পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীয়ৰীসকল আন ঠাইলৈ গৈছিল পঢ়িবলৈ। ৰূপনাথ ব্ৰহ্মৰ কন্যা কমলাৱতী বাই, জয়ৰাম ব্ৰহ্মৰ কন্যাত্ৰয় জ্যোস্না বাই, প্ৰভা বাই, কুসুম বাই প্ৰমুখ্যে অন্যান্য প্ৰগতিশীল পৰিয়ালৰ ছোৱালীবোৰে বাহিৰতে পঢ়িছিল। কিন্তু সকলো শ্ৰেণীৰ মানুহৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটাব লাগিলে প্ৰয়োজন স্থানীয় স্কুলৰ।


কোকৰাঝাৰত ছোৱালী স্কুল প্ৰতিষ্ঠা

কোকৰাঝাৰত ছোৱালীৰ শিক্ষাৰ বাবে কোনো স্কুল নথকা কথাটোৰে দেউতাক চিন্তিত কৰি তুলিছিল। তেওঁ স্কুল প্ৰতিষ্ঠা কৰাৰ বিষয়েও চিন্তা কৰিবলৈ ধৰিছিল। চিন্তাক কাৰ্যত ৰূপান্তৰিত কৰিবলৈ যোৱা শতিকাৰ ত্ৰিশৰ দশকৰ শেষৰ ফালে তেওঁ উঠি-পৰি লাগিছিল। স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ৰাইজক সচেতন কৰিবলৈ মেল-মিটিং পাতিছিল ঘনাই। দেউতাই বড়ো ভাষা জনা বাবে ৰাইজৰ ওচৰ চাপিব পাৰিছিল সহজতে। তেওঁৰ মহান উদ্দেশ্য সফল কৰিবলৈ যিসকলে তেওঁক সহায় কৰিছিল তাৰ মাজত ৰূপনাথ ব্ৰহ্ম খুৰা আৰু মদাৰাম ব্ৰহ্ম খুৰাৰ নাম উল্লেখযোগ্য। আমি আছিলো একেটা পৰিয়ালৰ সদস্যৰ দৰে। অৱশেষত দেউতাৰ আশাশুধীয়া চেষ্টাৰ ফলত ১৯৩৮ চনত স্থাপিত হ’ল কোকৰাঝাৰ বালিকা নিম্ন প্ৰাইমেৰী স্কুলখন।

 স্কুলখন স্থাপিত হ'লেইতো নহ'ব, লাগিব ছাত্ৰী, লাগিব শিক্ষয়িত্ৰী। ইয়ো আছিল এক প্ৰত্যাহ্বান। দেউতাৰ এটা শলাগিবলগীয়া গুণ আছিল। তেওঁ কিবা কাম কৰিব খুজিলে কৰিহে এৰিছিল। কোনো কাম এৰা নাছিল আধৰুৱাকৈ। বহু চেষ্টাৰ ফলত কোনোদিনে কিতাপৰ মুখ নেদেখা ছাত্ৰীকেইজনীমান যেনিবা যোগাৰ হ’ল। সিহঁত আছিল দাঁতিকাষৰীয়া গাঁৱৰ। একেলগে শিক্ষয়িত্ৰীৰ সন্ধানতো থাকিবলগীয়া হৈছিল। মনৰ অদম্য ইচ্ছা কেতিয়াও অপূৰ্ণ হৈ নাথাকে। মাষ্টাৰ বাবু দীননাথ দাসৰ পত্নী জ্ঞানদা বাই আছিল শিক্ষিতা। বিলাসীপাৰাৰ জীয়ৰী বাই বোৱাৰী হৈ আহিছিল কাশীপাৰা ভোটগাঁৱলৈ। তেওঁক মহিলি পাঁচ টকা দৰমহাত প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিয়া হ’ল। স্কুলৰ দ্বিতীয় শিক্ষয়িত্ৰীক যেন ঈশ্বৰেই পঠাই দিলে। বিজনীৰাজৰ কোকৰাঝাৰস্থ ডিচপেন্সাৰিৰ চিকিৎসক হৰিশচন্দ্ৰ চৌধুৰীৰ নৱবিবাহিতা পত্নী প্ৰিয়বালা বাই গোৱালপাৰা চহৰৰ শিক্ষিতা ছোৱালী। সম্পৰ্কত তেওঁ আমাৰ মাৰ ভাগিনী। ইয়াৰ পিছত তৃতীয়গৰাকী শিক্ষয়িত্ৰী হিচাপে যোগ দিলে ৰূপনাথ খুৰাৰ বৰজীয়ৰী কমলাৱতী বায়ে। খুৰা মন্ত্ৰী হৈ শ্বিলঙলৈ যোৱাত কমলা বাই স্কুল এৰি যাবলগীয়া হৈছিল। তাৰ পিছত একে একে আহিল জ্যোৎস্না বাই, মানসী বাই।

 বাইদেউ তেতিয়া ধুবুৰী স্কুলত পাঠৰতা। মোক লৈ সকলোৰে চিন্তা। নতুন স্কুলৰ কোন শ্ৰেণীৰ উপযুক্ত মই! ঘৰৰ পঢ়াশালিত ইতিমধ্যে নানা বিষয়ত পাঠ লোৱা হৈছে। বয়স ছয় বছৰ। মাষ্টাৰ বাবু আৰু দেউতাই গুণা-গঁথা কৰি দ্বিতীয় শ্ৰেণীত নাম লগাই দিলে। স্কুল নামৰ বস্তুটো জীৱনতে দেখা নাছিলো। তাতে বাইদেউ কেইগৰাকী চিনাকি। কেতিয়াবা বেঞ্চত বহি বহি আমনি লাগিলে বাইদেউহঁতৰ কোলাত বহিছিলো।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৫৯