পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চোৱাতকৈ কথা কোৱাত ইণ্টাৰেষ্ট বেছি। বিৰক্ত হৈ কৈছিলো—‘পাগলী, Zip your mouth and concentrate on the screen’। ক’ত মনে মনে থাকিব, তাইৰ মুখেৰে যেন আগ্নেয়গিৰিৰ উদগীৰণ হ’বলৈ ধৰিলে। ওচৰৰ মানুহবোৰো চক খাই উঠিল। Am I mad, am I mad বুলি তাই চিঞৰি থাকিল। চিনেমা হলৰ ভিতৰত এক অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হ’ল। সুভাষিণী দক্ষিণ ভাৰতীয় ছোৱালী, পাগলীৰ এটা অৰ্থহে বুজে। মৰমতেও যে আমি পাগলা-পাগলী কওঁ, হিন্দীভাষী ছাত্ৰ-ছাত্ৰী আৰু ছাৰ দুগৰাকীয়ে ফুচফুচাই কৈও তাইক শান্ত কৰিব নোৱাৰিলে৷ মোৰ কথাত এনে এটা অৱস্থাৰ সৃষ্টি হোৱা বাবে মোৰো চকুৰে ধাৰাষাৰে নামি আহিবলৈ ধৰিলে চকুপানী। কিছু সময়ৰ পাছত তাই শান্ত হ’ল যদিও কোনেও চিনেমাখন ভালকৈ উপভোগ কৰিব নোৱাৰিলো। হলৰ পৰা ওলাই হোটেললৈ গ’লো ড° মেহৰাই দিয়া ডিনাৰ খাবলৈ। মনৰ সেই বিধ্বস্ত অৱস্থাত বিৰিয়ানী-কোপ্তা-কোৰ্মাও তিতা লাগিছিল। গোমা পৰিবেশত বাকীবোৰেও বোধকৰো সুখাদ্যবোৰ উপভোগ কৰিব পৰা নাছিল।

 মোৰ ফাইনেল পৰীক্ষাৰ এমাহমান আগতে গৃহস্থ ইংলেণ্ডৰ পৰা উভতি আহিল। আমাৰ দিল্লীবাসৰ দিনবোৰো আহিল চমু চাপি। বৰ বেছি ছটা মাহৰ বাবে ঘৰ ভাড়া কৰি গৃহস্থালি পতাতকৈ গেষ্ট হাউছত থকাৰ সিদ্ধান্ত ল’লো। আমাৰ কেৰলবাগৰ ভাড়া ঘৰটোৰ ওচৰতে আছিল এহাল বঙালী দম্পতী পৰিচালিত ‘মোহন লজ’ নামৰ এখন সৰু হোটেল। তাৰে এটা কোঠাত থাকি ফাইনেল পৰীক্ষাটো দিলো। গৃহস্থও ব্যস্ত হৈ পৰিল থিটিছ লিখাত। ৰাতিপুৱা খাই-বই তেওঁ যায় ছাপ্ৰু হাউছত অৱস্থিত তেওঁৰ কৰ্মস্থল Indian School of International Studies লৈ। মই কেইদিনমান বন্ধু-বান্ধৱৰ ঘৰে ঘৰে ঘূৰি ফুৰিলো। কেতিয়াবা গধুলিৰ আগে আগে কনাট্ প্লেছৰ কাষতে থকা ছাপ্ৰু হাউছলৈ গৈছিলো। গৃহস্থৰ কাম শেষ হ’লে ৰাও, বীৰেন আৰু আমি দুয়ো ওচৰৰ বেংগলি মাৰ্কেটত ছোলে-ৱাটোৰা খাইছিলোগৈ।

 কিমান ঘূৰি ফুৰিম? দিল্লী-আগ্ৰাৰ সকলো দ্ৰষ্টব্য ইতিমধ্যে চালো বহুবাৰ। অনেকে Window Shopping কৰিবলৈ ভাল পায়, মোৰ সেই নিচাও নাই। লজত থাকো-খাও, ৰন্ধা-বঢ়াও নাই। আনহাতে ‘মোহন লজ’ৰ মালিকনী ৰমাই মোক স্পেচিয়েল আহাৰ ৰান্ধি খুৱাইছিল। মোৰ হাতত তেতিয়া অফুৰন্ত সময়। সময় নষ্ট কৰাৰ অভ্যাস মোৰ কোনোদিনে নাছিল, এতিয়াও নাই। ভাবিলো টাইপ শিক্ষাৰ স্কুল এখনত ভৰ্তি হওঁ। গুহই বিদেশৰ পৰা প’ৰ্টেৱল টাইপ ৰাইটাৰ এটা আনিছিল। সেইটো উলিয়াই কেইদিনমান এটা আঙুলিৰে টাইপ কৰি থকাৰ শব্দ শুনি এদিন আমাৰ কোঠাটোৰ কাষৰটো কোঠাত থকা ভদ্ৰলোক এজনে ক’লে তেওঁৰ লগত টাইপ নিজে শিকিব পৰা পুস্তিকা এখন আছে, প্ৰয়োজনবোধ কৰিলে তেওঁ সেইখন দিব পাৰে। স্কুলত আৰু ভৰ্তি হ'বলগীয়া নহ’লো। আয়ত্তাধীন হ’ল এটা নতুন বিদ্যা। গুহৰ থিচিছৰ প্ৰথম ড্ৰাফটখন কৰাৰ ফলত মোৰ স্পীডো বাঢ়িল। তেতিয়াই উপলব্ধি কৰিছিলো ৰান্ধনী ঘৰৰ কাম কৰিবলগীয়া নহ’লে বহু আকৰ্ষণীয় বিদ্যা অৰ্জন কৰা সহজ হয়।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৬৫