পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সাবিত্ৰী-বিবিত্ৰীৰ নুমলীয়া ভনী গায়ত্ৰীৰ কথাৰে মোখনি মাৰো। তেওঁক বিয়া দিছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী নামী নেতা কামেশ্বৰ দাসলৈ। পঢ়া-শুনাতো তেওঁ আছিল চোকা। অংকশাস্ত্ৰত কলকাতা বিশ্ববিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী কামেশ্বৰ দাসে ৰেংগুন বিশ্ববিদ্যালয়ত পোৱা চাকৰিও গ্ৰহণ নকৰি স্বাধীনতা যুদ্ধত নিজকে সঁপি দিছিল। ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁক অসমৰ প্ৰথম পাব্লিক চাৰ্ভিছ কমিছনৰ চেয়াৰমেন পদত নিযুক্তি দিয়া হৈছিল।

 স্বাধীনতা সংগ্ৰামত লিপ্ত হৈ থকা সময়ছোৱাত তেওঁলোকৰ ঘৰলৈ ভাৰতৰ নানা ঠাইৰ পৰা নেতাসকল আহিছিল। এবাৰ এগৰাকী বাঙালী নেতৃস্থানীয় ব্যক্তিয়ে আবুৱে ৰন্ধা মাছৰ আঞ্জাখন বৰ সোৱাদ লগা বুলি কোৱাত তেওঁ কৈছিল— আপোনালোকে যে আমাক খাৰখোৱা অসমীয়া বুলি ইতিকিং কৰে এই আঞ্জাখন সেই খাৰেৰে ৰন্ধা। নেতাজনে কৈছিল— বাঃ, খাৰ এতো সুস্বাদু।


মোৰ ছোৱালীকাল

আমাৰ চাৰিজনী বাই-ভনীৰ শৈশৱ আৰু কৈশোৰ অতিবাহিত হৈছে কোকৰাঝাৰত। মাৰ আটাইকেইটা সন্তানৰ পিছে জন্ম হৈছে ধুবুৰীত — আমাৰ নিজা ঘৰত। আমাৰ জন্মৰ আগৰে পৰা দেউতা কোকৰাঝাৰত আছিল যদিও যোৱা শতিকাৰ ত্ৰিশ-চল্লিশৰ দশকত তাত চিকিৎসা সেৱা নাছিল বুলিয়ে ক’ব পাৰি। গতিকে মা যাবলগীয়া হৈছিল ধুবুৰীলৈ। তেতিয়াৰ দিনত ঘৰতে প্ৰসৱ কৰোৱা হৈছিল। তাকে কৰাবলৈ অনোৱা হৈছিল লেডী ডাক্তৰক। একেগৰাকী ডাক্তৰৰ হাততে আমাৰ প্ৰথম চাৰিজনী বাই-ভনীৰ জন্ম হৈছিল। তেওঁৰ চেহেৰাটো মোৰ এতিয়াও মনত আছে। তেওঁ শাৰীখন পিন্ধিছিল বাঙালী বয়সীয়া মানুহে পিন্ধা ধৰণে। তেওঁ বাঙালীয়ে আছিল।

 মোতকৈ তিনিবছৰমানে সৰু ভণ্টী টুলুৰ জন্ম হোৱাৰ পিছত মই হেনো দুৱাৰৰ পিছফালে বহি উচুপি উচুপি কান্দিছিলো। সকলোৱে ভাবিছিল মাৰ কোলাত আন এজনক দেখি মোৰ ঈৰ্ষা ওপজা বাবে কান্দি আছিলো। পিছে কন্দাৰ কাৰণ আছিল বেলেগ। মই হেনো ভাবিছিলো লেডী ডাক্তৰে লগত লৈ অহা চুটকেছটোত টুলুক ভৰাই লৈ আহিছিল, তাই তেওঁৰে জীয়েক। নিষ্ঠুৰ মাকজনীয়ে তাইক আমাৰ ঘৰত এৰি থৈ গ’ল। টুলুৱে বোধহয় কান্দি আছিল, মই ভাবিছিলো মাকক নেদেখি তাই কান্দিছে, মাক আৰু সন্তানৰ যে এৰাব নোৱাৰা সম্পৰ্ক, মুহূৰ্তৰ বাবে মাকক নেদেখিলে যে শিশুৱে নিৰাপত্তাৰ অভাৱ বোধ কৰে সেই ধাৰণা মোৰ মনত জাগি উঠা বাবে কান্দিছিলো। চুটকেছত ভৰাই অনাজনীক ঈশ্বৰে আমালৈ লেডী ডাক্তৰৰ হাতেৰে পঠোৱা বুলি জনাৰ পিছত মোৰ মহা স্ফূৰ্তি, পুতলা হেন ভনী এজনী পোৱা বাবে।

 ধুবুৰীত জন্ম হ’লেও কোকৰাঝাৰৰ আকাশৰ তলত, কোকৰাঝাৰৰ মাটিত কোকৰাঝাৰৰ বায়ু সেৱন কৰি মোৰ জীৱনৰ প্ৰথম তেৰটা বছৰ কটাইছো। তাৰ পিছত পঢ়া-শুনা কৰিবলৈ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৪৯