পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৰতৰে পক্ষপাতী আছিল। বোধকৰো দুয়োটা ধৰ্মৰ নেতাসকলৰ মাজত কিছু এৰা ধৰা কৰিব পৰা হ'লে ভাৰত দ্বিখণ্ডিত নহ'লহেঁতেন। পিছে সকলোৰে চকু ক্ষমতাৰ আসনবোৰৰ ফালে। যুঁজ কৰি কৰি ভাগৰি পৰাসকলৰ ইতিমধ্যে বয়সো বাঢ়িছিল, গতিকে সেই আসনবোৰত উপবিষ্ট হোৱাৰ বাসনা ত্যাগ কৰাও টান হৈ পৰিছিল। নেতাসকলে অৱশেষত ক্ষমতাৰ আসনবোৰ লাভ কৰিলে। আনহাতে পশ্চিম পঞ্জাৱ আৰু পূব বংগৰ মানুহে সাতামপুৰুষীয়া ভিঠামাটিৰ মায়া ত্যাগ কৰি অচিন ঠাইলৈ আহিবলগীয়া হ’ল ভগনীয়া নাম লৈ। আজিও তেওঁলোকৰ পিঠিৰ পৰা ভগনীয়া বা ৰিফিউজি ষ্টাম্পটো নাতৰিল।

 জুনত পৰীক্ষা দি মই ঘৰলৈ উভতিলো যোৰহাটৰ পৰা। ইতিমধ্যে দেউতাই বিজনী এষ্টেটৰ সহকাৰী দেৱান হিচাপে ৰাজধানী অভয়াপুৰীত নিযুক্তি পাইছিল। ৰাতি ঘৰ সোমায়ে মাখনৰ দৰে কোমল তুলতুলীয়া বগা পুতলাহেন আমাৰ নুমলীয়া কণমাণি ভণ্টীজনীক প্ৰথম দেখিলো। তায়ো মাজু বায়েকক লগ পাবলৈ সাৰে আছিল। ৰাতিয়েই মোৰ লগত তাইৰ বন্ধুত্ব হৈছিল। ডল পুতলা, ডল পুতলা কৈ থাকোতে থাকোতে তাইৰ ঘৰত মতা নাম ডল হ’ল। পোছাকী নাম ৰীতা। ডল নামটো শুনি আমাৰ গাঁওবাসী দুগৰাকীমান আতা-আবুই এনে এটা অদ্ভুত নাম দিয়া বাবে আমাক সমালোচনা কৰিছিল। আমাৰ ফালে ধান ৰাখিবলৈ ব্যৱহাৰ কৰা ডুলিক কয় ডোল। বুঢ়া-বুঢ়ীৰ খাৰখোৱা জিভাত ডল হ'লগৈ ডোল।

 ইয়াৰ পিছত আমাৰ ডাঙৰ খুৰাৰ ঘৰ আলোকিত কৰি আহিল ভাইটি প্ৰবীৰ। আতা গৌৰমোহন দাস আৰু আবু যমুনা সুন্দৰীৰ তিনিজন পুত্ৰৰ ফালৰ পৰা কন্যা সন্তান চৈধ্যজনী আৰু পুত্ৰ সন্তান চাৰিজন। এওঁলোকৰ ভিতৰত ডাঙৰ খুৰাৰ জ্যেষ্ঠ কন্যা অঞ্জলিৰ মৃত্যু হয় দহ বছৰ বয়সত আৰু আমাৰ ভাইটি বাবলুই আমাক এৰি যায় ডেৰ বছৰত। আতা-আবুৱে একমাত্ৰ জীয়ৰীৰ ফালৰ পৰা পায় চাৰিজন নাতি আৰু তিনিজনী নাতিনী। নাতি-নাতিনীৰ উত্তৰপুৰুষসকল বৰ্তমানে অসম আৰু অসমৰ বাহিৰতো বিয়পি পৰিছে।

চিৰ যৌৱনা কটন কলেজৰ ৰ’দ কাঁচলিত

‘তুমি অসমৰ দীপ্ত প্ৰাণৰ প্ৰদীপ্ত মেজি জুই
তোমাৰ নাচৰ ছেৱে ছেৱে ফুলে আশাৰ পাপৰিবোৰ
উঠি অহা ডেকাদলৰ চকুত ফিৰিঙতি সানি দিয়া
লুইতপাৰৰ চিৰ যৌৱনা কটন কলেজ মোৰ।’

(অমলেন্দু গুহ)

পৰাধীন ভাৰতত মেট্ৰিক পৰীক্ষা দি ফলাফল পালো বহু পলমকৈ স্বাধীন ভাৰতত। বিজ্ঞানত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অসম চৰকাৰৰ প্ৰতিভা বৃত্তি লাভ কৰিছিলো। আন দুটামান বিষয়ত দুই-তিনি নম্বৰৰ বাবে লেটাৰ নোপোৱাত মনটো অলপ বেয়া লাগিছিল। যি কি নহওক দেউতাই ভাবিয়ে থৈছিল মোক কটন কলেজত পঢ়ুৱাব। দেশৰ প্ৰতিকূল অৱস্থাৰ বাবে ৰিজাল্ট ওলাল ১৯৪৭ চনৰ প্ৰায় শেষত।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১০১