পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ঘৰ গৈ পোৱাৰ পিছত গাৰোৱানে আতাক কৈছিল— আইৰ দৰে এনে সাহসী তিৰী মানুহ মই জীৱনতে দেখা নাই।

 আবুৰ এই কাহিনীটো শুনি মোৰ পাঁচ বছৰীয়া নাতিজনে কৈছিল— তোমাৰ আবুৰ বাঘলৈ ভয় নাছিল আৰু তুমি কুকুৰ এটা দেখিলেও পলোৱা।

 মাৰ মাহী বিবিত্ৰীও বায়েকৰ দৰেই বাঘৰ তেল খাইতী। এওঁক বিয়া দিছিল অভয়াপুৰীৰ নিকটৱৰ্তী ধৰ্মপুৰ গাঁৱত। এইগৰাকী আবুক আমি সৰুৰে পৰা লগ পাইছো। এওঁ আছিল আমাৰ মৰমৰ ধৰ্মপুইৰা (ধৰ্মপুৰীয়া) আবু। এই আবুৱে ঘটোৱা দুটামান দুঃসাহসিক ঘটনালৈ মনত পৰিছে।

 এদিন জাৰকালি ধৰ্মপুৰৰ ঘৰত ভাত-পানী খাই লেপৰ উম লৈ সকলোৱে যেতিয়া ঘোৰ টোপনিত মগ্ন তেতিয়া শব্দ এটা পাই আবুৰ টোপনি ভাগিল। শব্দটো ক্ষীণ হ'লেও বিৰতিহীন। তেওঁ উঠি বহি ঠাৱৰ কৰিবলৈ চেষ্টা কৰিলে কিহৰ শব্দ, আহিছে কোন ফালৰ পৰা। অৱশেষত তেওঁৰ ধাৰণা হ’ল সিন্ধি কটাৰ শব্দ। সিন্ধিনো কি আজিৰ চহৰীয়া প্ৰজন্মইতো নাজানেই, সম্ভৱতঃ গাঁৱৰ ল'ৰা-ছোৱালীয়েও নাজানে। আজিৰ চোৰ-ডকাইতসকলৰ কালৈকো ভয় নাই। দুৱাৰত টোকৰ মাৰি দুৱাৰ খোলাই লুট কৰে, হাতত থাকে মাৰণাস্ত্ৰ। সিহঁতক বাধা দিবলৈ যোৱাৰ অৰ্থ জীৱনটো হেৰোৱা — হয় মূৰত কোব খাই, নহ’লে গুলী খাই। আগৰ দিনত চোৰে ঘৰৰ গৃহস্থক ভয় কৰিছিল। গতিকে পিৰালি নাইবা বাৰাণ্ডাইদি মাটি খান্দি ঘৰৰ ভিতৰলৈ সুৰংগ পথ নিৰ্মাণ কৰি সেই পথেৰে নিঃশব্দে সোমাই বস্তু-বাহানি চুৰ কৰি নিছিল। বেছিভাগ গাঁৱৰ মানুহৰ আছিল মাটিৰ মজিয়া। গতিকে সুৰংগ খন্দা উজু আছিল। অৱশ্যে তেতিয়াৰ দিনতো ডকাইতসকলে মানুহ মাৰি-কাটি সকলো লুটি নিছিল। আমি কোকৰাঝাৰত থাকোতে এনে এটা লোমহৰ্ষক ডকাইতিৰ কথা শুনিছিলো। দেউতাহঁতৰ চিনাকি চহকী গৃহস্থজন কিবা কামত কেইবাদিনো ঘৰত নথকা অৱস্থাত ডকাইত সোমাই গৃহিণীক নিৰ্দয়ভাৱে কাণ, হাত, ভৰি আদি বিভিন্ন অংগ ৰেপি ৰেপি কাটি সৰ্বস্ব লুট কৰি লৈ গৈছিল। মানুহগৰাকীলৈ মোৰ আজিও মনত পৰে। যিয়েই নহওক তেতিয়াৰ দিনৰ চোৰবোৰ ডকাইতসকলৰ দৰে দুঃসাহসী নাছিল। আজি চোৰ নামৰ শ্ৰেণীটো নাই যেন লাগে, সকলো ডকাইত।

 ধৰ্মপুইৰা আবুৰ ঘৰৰ চোৰটোৰ কথালৈ আহো। আবুই হাতত সাৰে ভৰিত সাৰে বিছনাৰ পৰা নামি কোঠাটোৰ চুকত ৰখা ভলুকাবাঁহৰ লাঠিডাল লৈ সিন্ধি কাটি থকা ঠাইডোখৰ আন্দাজ কৰি বহি থাকিল চোৰলৈ বাট চাই। সুৰংগ পথ নিৰ্মাণ হোৱাৰ পিছত চোৰ ডাঙৰীয়াই যেতিয়া চুঁচৰি চুঁচৰি বগাই আহি মূৰটো ঘৰৰ মজিয়াৰ ফালে উলিয়ালে তেতিয়াই আবুৱে তাৰ মূৰত বাঁহডালেৰে মাৰিলে প্ৰাণনাশী এক কোব। বিকট চিঞৰ এটা মাৰি চোৰ মূৰ্চা গ'ল। তাৰ চিঞৰত আতাৰে সৈতে ল'ৰা-ছোৱালীহঁত উঠি বহিল। ক’ৰ শব্দ, কোনে চিঞৰিছে তৰ্কিব নোৱাৰিলে কোনেও। আবুৱে কোৱাৰ পিছত সকলোৱে মিলি চোৰটোক টানি উলিয়াই আনি মূৰে-মুখে পানী ছটিয়ালে। আবুৱে তাক এবাতি গাখীৰো খুৱালে। অলপ সুস্থ হৈ চোৰটোৱে শেহাই শেহাই ক’লে— কি কৰিম দক্। ঘৰত আই-

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৪৭