পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গফুৰ খানে খণ্ডিত ভাৰত ত্যাগ কৰে। তেওঁৰ এই সংগ্ৰামত ভেটা দিবলৈ পাকিস্তান চৰকাৰে সুদীৰ্ঘ সময়ৰ বাবে তেওঁক কাৰাবন্দী কৰি ৰাখে। ইতিমধ্যে তেওঁৰ বয়সো বাঢ়িল। কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত আফগানিস্তান চৰকাৰে সসম্মানে গফুৰ খানক নিজ দেশত আশ্ৰয় দান কৰে।

 বিস্মৃতপ্ৰায় নেতাগৰাকীক পাই দিল্লীবাসীৰ মনত নতুন আশাৰ সঞ্চাৰ হৈছিল। তেওঁৰ দৰ্শন লভিবলৈ, তেওঁৰ ভাষণ শুনিবলৈ অহা বিৰাট জনসমাগমলৈ চাই মোৰ সেই ধাৰণা বদ্ধমূল হৈছিল। তেওঁৰ দিল্লীৰ অস্থায়ী বাসস্থান ৫ নম্বৰ ৰাজেন্দ্ৰ প্ৰসাদ মাৰ্গলৈ নিতৌ অসংখ্য চিঠি-পত্ৰ আহিছিল দুখীয়া, নিপীড়িত, শোষিত, বিভ্ৰান্ত, হতাশাগ্ৰস্ত, নিবনুৱা, অপৰাধী, চোৰ-দগাবাজৰ পৰা শিক্ষিত, চাকৰিয়াল, বুদ্ধিজীৱীলৈকে— সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ পৰা। সেই সময়ত ভাৰত স্বাধীন হোৱাৰ মাত্ৰ বাইশ বছৰ হৈছিল। সেই কেইবছৰতে জনসাধাৰণে স্বাধীন ভাৰতৰ নাগৰিক হিচাপে সকলো ফালৰ পৰা নিজকে বঞ্চিত হোৱা দেখি ভাবিছিল ভাৰতবাসীক উদ্ধাৰ কৰিবলৈ মহাত্মা গান্ধীৰ আৱিৰ্ভাব ঘটিল নৱৰূপত।

 দিল্লী বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত হৈছিল খান আব্দুল গফুৰ খান। আমাৰ কিশোৰীকালত সঘনাই শুনিছিলো তেওঁৰ নাম। সভাখন অনুষ্ঠিত হৈছিল আমাৰ কেভেল্‌ৰি লাইনচ পথৰ সন্মুখৰ পথাৰখনত। ছাত্ৰ-ছাত্ৰীসকলে কোৱা শুনিছিলো সুদীৰ্ঘ বাইশ বছৰ পাছত বাদশ্বাহ খান ভাৰতলৈ আহিছে ইতিহাসৰ গতি সলনি কৰিব পৰা এক নতুন শক্তি হিচাপে, তেৱেঁ গঢ়িব পাৰিব মহাত্মা গান্ধীৰ সপোনৰ ভাৰতখন। এই বাক্যবোৰৰ পৰাই উপলব্ধি কৰিছিলো ভাৰতৰ মানুহ কেনেকৈ নৈৰাশ্য আৰু হতাশাত জৰ্জৰিত হৈছিল। আনহাতে গফুৰ খানে মৰ্মাহত হৈ কৈছিল যে যিখন দেশে গান্ধীজীৰ বাণী, তেওঁৰ নীতি-আদৰ্শ শিক্ষা আদি সকলো পাহৰিছে তেওঁৰ দৰে সাধাৰণ মানুহ এজন এশ বছৰ থাকিলেও তেনে দেশৰ কোনো উন্নতি সাধিব নোৱাৰিব। সিদিনাৰ সভাত তেওঁ কৈছিল— ‘মই নেতা নহওঁ, খোদাতালাৰ এজন খিদমতগাৰ। মই আপোনালোকৰ ওচৰলৈ অৰ্থ সাহায্য বিচাৰি বা পাখতুনিস্তান সৃষ্টিৰ বাবে সহায় বিচাৰি অহা নাই। মহাত্মা গান্ধীৰ পবিত্ৰ স্মৃতিয়ে মোক টানি আনিছে। ...ভাৰতৰ জনগণক মই ক'বলৈ আহিছো যে হিংসাৰ পথ সঠিক নহয়। সকলোৰে সৈতে একেলগে বৰ্তমান অৱস্থাৰ বিষয়ে আলোচনা কৰি প্ৰতিকাৰৰ পথ এটা উলিওৱাৰ আশাত আহিছো।’

 ভাৰতত সৃষ্টি হোৱা ঘৃণা আৰু হিংসাত্মক পৰিবেশৰ প্ৰতিবাদত তিনি দিন অনশন কৰে গফুৰ খানে। অহিংসা মন্ত্ৰত যিগৰাকী ব্যক্তিয়ে মানৱ জাতিক দীক্ষিত কৰিলে তেওঁৰ নিজ দেশত হিংসা আৰু বিদ্বেষৰ উগ্ৰ প্ৰকাশ দেখি মহাত্মাৰ সুযোগ্য শিষ্য গফুৰ খানে বেদনা অনুভৱ কৰা স্বাভাৱিক।

 ‘...কাবুলত যেতিয়াই ভাৰতীয় কাকত পঢ়ো তেতিয়াই দেখো ভাৰতত কিবা নহয় কিবা অশান্তি; জনগণে হিংসাৰ আশ্ৰয় লৈছে। মই ব্যথিত হওঁ।’ তেলেংগানা আৰু ছাত্ৰ আন্দোলনত জড়িতসকললৈ তেওঁৰ প্ৰশ্ন আছিল— ‘কিয় ইমান গুলী চালনা, কিয় সকলোতে ইমান

১৮০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি