পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটা বিচাৰি সৰু মাহী কোহিনুৰে আলমাৰিটো চলাথ কৰিলে। কোনোবাটো ফটা, কোনোবাটো দাগ লগা। আনকি কেইদিনমান আগতে মায়ে চিলাই দিয়া ফ্ৰকটোতো চিয়াঁহীৰ দাগ। ফ্ৰককেইটা আনি পাকঘৰত ভাত ৰান্ধি থকা মাক দেখুৱাই মাহীয়ে ক'লে—‘চাচোন বাই, এই আপীটুই কেনকে গোটেইকেইটা চোলাত দাগ লাগাইছে।’ মায়ে ক'লে— ‘তাৰ যাবা নালগে। জংঘলে জংঘলে ঘূৰি ফুৰি চোলাত দাগ লাগাই আহে।’ তেওঁলোকৰ কথা শুনি মই কান্দিবলৈ ধৰিলো। অৱশেষত ঘৰতে থকা বগা অগেণ্ডি কাপোৰেৰে মা আৰু মাহী মোৰ বাবে ফ্ৰক চিলাবলৈ বহিল। যেনেতেনেকৈ চিলোৱা চোলা পিন্ধি চাহাবৰ আগত ওলাবতো নোৱাৰি। আজি ভাবি মই আচৰিত হওঁ ইমান কম সময়ৰ ভিতৰত মাহীয়ে কেনেকৈ বেজি সুতাৰে ফ্ৰকটোত হানিকম্ব ডিজাইন কৰিলে আৰু মায়ে ফ্ৰকটো ধুনীয়াকৈ চিলালে।

 ষ্টেচনলৈ গৈ দেখিলো প্লেটফৰ্মত ভৰি থবলৈ ঠাই নাই। লোকে লোকাৰণ্য। সকলোৰে গন্তব্যস্থল ফকিৰাগ্ৰাম, উদ্দেশ্য বিমান দৰ্শন কৰি জীৱন সাৰ্থক কৰা। পিছে ভিৰ দেখি ধাৰণা হ’ল ট্ৰেইনত উঠা অসম্ভৱ। সৰু ষ্টেচন, গাড়ী ৰয় মাত্ৰ দুমিনিট। ষ্টেচন মাষ্টাৰজনে গাড়ী ৰখাই হ’লেও আমাক তুলি দিয়াৰ দায়িত্ব ল’লে। উত্তেজনাত তেতিয়া আমাৰ বুকু ঢিপ্লিং ঢিপ্লিং কৰিবলৈ ধৰিলে। নিলগত ট্ৰেইনৰ ইঞ্জিনটো দৃষ্টিগোচৰ হোৱাত আনন্দত ইজনীয়ে সিজনীক সাবটি ধৰিলো। আৰু মুঠে আধা ঘণ্টামান পিছত চৰাইৰ দৰে আকাশেৰে উৰি যোৱা আচৰিত বস্তু এটা দেখিম! ট্ৰেইনখন আহি প্লেটফৰ্ম পালে। ঠেলা-হেঁচা আৰম্ভ হৈছে। ইফালে ডবাবোৰত তিল ধাৰণৰ ঠাই নাই। ষ্টেচন মাষ্টৰজনে ঠেলি-হেঁচি আমাৰ বাবে অলপ ঠাই যোগাৰ কৰিছিলহে, এনেতে কোনোবা এজনে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে—‘উৰুক্কল চইল্যা গেছে। চইল্যা গেছে। যাইয়া লাভ নাই৷’ ‘উৰুক্কল’ মানে উৰি যোৱা কল অৰ্থাৎ মেচিন গুছি গৈছে। ষ্টেচন মাষ্টাৰে আমাক টানি টানি ট্ৰেইনৰ পৰা নমালে। সিদিনাৰ আশাভংগই মনত যি আঘাত দিছিল তাক বহুদিনলৈ পাহৰিব পৰা নাছিলো।


দ্বিতীয় বিশ্বযুদ্ধৰ দিনবোৰ

কবি আতাই শিশুৰ উপযোগী কৰি লিখা চুটি চুটি পদ্যৰ মাজেৰে আমি ভাৰত বুৰঞ্জীখন থুলমূলকৈ জানিছিলো। ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ ছবছৰ জুৰি হোৱা দ্বিতীয় বিশ্বযুদ্ধখনৰ কথা মনত চিৰস্থায়ীকৈ ৰাখিছে এটা বাংলা গানে। ইয়ো আছিল হাতী মাৰি ভুৰুকাত ভৰোৱা এটা ছবছৰীয়া ইতিহাস। তদুপৰি সেই সময়ত দেশৰ অৱস্থা, সমাজৰ অৱস্থা কেনে হৈছিল সেইবোৰৰ বিষয়েও কেইবাখনো গ্ৰামোফ’ন ৰেকৰ্ড ওলাইছিল। মাৰ সৰু ভায়েক প্ৰভাস মামা আছিল সংগীতপ্ৰেমী। নিজেও ভাল গান গাইছিল। তেওঁ সংগ্ৰহ কৰি আনিছিল নানা ধৰণৰ গ্ৰামোফ’ন ৰেকৰ্ড। আজি চিডি এখনত অনেক গান একেলগে ৰেকৰ্ড কৰা হয়। তেতিয়াৰ দিনত কাঁহী এখনৰ সমান ৰেকৰ্ডত শুনিবলৈ পাইছিলো এটা মাত্ৰ গান, দুপিঠিত

৬৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি