌ সুধিলে ‘আৰু ক’ত দেৱতা আছে কোৱা’। হিন্দুক অৱহেলা কৰা চাহাবক এসেকা দিবলৈ সিহঁতে বাটৰ দাঁতিত থকা পুখুৰী এটালৈ দেখুৱাই ক’লে ‘তাতো আছে আমাৰ দেৱতা'। চাহাবে ইতিকিং কৰাৰ সুৰত ক’লে— ‘পানীতো তোমালোকৰ দেৱতা আছে?’ সময় নষ্ট নকৰি চাহাবে পুখুৰীত মাৰিলে এক জাঁপ। ‘এয়া মই নামিলো, এয়া মই সাঁতুৰিলো— আশ্চৰ্য জাতি তোমালোক! অদ্ভূত তোমালোক! সভ্য জাতি হ’বলৈ তোমালোকক কেইবা চেঞ্চুৰি লাগিব। পানীতো গড্ থাকে নে? খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰা। হিন্দু হৈ থাকিলে তোমালোক এন্ধাৰতে থাকিবা।’

 ইতিমধ্যে চাহাবৰ গাত খজুৱতি আৰম্ভ হৈছিল। তেওঁতো নাজানে চোৰাত পাতে মানুহক ডাকে। পানী লাগিলে অৱস্থা হয় আৰু শোচনীয়। চাহাবৰ মাত কথা বন্ধ হ’ল, বগা মানুহটোৰ সৰ্বশৰীৰ নীলা হৈ আহিল। মৰে বুলি ভয় খাই গৰুৰ গাড়ীত তুলি চাহাবক হাস্পতাললৈ লৈ যাওঁতে সুধীৰ খুৰাহঁতে কাণৰ ওচৰত চিঞৰি কৈছিল—‘চাহাব হিন্দুৰ দেৱতাৰ ক্ষমতা দেখিলা?’ গৰ্বত বুকু ফিন্দাই খুৰাই কৈছিল, এইদৰে তেওঁলোকে হেনো

অঞ্চলটোত খ্ৰীষ্টধৰ্ম সোমোৱাৰ বাট বন্ধ কৰিছিল। আমিও আছিলো অঁকৰা। ভাবিছিলো

৬৬/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি